• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মূল্যহীন মাৰ্কশ্বীট! পৰীক্ষাৰ ফলাফল ঘোষণাৰ নাটক নকৰিবলৈ আহ্বান দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 2, 2021 12:40 pm
Dharmakanta Gogoi-Ranoj pegu
434
VIEWS
Share on FacebookShare on Twitter

শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে বৃহস্পতিবাৰে দশম আৰু দ্বাদশ শ্ৰেণী পৰীক্ষাৰ ফলাফল ঘোষণা সম্পৰ্কত প্ৰকাশ কৰা নীতিক লৈ এতিয়া ৰাজ্যৰ বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে এক বিবৃতিযোগে চৰকাৰক এনে ছাত্ৰ-ছাত্ৰী বিৰোধী নীতি পৰিহাৰ কৰিবলৈ আহ্বান জনাই কয় যে চৰকাৰে মাৰ্কশ্বীটখনক বৈধতা প্ৰদান কৰক, অন্যথা ফলাফল ঘোষণাৰ নাটক নকৰিব।

বৃহস্পতিবাৰে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰা নীতি অনুসৰি এই বছৰৰ ফলাফল কেৱল নামভৰ্তিৰ বাবেহে প্ৰযোজ্য হ’ব। এই বৰ্ষৰ কোনো ছাত্ৰ-ছাত্ৰীয়ে যদি ভৱিষ্যতে চৰকাৰী চাকৰি কৰিব বিচাৰে তেনেহ’লে তেওঁলোকে পুনৰ পৰীক্ষাত বহিব লাগিব।

শিক্ষামন্ত্ৰীৰ এনে ঘোষণাৰ পাছতে স্বাভাৱিকতে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰকৃততে চৰকাৰৰ উদ্যোগত গ্ৰহণ কৰা এই নীতি এক টোগলকী নীতি হিচাপেহে পৰগণিত হ’বলৈ আগবাঢ়িছে।

দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে কয় যে ফলাফল দিব, কিন্তু সেই ফলাফলৰ একো ভৱিষ্যত নাথাকিব। অৰ্থাৎ ঘোষিত ফলাফলৰ মাৰ্কশ্বীটে ছাত্ৰ-ছাত্ৰী সকলক কোনো ফলাফল বা লাভালাভ নিদিব।

তেনেহ’লে এনে ফলাফল ঘোষণা কৰাৰ কাৰণ কি? বুলিও প্ৰশ্ন কৰে গগৈয়ে।

দশম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ মাৰ্কশ্বীটখন অতি প্ৰয়োজনীয় তথা গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি ধৰ্মকান্ত গগৈয়ে কয় যে  এই নম্বৰ সমূহে যিকোনো চাকৰি বা প্ৰতিযোগিতামূলক পৰীক্ষা সমূহত বিশেষ ভুমিকা গ্ৰহণ কৰে।

চৰকাৰৰলৈ গগৈৰ প্ৰশ্ন, তেনেহ’লে ২০২১ বৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ্থীসকলক ফলাফলৰ নামত মাত্ৰ এখন উকা কাগজ দিয়া হ’ব কিয়?

তেওঁ শিক্ষা বিভাগ আৰু চৰকাৰলৈ দাবী জনাই কয় যে চৰকাৰে ঘোষিত হ’বলগীয়া ফলাফলৰ ভিত্তিত প্ৰদান কৰিবলগীয়া মাৰ্কশ্বীটখনক বৈধতা প্ৰদান কৰক।

Recent News

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd