• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতে এক বিলিয়ন ক’ভিড-১৯ প্ৰতিষেধকৰ পালি প্ৰদান সম্পূৰ্ণ কৰাত ইউনিচেফ ইণ্ডিয়াৰ আদৰণি

ইউনিচেফ ইণ্ডিয়াৰ হৈ ডঃ য়াছমিন আলী হকৰ উচ্চ প্ৰশংসা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 22, 2021 7:53 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতে এতিয়ালৈকে ক’ভিড-১৯ প্ৰতিষেধকৰ এক বিলিয়ন পালিৰ প্ৰদান কৰি মাইলৰ খুঁটিত উপনীত হোৱাত ইউনিচেফ ইণ্ডিয়াই ভাৰত চৰকাৰক অভিনন্দন জনাইছে৷

ইউনিচেফ ইণ্ডিয়াৰ হৈ ডঃ য়াছমিন আলী হকে ভাৰতৰ এনে সাফ্যলত আনন্দ প্ৰকাশ কৰাৰ লগতে এক বিবৃতিত এনেদৰে কৈছে— ‘ভাৰতৰ দৰে বিশাল আৰু বৈচিত্ৰময় দেশত এবছৰতকৈও কম সময়ৰ বিভিন্ন পৰিবহণ-মজুতকৰণৰ সমস্যাৰ পিছতো ১ বিলিয়ন পালি প্ৰতিষেধক প্ৰদান কৰা কাৰ্য এক বৃহৎ সাফল্য৷ যিহেতু ভাৰতীয় পৰিয়ালসমূহে শেহতীয়া ক’ভিড-১৯ বিধ্বংসী লহৰৰ পৰা স্বাভাৱিক অৱস্থালৈ আহিছে, তেনে সময়ত বহুতৰ বাবে এই মাইলৰ খুঁটি হৈছে এক আশা’৷

Apply Now

‘যোৱা কেইমাহমানৰ পৰা, আমি দেশৰ প্ৰতিটো প্ৰান্তত টিকাকৰণ ত্বৰান্বিত কৰাৰ বাবে স্বাস্থ্য কৰ্মীসকলক চব্বিশ ঘণ্টা কাম কৰা দেখিছোঁ৷ বহুতে লোকসকলক টিকাকৰণ কৰিবলৈ দুৰ্গম অঞ্চলত ভ্ৰমণ কৰিছিল, যাৰ ভিতৰত আছে আটাইতকৈ দূৰৱৰ্তী আৰু দুৰ্গম এলেকা৷ আমি স্বাস্থ্য কৰ্মীসকলৰ প্ৰতিজনৰ কৰ্মস্পৃহা আৰু কঠোৰ শ্ৰমক অভিবাদন জনাইছো৷ তেওঁলোক আৰু বিজ্ঞানী, চিকিৎসক, প্ৰস্তুতকাৰী সংস্থা, নীতি নিৰ্ধাৰণকাৰী আৰু স্বাস্থ্য ব্যৱস্থাপকসকলৰ সমৰ্পণ অবিহনে, আমি এই মাইলৰ খুটিত উপনীত হ’ব নোৱাৰিলোহেঁতেন৷ ’

‘ইউনিচেফে বৈদ্যুতিক শীতলীকৰণ সঁজুলি ক্ৰয় আৰু যোগান ধৰি এই প্ৰচেষ্টাবোৰত সহযোগ কৰিছে, যাৰ ভিতৰত আছে ৱাক-ইন কুলাৰ, ফ্ৰীজাৰ, বৰফযুক্ত ৰেফ্ৰিজেৰেটৰ, আৰু দীপ ফ্ৰীজাৰ৷ আমি ৪২০,০০০ তকৈও অধিক শীতলকৃত বাকচ আৰু ‘ভেকছিন কেৰিয়াৰ’ যোগান ধৰিছিলো৷’

‘সংকট যোগাযোগ আৰু সম্প্ৰদায়ৰ সঁহাৰিৰ অংশ হিচাপে, ইউনিচেফে ৰাষ্ট্ৰীয় যোগাযোগ অভিযানৰ জৰিয়তে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ক সক্ৰিয়ভাৱে সহযোগ কৰি আহিছে যাতে ক’ভিড-১৯ প্ৰতিৰোধৰ প্ৰক্ৰিয়াৰ প্ৰচাৰ ব্যাপক আৰু ভাৰতৰ প্ৰতিষেধক অভিযান দ্ৰুত হয়৷ আমি ক’ভিড-১৯ টিকাকৰণৰ বিষয়ে সজাগতা সৃষ্টি কৰা আৰু মানুহৰ মাজত ইয়াক গ্ৰহণ কৰাৰ বাবে ব্যাপক প্ৰচাৰ চলাইছো৷ ভুল তথ্য আৰু ভুৱা বাতৰিৰ প্ৰতিহত কৰিবলৈ ৰিয়েল টাইম মিডিয়া নিৰীক্ষণ ব্যৱস্থাৰ ব্যৱহাৰ কৰা হৈছে৷ ই সহজ, ইতিবাচক বাৰ্তা আৰু আকৰ্ষণীয় দৃশ্য-শ্ৰাব্য সামগ্ৰীৰ সহয়ত সময়মতে সঠিক তথ্য প্ৰচাৰ কৰাত সহায় কৰে৷’

‘আমি ভাৰত চৰকাৰৰ প্ৰয়োজনীয়তা অনুসৰি লাখ লাখ চিৰিঞ্জ আৰু অন্যান্য সঁজুলি সংগ্ৰহৰ প্ৰক্ৰিয়াত আছো৷’
‘আমি বিশেষকৈ ভাৰত চৰকাৰে কো-ভেক্স প্ৰদানৰ ক্ষেত্ৰত যোগানৰ পৰিমাণ আৰু ইয়াৰ বাবে প্ৰত্যাশিত সময়সীমাৰ বিষয়ে কৰিবলগীয়া ঘোষণা শুনিবলৈ আশাবাদী৷’

‘ইউনিচেফে ভাৰত চৰকাৰৰ সৈতে আন ৰাষ্ট্ৰসমূহক প্ৰশিক্ষণ আৰু নিৰ্দেশনা প্ৰদান কৰি তেওঁলোকৰ ক’ভিড-১৯ টিকাকৰণ অভিযান সম্প্ৰসাৰিত কৰাত সহায় কৰিব পাৰে, আৰু দেশবোৰক প্ৰভাৱশালী ৰোল আউটৰ প্ৰস্তুত কৰাত সহায় কৰিব পাৰে৷’

‘এতিয়া পূৰ্বতকৈ অধিকৰূপে সমগ্ৰ দক্ষিণ এছিয়া আৰু বিশ্বজুৰি প্ৰতিষেধক প্ৰদান সম্প্ৰসাৰিত কৰিবলৈ আমাক অধিক সংঘবদ্ধ হোৱাৰ প্ৰয়োজন৷ এই ক্ষেত্ৰত আমি ভাৰতৰ পদক্ষেপক আদৰণি জনাইছো আৰু উচিত যোগান থকা দেশসমূহক প্ৰতিষেধক প্ৰদান সম্প্ৰসাৰিত কৰিবলৈ নিম্ন আৰু মধ্য আয়ৰ দেশসমূহক অতিৰিক্ত পালি প্ৰদান কৰিবলৈ আহ্বান জনাইছো৷

‘নিম্ন আৰু মধ্য আয়ৰ দেশবোৰক যিমান সম্ভৱ সোনকালে ক’ভিড-১৯ প্ৰতিষেধক যোগানৰ প্ৰয়োজন৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, উচ্ছ উপাৰ্জনৰ দেশবোৰে নিম্ন আয়ৰ দেশবোৰৰ তুলনাত ৩৫ গুণ অধিক প্ৰতিষেধকৰ পালি প্ৰদান কৰিছে৷
‘যদি আমি বিশ্বৰ আটাইতকৈ দুৰ্বল গোটসমূহক প্ৰথমে আৰু সৰ্বাধিক টিকাকৰণ কৰিব পাৰোঁ তেন্তে এই যুঁজত সকলোৱে জিকিব৷’

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৈভৱহীন টীম ইণ্ডিয়া! আয়াৰলেণ্ডৰ মাটিত খহি পৰিল তাৰকাখচিত বেটিং লাইন আপ, হেৰুৱালে শৃংখলা

বৈভৱহীন টীম ইণ্ডিয়া! আয়াৰলেণ্ডৰ মাটিত খহি পৰিল তাৰকাখচিত বেটিং লাইন আপ, হেৰুৱালে শৃংখলা

June 29, 2026 7:37 am
ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৈভৱহীন টীম ইণ্ডিয়া! আয়াৰলেণ্ডৰ মাটিত খহি পৰিল তাৰকাখচিত বেটিং লাইন আপ, হেৰুৱালে শৃংখলা

বৈভৱহীন টীম ইণ্ডিয়া! আয়াৰলেণ্ডৰ মাটিত খহি পৰিল তাৰকাখচিত বেটিং লাইন আপ, হেৰুৱালে শৃংখলা

June 29, 2026 7:37 am
ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd