• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২৭ ছেপ্টেম্বৰৰ ভাৰত বন্ধলৈ সমৰ্থন মটৰ শ্ৰমিক যৌথ মঞ্চৰ

কৃষক বিৰোধী আৰু শ্ৰমিক বিৰোধী নীতিৰ বিৰোধিতা কৰিবলৈ ৰাইজলৈ আহ্বান

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
September 26, 2021 5:18 pm
372
VIEWS
Share on FacebookShare on Twitter

২৭ ছেপ্টেম্বৰত দেশৰ প্ৰায় সৰু বৰ পাঁচশ কৃষক সংগঠনৰ যুটীয়া মঞ্চ ‘সংযুক্ত কিষাণ মৰ্চা’ ই আহ্বান জনোৱা ভাৰত বন্ধলৈ অসমৰ সকলোবোৰ মটৰ শ্ৰমিক সংগঠনক প্ৰতিনিধিত্ব কৰা ‘মটৰ শ্ৰমিক যৌথ মঞ্চ ‘ ই পূৰ্ণ সমৰ্থন আগবঢ়াইছে ৷

লগতে উক্তদিনা ভাৰত বন্ধৰ সমৰ্থনত অসমৰ মটৰ শ্ৰমিকসকলেও সৰ্বাত্মক বন্ধ ঘোষণা কৰিছে ৷

এই বন্ধলৈ সমৰ্থন জনাই বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত মটৰ শ্ৰমিক ইউনিয়নসমূহৰ যৌথ মঞ্চৰ তৰফৰ পৰা এখন সংবাদ মেলৰ আয়োজন কৰে ৷

সংবাদ মেলত অল ইণ্ডিয়া ৰোড ট্ৰেন্সপোৰ্ট ৱাৰ্কাচ ফেডাৰেচনৰ অসম ৰাজ্যিক কমিটিৰ কাৰ্যকৰী সভাপতি হৰেশ্বৰ দাসে কয় যে পুনৰ দেশবাসী ৰাইজে তথা অসম আৰু বঙাইগাঁৱৰ শ্ৰমজীৱি মানুহে আৰু এক বন্ধ পালনৰ পিনে গৈ আছে ৷

অহা ২৭ ছেপ্টেম্বৰত ২৪ ঘণ্টীয়া সৰ্বাত্মত ধৰ্মঘট৷ কাৰণটো হ’ল যে বিতৰ্কিত তিনিখন কৃষক বিৰোধী আইন বাতিলৰ দাবীত দিল্লীৰ ৰাজপথত কেবা লক্ষ কৃষকে ধৰ্ণা দি থকা আজি তিনিশ দিন অতিক্ৰম কৰিলে যদিও চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷

যাৰ ফলত ছয় শতাধিক কৃষক সংগঠনৰ যুটীয়া মঞ্চ ‘সংযুক্ত কিষাণ মৰ্চা’ৰ তৰফৰ পৰা এই বিতৰ্কিত কৃষি আইন তিনিখন বাতিলৰ দাবীত ভাৰত বন্ধৰ আহ্বান জনাইছে ৷

আমি অল ইণ্ডিয়া ৰোড ট্ৰেন্সপোৰ্ট ৱাৰ্কাচ ফেডাৰেচনকে আৰম্ভ কৰি বিভিন্ন ইউনিয়নে অনুভৱ কৰিছো যে আমিও এই বন্ধৰ সহযোগী হোৱা উচিত ৷ আমি ভাৰত বন্ধ দিয়া নাই ৷ কিন্তু আমি অনুভৱ কৰিছো যে এই ভাৰত বন্ধ কেৱল কৃষকৰ কাৰণে নহয় আৰু তেওঁলোকৰ স্বাৰ্থত নহয় ৷ শ্ৰমজীৱি মানুহ আৰু শ্ৰমিক শ্ৰেণীৰো অত্যন্ত প্ৰয়োজন ৷ কাৰণ আজি শ্ৰমিক শ্ৰেণীয়ে নিজৰ অধিকাৰ হেৰুৱাই আছে ৷

তাৰোপৰি পেট্ৰোল – ডিজেলৰ যি মূল্যবৃদ্ধি আকাশলংঘী হৈছে ৷ সাধাৰণ বস্তুৰ দাম জুই ছাই হৈছে ৷ সেইদৰে মটৰ পৰিবহনৰ লগত জড়িত গৰাকী আৰু শ্ৰমিকসকল ক’ভিডৰ সময়ছোৱাত আটাইতকৈ আক্ৰান্ত হৈছে ৷ গাড়ী বন্ধ ৰাখিবলগীয়া হৈছে ৷ পৰৱৰ্তী সময়ত এছ অ পি প্ৰকাশ কৰি অটো চলাবলৈ দিছে ,ট্ৰাক চলাবলৈ দিছে ক’ভিড বিধি মানি ৷ তিনিজনতকৈ অধিক যাত্ৰী উঠালে জৰিমনা ৷কিন্তু পেট্ৰোল- ডিজেলৰ মূল্য হ্ৰাস নকৰিলে ৷

যাৰ ফলত লোকচানৰ সন্মুখীন হ’বলগীয়া হয় ৷ একেধৰণে ইন্সুৰেঞ্চ, পাৰ্মিট , লাইচেন্স , ৰোড টেক্স আদি প্ৰতিটো ক্ষেত্ৰতে এই চৰকাৰে কৰবিলাক আটাইতকৈ অধিক হাৰত বৃদ্ধি কৰিছে ৷ যাৰ ফলত লঘু বাহনৰ গৰাকী আৰু চালক – হেণ্ডিমেনে কৰ্মসংস্থাপনৰ সমস্যাত ভুগিছে ৷ চৰকাৰৰ যিটো নীতি এই নীতিৰ বিৰোধিতা কৰাৰ বাহিৰে আৰু আন কোনো উপায় নাই ৷ সেয়ে আমিও অহা ২৭ ছেপ্টেম্বৰৰ ভাৰত বন্ধত চামিল হ’ম ৷

লগতে আমি অসম তথা বঙাইগাঁওবাসী ৰাইজক উক্তদিনা কাৰ্যালয় , দোকান- পোহাৰ , যান – বাহনৰ চলাচল বন্ধ ৰাখি চৰকাৰৰ যি কৃষক বিৰোধী , শ্ৰমিক বিৰোধী নীতি সেই নীতিক বিৰোধিতা কৰিবলৈ আহ্বান জনালো ৷

আনহাতে সংবাদ মেলত উপস্থিত থকা অল ইণ্ডিয়া ৰোড ট্ৰেন্সপোৰ্ট ৱাৰ্কাচ ফেডাৰেচনৰ অসম ৰাজ্যিক কমিটিৰ সভাপতি মথুৰা দাসে কয় যে এই ভাৰত বন্ধলৈ দেশৰ বৃহৎ বৃহৎ শ্ৰমিক ইউনিয়নসমূহেও সমৰ্থন জনাইছে ৷ ৰে’ল , বেংক , এল আই চি আদি শিল্পৰ ইউনিয়নসমূহে সমৰ্থন জনোৱাৰ লগতে নিজস্ব কিছুমান দাবীও এই বন্ধৰ লগত উত্থাপন কৰিছে ৷ সেইদৰে অসমৰ সকলোবোৰ মটক শ্ৰমিক সংগঠনক প্ৰতিনিধিত্ব কৰা মটৰ শ্ৰমিক যৌথ মঞ্চইও এই বন্ধক সমৰ্থন দিছো আৰু সৰ্বাত্মক বন্ধ ঘোষণা কৰিছো ৷

লগতে কেইটামান নিজস্ব দাবী উত্থাপন কৰিছো ৷ মটৰ শ্ৰমিক যৌথ মঞ্চই ৰাজ্য চৰকাৰে ঘোষণা কৰা মতে ক’ভিডৰ সময়ত ক্ষতিগ্ৰস্ত সকলো মটৰ শ্ৰমিকলৈ ১০ হাজাৰ টকাকৈ এককালীন সাহাৰ্য আদায় দিয়াৰ লগতে ক্ষতিগ্ৰস্ত সৰু বৰ পৰিবহন মালিকসকলোকো সাহাৰ্য দিয়াৰ ব্যৱস্থা কৰা , বিদ্যুৎ সংশোধনী বিল বাতিল কৰা , শ্ৰমিবিৰোধী শ্ৰম সংহিতা বাতিল কৰা ,শ্ৰমিকৰ ন্যূনতম মজুৰি মাহিলী ২১ হাজাৰ টকা ধাৰ্য কৰা ,ৰাজহুৱা খণ্ডৰ কল- কাৰখানা আদি ব্যক্তিগতকৰণ বন্ধ কৰা, কৃষি পণ্যৰ ন্যূনতম সহায়ক মূল্যৰ নিশ্চয়তা প্ৰদান কৰা , কৃষক বিৰোধী কৃষি আইন বাতিল কৰা, ক’ভিড কালৰ পৰিবহন সমূহত ৰোড টেক্স ৰেহাই দিয়াৰ লগতে বীমাৰ সময় বৃদ্ধি কৰা আৰু অসম চৰকাৰৰ প্ৰস্তাৱিত আৰু অসম বিধান সভাৰ বাজেট অধিৱেশনত উল্লেখিত অসমৰ মটৰ শ্ৰমিকৰ বাবে এখন কল্যাণ আইন অতিশীঘ্ৰে প্ৰৱৰ্তন কৰা আদি দাবী উত্থাপন কৰা হৈছে ৷

সভাপতি গৰাকীয়ে ২৭ ছেপ্টেম্বৰত সমগ্ৰ অসমৰ লগতে বঙাইগাঁওবাসী ৰাইজকো সকলো ধৰণৰ বাছ ,মিনি বাছ ,সকলো ধৰণৰ ট্ৰাক ,ডাম্পাৰ , ট্ৰেক্টৰ ,অটো, ই- ৰিক্সা আদি বন্ধ ৰাখি বন্ধ সফল কৰি তুলিবলৈ আব্বান জনায় ৷ সংবাদ মেলত ট্ৰাক শ্ৰমিক ইউনিয়নৰ সম্পাদক ৰহমান আলীয়ে অভিযোগ কৰি কয় যে এফ চি আইৰ অধীনত চলা ট্ৰাকসমূহৰ চালকসকলৰ উন্নয়নৰ বাবে চালকসকলৰ পৰা সংগ্ৰহ কৰা ধন বিগত চাৰি মাহ মান ধৰি এফ চি আইৰ ঠিকাদাৰ আৰু তেওঁৰ কৰ্মচাৰী কৃষ্ণ ৰায় আৰু কৃষ্ণ মণ্ডলে বন্ধ কৰি ৰাখিছে ৷

প্ৰতিখন ট্ৰাকৰ পৰা বিভিন্ন সংগঠনৰ নামত ১২ শ টকাকৈ ধন সংগ্ৰহ কৰি আছে যদিও ইউনিয়নক নিদি আত্মসাৎ কৰি আছে ৷

ইউনিয়নৰ তৰফৰ পৰা দিবলৈ অনুৰোধ জনোৱাত প্ৰশাসনৰ ভাবুকি দেখুৱাই আহিছে৷ সেয়ে ইউনিয়নে জিলা প্ৰশাসনক এই সমস্যাটো অতিশীঘ্ৰে সমাধান কৰি দিবলৈ অনুৰোধ জনায় ৷ অন্যথা ইউনিয়নে ট্ৰাক বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলিও হুংকাৰ দিয়ে ৷ সংবাদ মেলত মটৰ মালিক সন্থাৰ বিষয়ববীয়া আদিও উপস্থিত থাকে ৷

Recent News

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd