কাইলৈ অৰ্থাৎ ১২ ছেপ্টেম্বৰত অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা ৰাজ্যখনৰ ৩১ খন জিলাৰ মুখ্য সদৰত অনুষ্ঠিত হ’ব।
কোভিড পৰিস্থিতিৰ মাজতেই কাইলৈ অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হ’ব।
APSC Exam 2021 , 12 Sept 2021 পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া ৩১ খন জিলা সদৰ হ’ল ক্ৰমে- বিশ্বনাথ চাৰিআলি, বঙাইগাঁও, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিফু, গোৱালপাৰা, গোলাঘাট, হাফলং, হামৰেন, হাটশিঙিমাৰী, হোজাই, যোৰহাট, কাজলগাওঁ, কৰিমগঞ্জ, কোকৰাঝাৰ, মাজুলী, মঙ্গলদৈ, মৰিগাঁও, মুছলপুৰ, নগাওঁ, নলবাৰী, নৰ্থ লখিমপুৰ, শিলচৰ, শিৱসাগৰ, সোনাৰী, তেজপুৰ, তিনিচুকীয়া, ওদালগুৰি আৰু গুৱাহাটী।
উক্ত পৰীক্ষাৰ বাবে প্ৰাৰ্থীসকলৰ আবেদন আৰু ই-নামভৰ্তি প্ৰমাণপত্ৰৰ স্থিতি ৱেবছাইটত আপলোড কৰা হ’ব। ৱেবছাইটতো হ’ল- www.apsc.nic.in।
প্ৰাৰ্থীসকলক বিভিন্ন শ্ৰেণীৰ ৩৩১ টা পদত নিযুক্তিৰ বাবে এই পৰীক্ষা অনুষ্ঠিত কৰা হৈছে। মুঠ ৭৬০৭১গৰাকী প্ৰাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হ’ব।
অসম লোকসেৱা আয়োগে ইতিমধ্যে এই পৰীক্ষা আৰু সাক্ষাৎকাৰত অৱতীৰ্ণ হ’বলগীয়া প্ৰাৰ্থীসকলৰ বাবে কোভিড নিৰ্দেশনা প্ৰকাশ কৰিছে।
আয়োগে পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া প্ৰাৰ্থীসকলৰ বাবে মাস্ক, ফেচ শ্বিল্ড আৰু হেণ্ড গ্ল’ভছ বাধ্যতামূলক কৰিছে। প্ৰাৰ্থীসকলক ৬০মি:লি: এটা হেণ্ড ছেনিটাইজাৰৰ বটল লগত নিয়াৰ বাবেও অনুমতি দিয়া হ’ব।
লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱা সকলো প্ৰাৰ্থীয়ে লগত আৰটি-পিচিআৰ নেতিবাচক প্ৰতিবেদন আনিব লাগিব। কমেও কোভিড-১৯ ভেকচিনৰ এটা ড’জ লোৱা প্ৰাৰ্থীসকলে এই ৰিপ’ৰ্ট নানিলেও হ’ব। অৱশ্যে সেইসকল প্ৰাৰ্থীয়ে লগত ভেকচিনৰ প্ৰমান পত্ৰৰ হাৰ্ড কপি এটা লগত আনিব লাগিব।
আনহাতে, আয়োগে দিয়া নিৰ্দেশাৱলী অনুসৰি প্ৰাৰ্থীসকলৰ আৰটি-পিচিআৰ ৰিপ’ৰ্ট ৭২ঘন্টাৰ ভিতৰৰ হ’ব লাগিব আৰু ৰেপিড এন্টিজেন টেষ্ট হ’লে ৪৮ঘন্টাৰ ভিতৰত কৰা হ’ব লাগিব।