• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বেদখলকাৰীৰ কবলত আহোমযুগীয়া বহুকেইটা গড়, নিৰ্বিকাৰ চৰকাৰ

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
June 27, 2021 3:59 pm
covid-vaccine-mixing
235
VIEWS
Share on FacebookShare on Twitter

ৰাজ‍্যৰ ঐতিহাসিক সমলবোৰ ৰক্ষাৰ বাবে আছে চৰকাৰী বিভাগ। কিন্তু চৰকাৰী অনিহা আৰু স্থানীয় ৰাইজৰ সচেতনতাৰ অভাৱে এতিয়া ঐতিহাসিক সমলসমূহৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। যাৰ ফলস্বৰূপে এতিয়া নিচিহ্ন হোৱাৰ পথত কলিয়াবৰৰ পূব প্ৰান্তত কাজিৰঙাৰ গাতে লাগি থকা ৰাঙলু গড়।

আহোমৰ ৰণথলীৰূপে প্ৰতিৰক্ষাৰ দিশৰে নিৰ্মাণ কৰা কলিয়াবৰত আহোম যুগীয়া বহুকেইটা গড় এতিয়া বেদখলকাৰীৰ কবলত। কলিয়াবৰত থকা আহোম যুগতে স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত নিৰ্মিত ঐতিহাসিক ৰাঙলু গড় বৰ্তমান অস্তিত্বৰ সংকটত।

৩৭ নং ৰাষ্ট্ৰীয় পথৰ প্ৰায় গাতে লাগি থকা জখলাবন্ধাৰ সমীপৰ এই গড়টো বিগত সময়ছোৱাত স্থানীয় লোকেও ক্ষতিসাধন কৰিছে।

গড়টোৰ দুয়োকাষে বিস্তৃত খেতিপথাৰৰ পানী বোৱাই নিয়াৰ বাবে গড়টোৰ এটা অংশ কাটি পেলোৱাৰ পাছতো ৰাজ‍্যৰ প্ৰত্নতত্ব বিভাগৰ চকুত নপৰিল।

dog
*

তদুপৰি ভাৰতীয় তেল নিগমৰ ১৯৬২ চনত নাহৰকটীয়াৰ পৰা নুনমাটি তেল শোধনাগাৰলৈ খাৰুৱা তেল পৰিবাহী পাইপলাইন এই গড়টোৰ মাজেৰে পাৰ কৰি নিয়াৰ পাছতো এক বহৎ অংশ ইতিপূৰ্বেই কাটি পেলাইছিল।

পৰৱৰ্তী সময়ত ১৯৬৪ চনত বাৰাউনীলৈ বৰ্দ্ধিত কৰা এই পাইপলাইন কিছুদিনৰ পূৰ্বে মেৰামতি কৰাৰ গইনা লৈ গড়টোৰ পূৰ্বতকৈ পুনৰ বহলকৈ কাটি পেলাইছে।

এইবাৰো পূৰ্বৰ দৰে গড়টো তেনেকৈয়ে মেৰামতি নকৰাকৈয়ে ভাৰতীয় তেল নিগমে দায়িত্ব সামৰে।
উল্লেখযোগ‍্য যে, এই পাইপলাইনৰ সমীপতে আছে ভাৰতীয় তেল নিগমৰ পাম্পিং ষ্টেছন।

গড়টোৰ অস্তিত্ব প্ৰতি কঢ়িয়াই অনা ভাবুকিৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা। কলিয়াবৰ ছাত্ৰ সন্থাই এই বিষয় লৈ অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষ তথা তেল নিগম কৰ্তৃপক্ষক অনতি পলমে গড়টোৰ কাটি পেলোৱা স্থান সোনকালে মেৰামতি কৰিবলৈ দাবী জনায়।

আনহতে, ঐতিহাসিক গড়টোৰ গাতে লাগি থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্য‍্যটকৰ বাবে এই গড়টো অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱাৰ থল আছে বুলি স্থানীয় সচতন মহলে মন্তব্য কৰিছে।

উল্লেখযোগ‍্য যে, আহোম শাসন কালত সামৰিক সুৰক্ষাৰ দিশেৰে অতিকৈ গুৰুত্বপূৰ্ণ কলিয়াবৰৰ আন বহুকেইটা গড় এতিয়া অস্তিত্বৰ সংকটত।

Recent News

অৱসৰৰ পাছতো মুখ্য ন্যায়াধীশৰ বাসগৃহ খালী কৰা নাই প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে! উচ্চতম ন্যায়ালয়ে কেন্দ্ৰলৈ প্ৰেৰণ কৰিলে পত্ৰ

অৱসৰৰ পাছতো মুখ্য ন্যায়াধীশৰ বাসগৃহ খালী কৰা নাই প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে! উচ্চতম ন্যায়ালয়ে কেন্দ্ৰলৈ প্ৰেৰণ কৰিলে পত্ৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd