কোকৰাঝাৰত দুই ভগ্নীৰ ৰহস্যজনক মৃত্যুৰ ৰহস্য অব্যাহত আছে| অসম আৰক্ষীয়ে তীব্রতৰ অভিযান আৰু তদন্ত অব্যাহত ৰাখিছে আৰু CID আৰু ফৰেনচিকৰ দলেও পৃথক পৃথককৈ ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে |
দেওবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অভয়াখুটিত দুজনী কিশোৰীৰ মৃত্যুৰ পৰিস্থিতিৰ বুজ লোৱাৰ পিছত তদন্ত প্ৰক্ৰিয়া দ্ৰুত গতিত আগবাঢ়িছে।
ইতিমধ্যে আজি Assam State Commission for protection of Child Rights (ASCPCR) ৰ অধ্যক্ষ ডঃ ছুনিতা চাংকাকতিয়েও দুৰ্ভগীয়া পৰিয়ালটোক সাক্ষাৎ কৰে |
সোমবাৰলৈ কোকৰাঝাৰ আৰক্ষীয়ে এই সংক্ৰান্তত ৭ গৰাকীক গ্ৰেপ্তাৰ কৰিছে | তথাপি ফাদিল কৰিব পৰা নাই দুই কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ সম্পূৰ্ণ ৰহস্য।
আনফালে সদৌ ৰাভা ছাত্ৰ সন্থাৰ সহ সাধাৰণ সম্পাদক দীপাংকৰ ৰাভাই এই ঘটনাৰ চি বি আইৰ তদন্তৰ দাবী তুলিছে |
উল্লেখযোগ্য যে কোকৰাঝাৰ চহৰৰ পৰা ১৫ কিলোমিটাৰ নিলগত অৱস্থিত অভয়াখুটি গাওঁত এজোপা আমগছৰ একেটা ডালত দুই কিশোৰী ৰবিথা ৰাভা আৰু সমাইনা ৰাভাৰ চিপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা হৈছিল যোৱা শুকুৰবাৰ দিনা |
ইয়াৰ পিছতে সমগ্ৰ খনতে জিলাতে চাঞ্চল্যৰ সৃষ্টি হৈছিল |