Finisher is Back কেপ্টেইন কুল হিচাপে পৰিচিত মহেন্দ্ৰ সিং ধোনীয়ে পুনৰ এবাৰ প্ৰমান কৰিলে যে তেওঁৰ সেই পুৰণি ‘কৰিস্মা’ এতিয়াও শেষ হৈ যোৱা নাই।ঋতুৰাজ গাইকোৱাড আৰু ৰবীন উত্থাপাৰ দুৰ্দান্ত বেটিং আৰু শেষ মুহূৰ্তত ফিনিছাৰ ধোনীৰ সৌজন্যতে চেন্নাই ছুপাৰ কিংছে ৪ উইকেটত পৰাজিত কৰে দিল্লী কেপিটেলছক।
দিল্লীক হৰুৱাই চেন্নাইয়ে এইদৰে আইপিএল-২০২১ৰ ফাইনেলত প্ৰৱেশ কৰিলে। দুটা বল খেলিবলৈ বাকী থকাৰ সময়তে দিল্লীৰ ১৭৩ৰাণৰ লক্ষ্য অতিক্ৰম কৰে চেন্নাইয়ে।
টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছিল চেন্নাইৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে।
দিল্লীৰ অপেনাৰ পৃথ্বী শ্ব’ই আৰম্ভণিৰ পৰাই আক্ৰমণাত্মক ভংগীৰে খেলে যদিও আনগৰাকী অপেনাৰ শিখৰ ধাৱানে ৭ৰাণ কৰি আৰু তিনি নম্বৰত বেটিং কৰিবলৈ নমা শ্ৰেয়াস আয়াৰে ১ৰাণ কৰিয়েই আউট হৈ যায়।
অক্ষৰ পেটেলে ১১টা বলত ১০ৰাণ কৰি আউট হয়। আনটো দিশত পৃথ্বী শ্ব’ই নিজস্ব ভংগীমাৰে বেটিং অব্যাহত ৰাখে। অৱশেষত ৭টা চাৰি আৰু ৩টা ছয়ৰে মাত্ৰ ৩৪টা বলত ৬০ৰাণ কৰি পেভলিয়নলৈ ওভতে শ্ব’।
Also Read: Drunk & Hit Case: গ্ৰেপ্তাৰ হ’ল, জামিনো পালে ডাঃ নৱনীল বৰুৱাই; কেনেদৰে আগবাঢ়িব তদন্ত?
ইয়াৰ পাছত হেটমেয়াৰ আৰু ঋষব পন্টে বেটিঙত ধুমুহাৰ সৃষ্টি কৰে। দুয়োজনে ৮৩ৰাণৰ যুটী গঢ়ে। ইয়াৰ ওপৰত ভিত্তি কৰিয়েই দিল্লীয়ে নিৰ্দিষ্ট ২০ অভাৰত ১৭২ৰাণ কৰে।
হেটমেয়াৰে ২৪টা বলত ৩৭ৰাণ কৰি আউট হয় যদিও পন্টে ৩৫টা বলত ৩টা ছয় আৰু ২টা চাৰিৰ সহায়ত ৫৫ৰাণৰ দুৰ্দান্ত ইনিংছ খেলি অপৰাজিত হৈ থাকে।
প্ৰত্যুত্তৰত বেটিং কৰিবলৈ নামি আৰম্ভণিতেই ডুপ্লেছিছৰ উইকেট হেৰুৱাই চেন্নাইয়ে। তাৰপাছতে ঋতুৰাজ গাইকোৱাড আৰু ৰবীন উত্থাপাই দুৰ্দান্ত বেটিং কৰি দিল্লীৰ বলিং তচনচ কৰি দিয়ে।
উত্থাপাই মাত্ৰ ৪৪টা বলত ৬৩ৰাণ কৰি আউট হয়। উত্থাপাৰ আউটৰ পাছত চেন্নাই কিছু চাপত পৰে। তাৰপাছতে ৫০টা বলত ৭০ৰাণ কৰি পেভলিয়নলৈ ওভতে ঋতুৰাজো।
Also Read:অৰ্থৰ জোৱাৰ! টি-২০ বিশ্বকাপৰ পুৰষ্কাৰৰ ধনৰাশি ঘোষণা কৰিলে ICCএ
কিন্তু পুনৰ এবাৰ সংকট মোচকৰ ৰূপত আৱিৰ্ভাৱ ঘটে কেপ্টেইন কুল মহেন্দ্ৰ সিং ধোনী। অন্তিম অভাৰত চেন্নাইক প্ৰয়োজন হৈছিল ১৩ৰাণৰ। আনকি প্ৰথমটো বলত মঈন আলীক আউট কৰি টম কুৰানে হেট্ৰিকৰ পথত আগবাঢ়িছিল।
ইয়াৰ পাছতে দৰ্শকে দেখিবলৈ পায় ধোনী মেজিক। বাকী তিনিটা বলত জয়ৰ বাবে প্ৰয়োজনীয় ৰাণ সংগ্ৰহ কৰে। ধোনীয়ে চিৰপৰিচিত ভংগীমাৰে বাউণ্ডেৰী মাৰি দলক বিজয় আনি দিয়ে। মাত্ৰ ৬টা বলত ১২ ৰাণ কৰি অপৰাজিত থাকে ধোনী।
এইদৰে চেন্নাইয়ে নৱমবাৰৰ বাবে আইপিএলৰ ফাইনেলত প্ৰৱেশ কৰে। ইপিনে, দিল্লীয়ে ফাইনেল খেলাৰ সুযোগ এতিয়াও শেষ হৈ যোৱা নাই। আৰচিবি আৰু কেকেআৰৰ মাজৰ বিজয়ী দলটোৰ সৈতে কোৱালিফায়াৰ –টু’ত খেলিব দিল্লীয়ে।