• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভীমা কোৰেগাঁও গোচৰত অভিযুক্ত সমাজ কৰ্মী গৌতম নৱালাখাক কাৰাগাৰৰ উচ্চ-সুৰক্ষা বেৰেকলৈ স্থানান্তৰিত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 26, 2021 8:50 pm
Bhima Koregaon case
140
VIEWS
Share on FacebookShare on Twitter

ভীমা কোৰেগাঁও গোচৰত গ্ৰেপ্তাৰ হোৱা সত্তৰ বছৰীয়া সমাজ কৰ্মী গৌতম নৱালাখাক মুম্বাইৰ তালোজা কাৰাগাৰৰ উচ্চ সুৰক্ষা বেৰেক ‘আন্দা চাৰ্কল’লৈ স্থানান্তৰ কৰা হৈছে। এই কথা জানিবলৈ দিছে তেওঁৰ সহযোগী তথা নাৰী অধিকাৰ কৰ্মী শভা হুছেইনে।

এক বিবৃতিত হুছেইনে কয়, “মোক কৰা কলৰ উপৰিও, ফোন কলৰ জৰিয়তে উকীলসকলৰ নিয়মীয়া প্ৰৱেশাধিকাৰ বিচাৰাধীন বন্দীসকলৰ বাবে এক অত্যাৱশ্যকীয় সুবিধা। যিকোনো বিচাৰাধীন বন্দীক আইনী পৰামৰ্শ আৰু সহায়, বা পৰিয়ালৰ সৈতে যোগাযোগ কৰা এই কাৰ্যকৰী আৰু দক্ষ পদ্ধতিৰ পৰা বঞ্চিত কৰাটো হৈছে এক অন্যায়।”

তেওঁ লগতে কয় যে স্থানান্তৰৰ বাবে নৱালাখাৰ ইতিমধ্যে ভঙ্গুৰ স্বাস্থ্যৰ আৰু অৱনতি হৈছে।

উল্লেখ্য যে ভীমা কোৰেগাঁও গোচৰত গ্ৰেপ্তাৰ কৰা আন এজন সমাজ কৰ্মী ষ্টেন স্বামীৰ ইতিমধ্যে কাৰাগাৰতে মৃত্যু হৈছে।

হুছেইনে ষ্টেন স্বামীৰ বিষয়েও কয় যে অতি কৰুণ পৰিস্থিতিত ষ্টেন স্বামীয়ে মৃত্যুবৰণ কৰিছিল। এনে প্ৰাথমিক প্ৰয়োজনীয়তাৰ বাবেও তেওঁ তীব্ৰ যুঁজ দিব লগা হৈছিল।

নৱালাখা হৈছে ১১ জন কৰ্মী, শিক্ষাবিদ আৰু উকীলৰ ভিতৰত এজন যাৰ ওপৰত নক্সালৰ সৈতে সম্পৰ্ক থকা আৰু পুনেৰ এলগাৰ পৰিষদ সভাত উচতনিমূলক ভাষণ দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা ১১ জন সমাজ কৰ্মী, শিক্ষাবিদ,অধিবক্তাৰ ভিতৰত নৱালাখা অন্যতম।

তেওঁলোকৰ ওপৰত ২০১৮ চনৰ ১ জানুৱাৰীত ভীমা কোৰেগাঁওত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ ক্ষেত্ৰত উচতনিমূলক ভাষণ দিয়াৰ অভিযোগ উত্থাপন কৰা হৈছিল। পুনে আৰক্ষীয়ে এই সকল ব্যক্তিৰ বিৰুদ্ধে বিতৰ্কিত বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন ১৯৬৭ ৰ অধীনত গোচৰ ৰুজু কৰিছিল।

অতি ক্ষোভেৰে শভা হুছেইনে কয়, “গৌতমে সাহস আৰু আত্মবিশ্বাসেৰে তেওঁৰ অযৌক্তিক কাৰাবাসৰ মোকাবিলা কৰিছে। তেওঁৰ মতামতৰ বাবে তেওঁক আৰু কিমান সময় অত্যাচাৰ কৰা হ’ব, আৰু কৰ্তৃপক্ষই কিমান পৰিমাণে তেওঁক দমন কৰিবলৈ চেষ্টা কৰিব ?”

মহাৰাষ্ট্ৰৰ ৰাজ্য চৰকাৰে ২ ছেপ্টেম্বৰত মুম্বাই উচ্চ ন্যায়ালয়ক জনাইছিল যে নৱালাখাক চিকিৎসা পৰীক্ষাৰ বাবে খাৰঘৰৰ টাটা মেম’ৰিয়েল চেণ্টাৰলৈ লৈ যোৱা হ’ব।

নৱালাখাৰ পৰামৰ্শদাতাৰ দ্বাৰা উত্থাপিত এক আবেদনৰ পিছত অধিবক্তা যুগ চৌধুৰীয়ে নৱলাখাৰ বুকুত এটা মাংসপিণ্ড বিকশিত হৈছে বুলি সদৰী কৰিছিল।

উল্লেখ্য যে যোৱা ২৩ অক্টোবৰত ভীমা কোৰেগাঁও গোচৰত গ্ৰেপ্তাৰ কৰা আন এজন সমাজ কৰ্মী তথা কবি ভাৰভাৰা ৰাওৰ বিৰুদ্ধে জামিন বিহীন চমন জাৰি কৰিছিল।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd