ক’ৰনা মহামাৰীয়ে চলচ্চিত্ৰ জগতখনত প্ৰতিবন্ধকতা আনি দিয়াৰ সময়তেই বিকল্প ব্যৱস্থা হিচাপে ভাৰ্চুৱেল প্লেটফৰ্মত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ পুতলা নাচক চলচ্চিত্ৰৰ মাধ্যমত উজ্জ্বলাই ৰখাৰ প্ৰয়াস অব্যাহত ৰাখিছে অসমৰ চলচ্চিত্ৰ পৰিচালক তথা অধ্যাপক ৰাজেন দাসে।
ৰাজেন দাস পৰিচালিত পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া চলচ্চিত্ৰ “লাইফ ইন্ এ পাপেট” পুণেত অনুষ্ঠিত হোৱা ষষ্ঠ বাৰ্ষিক ছত্ৰপতি শিৱাজী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহ চমুকৈ CSIFF ত শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে নিৰ্বাচিত হোৱা খবৰে ক’ৰনাকালৰ দুঃসময়ৰ মাজতো এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে ৰাজ্যখনলৈ৷
উল্লেখ্য যে মহাৰাষ্ট্ৰৰ বীৰপুৰুষ ছত্ৰপতি শিৱাজীৰ স্মৃতিত উৎসৰ্গিত আৰু বিশ্বৰ IMDB ৰিভিউ তালিকাত শ্ৰেষ্ঠ ১০০ চলচ্চিত্ৰ মহোৎসৱৰ অন্তৰ্গত এই চলচ্চিত্ৰ সমাৰোহখন এইবাৰ ক’ৰণাকালৰ বাবে ভাৰ্চুৱেল প্লেটফৰ্মত কেৱল প্ৰতিযোগিতা শাখাহে অনুষ্ঠিত হৈছে৷
দেশ-বিদেশৰ বহুসংখ্যক ছবিৰ মাজত ৰাজেন দাস পৰিচালিত অসমীয়া চলচ্চিত্ৰ “লাইফ ইন পাপেট”এ তিনিটা শাখাত মনোনয়ন পাবলৈ সক্ষম হৈছিল৷
চুড়ান্ত পৰ্যায়ত “লাইফ ইন্ এ পাপেট”এ শ্ৰেষ্ঠ ছবিৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হোৱাত উৎফুল্লিত হৈ পৰিছে “লাইফ ইন্ এ পাপেট” পৰিয়াল৷
যোৱা ৩০ মে’ত সামৰণি পৰা চলচ্চিত্ৰ সমাৰোহখনৰ শ্ৰেষ্ঠ ছবিৰ “Best Feature Film Award” চাৰ্টিফিকেট বুধবাৰে “লাইফ ইন্ এ পাপেট”ৰ পৰিচালক ৰাজেন দাসক ভাৰ্চুৱেল মাধ্যমত প্ৰদান কৰে মহোৎসৱ কৰ্তৃপক্ষই।
এই সন্দৰ্ভত পৰিচালক ৰাজেন দাসে কয়, “অসমৰ ৰাইজে আগ্ৰহেৰে ৰৈ থকা আৰু বহু মৰম দিয়া চলচ্চিত্ৰ ’লাইফ ইন্ এ পাপেট’ক ঘৰুৱা দৰ্শকৰ সন্মুখত কলাগুৰু বিষ্ণুৰাভা দিৱসৰ প্ৰাকক্ষণতে মুক্তি দিয়াৰ বাবে প্ৰস্তুতি চলাই থকা হৈছিল। কিন্ত ক’ৰনা মহামাৰীয়ে আমাৰ এই যাত্ৰা স্থগিত ৰাখিবলৈ বাধ্য কৰিলে। ক’ৰনাকালৰ পৰিস্থিতি স্বাভাৱিক হ’লেই আমি অসমৰ ৰাইজক ছবিখন উপহাৰ দিম বুলি সাজু হৈ আছো।‘’
তেওঁ লগতে কয়, ‘’কিন্ত অসমৰ পুতলা নাচক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যাতে আমি প্ৰসাৰ কৰিব পাৰো তাৰ বাবে বিকল্প মাধ্যম হিচাপে ভাৰ্চুৱেল প্লেটফৰ্মত চলচ্চিত্ৰ সমাৰোহত যোগদান অব্যাহত ৰাখিছো। শেহতীয়া পুণে CSIFF চলচ্চিত্ৰ সমাৰোহৰ সাফল্য নিশ্চিতভাৱে এই দুঃসময়ৰ মাজত আমাৰ বাবে আশা আৰু প্ৰেৰণাদায়ক বাতৰি৷’’
ছবিখনৰ সংগীত পৰিচালক ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিল্পী তৰালী শৰ্মা আৰু অভিনেত্ৰী আশা বৰদলৈয়েও এই সাফল্যৰ বাবে আনন্দ প্ৰকাশ কৰি এয়া ক’ৰণাকালৰ মাজত ইতিবাচক খবৰ বুলি মন্তব্য কৰিছে৷