• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক সশ্ৰদ্ধ সোঁৱৰণ

তিলক প্ৰসাদ by তিলক প্ৰসাদ
June 18, 2021 4:14 pm
rup
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নামনি অসমৰ ধুবুৰী জিলাৰ ধুবুৰী চহৰত অৱস্থিত প্ৰসিদ্ধ ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ ভাষা-সাহিত্য চ’ৰা , অসমীয়া বিভাগৰ উদ্যোগত ,ধুবুৰী জিলা সাহিত্য সভাৰ ৰামধেনু উপসমিতি ,মাজুলী উত্তৰ কমলাবাৰী শাখা সাহিত্য সভা আৰু নগাঁও আলিপুখুৰী শাখা সাহিত্য সভাৰ সহযোগত অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক তথা ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড.উপেন্দ্ৰজিত শৰ্মাৰ সঞ্চালনাত গীতে -মাতে -কথাৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱক ৱেৱ সন্মিলনৰ জৰিয়তে এটি সশ্ৰদ্ধ সোঁৱৰণ অনুষ্ঠানৰ আয়োজন কৰা হয়।

অনুষ্ঠানৰ আৰম্ভণিতে শিশুশিল্পী ময়ূৰী শৰ্মা আৰু প্ৰসেন্দ্ৰজিত শৰ্মাই জ্যোতি সংগীত পৰিবেশনেৰে শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই অনুষ্ঠানৰ শুভাৰম্ভণি কৰে ।উদ্দেশ্য ব্যাখ্যা কৰে জিলা সাহিত্য সভাৰ সম্পাদক আজাদ আলী আহমেদে ।

Apply Now

সুন্দৰৰ পূজাৰী জ্যোতিপ্ৰসাদ আগৰৱালাৰ মহান গুণৰাজি সোঁৱৰণ কৰি সভাখন উদ্বোধন কৰে ভোলানাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড.ধ্ৰুৱ চক্ৰৱৰ্তীয়ে ।

শিল্পী গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰি জ্যোতিসংগীত পৰিবেশন কৰে বিশিষ্ট শিল্পী কমল শৰ্মা আৰু মালবিকা ডিহিদাৰে |আজিৰ এই অনুষ্ঠানত মুখ্য বক্তৃতা প্ৰদান কৰে সোণাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা চৰাইদেউ জিলা সাহিত্য সভাৰ সম্পাদক ,বিশিষ্ট গৱেষক -সাহিত্যিক ড.ৰঘুনাথ কাগয়ুংএ।

ww

ভাষণত ড.কাগয়ুংএ জ্যোতিপ্ৰসাদৰ সাহিত্য ,সংস্কৃতিৰ কেতবোৰ ন ন দিশ উন্মোচিত কৰে ।
ড.উপেন্দ্ৰজিত শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত গীতে-মাতে -কথাৰে জ্যোতি স্মৰণ অনুষ্ঠানটোত ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী ক্ৰমে আব্দুল হানিফ খান ,লাভলী শীল ,লিপিকা ইয়াছমিন,ৰাইহানা ইছলাম,ভনিতা দাস,চুলতানা পাৰবীন,তমেজ আলী ,ছৰিফাবেগম,তানিয়া বেগম,ৰিয়া মণ্ডলৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা পাপু বৰা ,ৰূপক অধিকাৰী ড.উমেশ দাস ,জুঁই দাস, ভাৰত দাস ,কল্পনা দাস ,শিশু কবি আৰাধ্যা মৃন্ময় শৰ্মা , প্ৰসেন্দ্ৰজিত শৰ্মা ,ময়ূৰী শৰ্মা আদিয়ে |শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই ভাষণ প্ৰদান কৰে মাজুলী উত্তৰ কমলাবাৰী সাহিত্য সভাৰ সম্পাদক তৃষাৰাণী বৰুৱা ,নগাঁও আলিপুখুৰী সাহিত্য সভাৰ কন্দৰ্প কুমাৰ কলিতা , ধেমাজী জিলা সাহিত্য সভাৰ সম্পাদক ৰঞ্জিত চিৰিং ,ধুবৰী জিলা সাহিত্য সভাৰ ৰামধেনু উপসমিতিৰ কাৰ্যকৰী সভাপতি মিহিৰ দাস ,জিলা সভাপতি তৰণী কান্ত ৰায় ,জিলা মুখপাত্ৰ তিলক প্ৰসাদ আদিয়ে ।
অনুষ্ঠানত বিশিষ্ট শিল্পী ভোলানাথ ৰায়ে গোৱালপৰীয়া লোকগীত পৰিবেশন কৰে ।অনুষ্ঠানত আবৃত্তি কৰা স্বৰিচত কবিতাৰ পৰ্যালোচনা আগবঢ়াই মাজুলী জিলা সাহিত্য সভাৰ ৰামধেনু উপসমিতিৰ আহ্বায়ক কবি শংকু সিদ্ধ নাথ আৰু মাজুলী জিলা কবি সন্মিলনৰ সম্পাদক পাপু বৰাই ।অনুষ্ঠানত ভোলানাথ মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী ,অধ্যাপক -অধ্যাপিকাবৃন্দৰ লগতে সমগ্ৰ অসমৰ দুই শতাধিক লোকে অংশ গ্ৰহণ কৰি মহান শিল্পী গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে ।জাতীয় সংগীত পৰিবেশনেৰে অনুষ্ঠানৰ সামৰণি পৰে ।

ধেমাজি, গোলাঘাট,ধুবুৰী, বিলাসীপাৰা,মাজুলী,নগাঁও, চৰাইদেউ, চাপৰ আদিকে ধৰি অসমৰ অন্যান্য ঠাইৰ পৰা ৱেব মাধ্যমেৰে এই অন্তৰ্শ্পৰ্শি অনুষ্ঠানত অংশ গ্ৰহণ কৰি সাহিত্য প্ৰেমী সকলে অনুষ্ঠানটোৰ আন্তৰিকতাৰে প্ৰশংসা কৰে।

তিলক প্ৰসাদ

তিলক প্ৰসাদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd