• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তামুলপুৰৰ বিধায়ক লেহো ৰাম বড়োৰ মৃত্যুত শোকস্তব্ধ তামুলপুৰবাসী

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জনপ্রিয় নাট নিমাতী কইনা বড়ো ভাষালৈ অনুবাদ কৰিছিল তেওঁ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
May 29, 2021 5:25 pm
lehu
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৫৮ নম্বৰ তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক, বিশিষ্ট সাহিত্য-
সাংস্কৃতিক কৰ্মী লেহো ৰাম বড়োৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে তেওঁৰ গুণমুগ্ধসকল।

উল্লেখ্য যে ১৯৫৮ চনৰ পাহিলা জানুৱাৰীত অবিভক্ত নলবাৰী জিলাৰ ভোলাঝাৰ দেওচুঙা গাঁওত অতি দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা প্ৰয়াত বগাৰাম বড়োৰ পুত্ৰ লেহো ৰাম বড়ো ছাত্র অৱস্থাৰ পৰাই অতি তীক্ষ্ণ বুদ্ধি সম্পন্ন আছিল।

Apply Now

তামুলপুৰক ন কৈ সজাই পৰাই গঢ় দিয়াৰ ক্ষেত্ৰত যি সকল ব্যক্তিৰ ভূমিকা উল্লেখনীয় আছিল, সেই সকল ব্যক্তিৰ ভিতৰত লেহো ৰাম বড়োৰ ভূমিকাও আছিল অন্যতম।
লেহো ৰাম বড়ো তামুলপুত খণ্ড উন্নয়ন বিষয়া হিচাপে কৰ্মৰত হৈ থকা অৱস্থাত ২০০৫ চনত তেওঁৰ নিজস্ব পৰিকল্পনাৰে আটক ধুনীয়াকৈ সাজি উলিয়াইছিল তামুলপুৰৰ মটঙা নদীৰ পাৰত সমূহীয়া বিনোদন ক্ষেত্ৰখন (কেন্দ্ৰ), যিখন ক্ষেত্ৰই তামুলপুৰবাসীক আকৰ্ষণ কৰাৰ উপৰিও দেশী-বেদেশী পৰ্যটককো আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

সুদীৰ্ঘ বছৰ ধৰি নিজৰ কৰ্ম ব্যস্ততাৰ মাজেৰে সময় উলিয়াই বিষ্ণুজ্যোতি জাতীয় বিদ্যালয় , তামুলপুৰ, শংকৰদেৱ বিদ্যা নিকেতন, তামুলপুৰ, পশ্চিম তামুলপুৰ উচ্চ মাধ্যমিক বিদ্যালয়, তামুলপুৰ মহাবিদ্যালয় আদিকে ধৰি কেইবাখনো আগশাৰীৰ শিক্ষানুষ্ঠানত ছাত্র-ছাত্ৰী সকলক ইংৰাজী বিষয়ত পাঠদান কৰাৰ উপৰি কেবা গৰাকীও প্ৰতিভা সম্পন্ন ছাত্র ছাত্ৰীক বিভিন্ন ধৰণৰ গীত মাত শিকাই সাৱলীল ভাৱে সেই গীত সমূহ উপস্থাপন কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল তেওঁ।

আকাশী লিটাৰেৰী ছ’চাইটিৰ উদ্যোগত লেহো ৰাম বড়োৰ বিশেষ প্ৰচেষ্টাত আজি বাৰ বছৰ ধৰি তামুলপুৰত গ্ৰন্থমেলা অনুষ্ঠিত হৈ আহিছে।
অসমৰ এগৰাকী দক্ষ কুইজ মাষ্টাৰ হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা লেহো ৰাম বড়োয়ে অসমৰ আগশাৰীৰ ভ্ৰাম্যমান নাট্যদল বৰদৈছিলা থিয়েটাৰৰ সংগীত উপদেষ্টা হিচাপে কেইবা বছৰো অৰিহনা যোগোৱাৰ উপৰি অসমৰ জনপ্ৰিয় মাহেকীয়া বার্তালোচনী বাৰ্তা পখিলীৰ উপদেষ্টা হিচাপে মৃত্যুৰ আগমুহূৰ্তলৈকে সেৱা আগবঢ়াই আহিছিল।

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জনপ্রিয় নাট নিমাতী কইনাৰ বড়ো ভাষালৈ ৰূপান্তৰ কৰা নিমাতী খইনা আৰু জ্যোতি সংগীতৰ বড়ো ভাষালৈ তৰ্জমা কৰা স্বৌৰাং নামৰ এলবামটোৰ এগৰাকী প্ৰযোজকৰ লেখীয়াকৈ সকলো দিশতে অৰিহণা যোগাই সংস্কৃতি প্ৰেমী ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল।

ক্ৰীড়া জগতৰ লগত জড়িত হৈ তেওঁ ২০০৯ চনৰ পৰা ২০১৩ চনলৈ তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি পদ অলংকৃত কৰিছিল। তেওঁৰ মৃতদেহ আজি দুপৰীয়া তামুলপুৰলৈ লৈ অনা হয় আৰু সম্পূৰ্ণ কোভিড প্ৰট’ক’ল মানি প্ৰশাসন আৰু ৰাজনৈতিক নেতা কৰ্মী, গুণমুগ্ধ লোকৰ উপস্থিতিত কুমাৰীকাটাৰ কালা নদীৰ পাৰত শেষকৃত্য সম্পন্ন কৰা হয়।

শেষকৃত্য সম্পন্ন কৰাৰ পিছত তামুলপুৰ ঘগ্ৰাচ’ক বাকৰিত তেখেতৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী, বিটিচি প্ৰধান প্ৰমোদ বড়ো, মন্ত্ৰী উৰখাও গৌৰা ব্ৰহ্ম, বিধায়ক অশোক সিংহাল, বিটিচিৰ কাৰ্যবাহী সদস্য ৰনেন্দ্ৰ নাৰ্জাৰী, এম চি এল এ বিজিত গৌৰা নাৰ্জাৰী, বিটিচিৰ চৰকাৰী মনোনীত সদস্য হেমন্ত কুমাৰ ৰাভা, বাক্সা জিলা উপায়ুক্ত আয়ুস গাৰ্গ, জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং, তামুলপুৰৰ মহকুমাধিপতি ডাঃ বেদাংগ তালুকদাৰ, অসম সাহিত্য সভাৰ বাৰ্তা সম্পাদক ব্ৰজেন্দ্ৰ নাথ ডেকাকে ধৰি তামুলপুৰৰ বিভিন্ন বিষয়া কৰ্মচাৰী, তামুলপুৰ জিলা ইউপিপিএলৰ নেতা কৰ্মী, বিজেপি নেতা কৰ্মীৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠান- প্ৰতিষ্ঠানে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

মৃত্যুৰ সময়ত তেওঁ দুগৰাকী পুত্ৰ, আত্মীয় স্বজন আৰু অসংখ্য গুণমুগ্ধ ইহসংসাৰত এৰি থৈ যায়।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd