• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জনকল্যাণ নহয়,মন্দিৰ নিৰ্মাণত জনসাধাৰণৰ ধন খৰচ কৰে উত্তৰ প্ৰদেশ চৰকাৰে !

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 4, 2021 4:26 pm
Yogi Adityanath
157
VIEWS
Share on FacebookShare on Twitter

উত্তৰপ্ৰদেশ বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে পুনৰ সাম্প্ৰদায়িক ভাষ্য প্ৰদান কৰাত উঠিপৰি লাগিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। শেহতীয়াকৈ অযোধ্যাত দীপাৱলী উপলক্ষে দিয়া এটা বক্তব্যক লৈ ব্যাপক চৰ্চা চলিছে।

যোগীয়ে কয় যে তেওঁৰ চৰকাৰে জনসাধাৰণৰ টকাসমূহ মন্দিৰৰ উন্নয়নৰ কাম খৰচ কৰে। কিন্তু পূৰ্বৰ চৰকাৰসমূহে জনসাধাৰণৰ টকা মুছলমানসকলৰ কবৰস্থানৰ বাবেহে খৰচ কৰিছিল।

কোনো দলৰ নাম উল্লেখ নকৰিলেও যোগীয়ে মূলতঃ সমাজবাদী পাৰ্টিলৈকে এনেদৰে লক্ষ্য কৰি লৈছে। যোগীয়ে কয় যে তেওঁৰ চৰকাৰে মন্দিৰৰ কথা চিন্তা কৰে, ধৰ্মৰ কথা চিন্তা কৰে আৰু সেয়ে টকাসমূহো উক্ত কামত খৰচ কৰে।

তদুপৰি তেওঁ জনায় যে উত্তৰপ্ৰদেশৰ ৫০০ টা মন্দিৰ তথা ধৰ্মীয় স্থানৰ উন্নয়নৰ বাবে কেইবাটাও প্ৰকল্প আৰম্ভণি কৰা হৈছে। তাৰ মাজৰ ৩০০ টা প্ৰকল্পৰ কাম ইতিমধ্যেই শেষ হৈছে। ইয়াৰ বাবে খৰচ কৰা হৈছে ৬৬১ কোটি টকা।

উল্লেখযোগ্য যে যোগী চৰকাৰৰ দিনত উত্তৰপ্ৰদেশৰ ব্যাপক উন্নয়ন হোৱা বুলি বিজেপিয়ে দাবী কৰি আহিছে। কিন্তু বাস্তৱিকতে তাৰ উলোটা ছৱি এখনহে পৰিস্ফূট হয়। বিশেষকৈ ক’ভিডৰ দ্বিতীয় ঢৌৰ সময়ত গংগাৰ পাৰত অজস্ৰ মৃতদেহ পৰি থকাটোৱে সচেতন লোকসকলক শিহৰিত কৰি তুলিছিল। দলিতসকলৰ সুৰক্ষাৰ পৰা নাৰী সুৰক্ষালৈকে কোনোটোতেই যোগী চৰকাৰে প্ৰাধান্য দিয়া নাই।

শেহতীয়াকৈ বাংগালোৰস্থিত এটা সংস্থা পাব্লিক এফেয়াৰ্ছ চেণ্টাৰে এখনি ইনডেক্স প্ৰকাশ কৰিছে। পাব্লিক এফেয়াৰ্ছ ইনডেক্স ২০২১ নামৰ উক্ত ইনডেক্সখনৰ দ্বাৰা চলিত বৰ্ষত দেশৰ ৰাজ্যসমূহৰ উন্নয়ন আৰু চৰকাৰৰ জনমুখীতাক পৰীক্ষা কৰি চোৱা হৈছে।

তদুপৰি চলিত বৰ্ষত চৰকাৰসমূহে ক’ভিড-১৯ নিয়ন্ত্ৰণ কৰাৰ ওপৰতো ইয়াত গুৰুত্ব দিয়া হৈছে। সংস্থাটোৱে জনোৱামতে, ইনডেক্সখন প্ৰস্তুত কৰিবলৈ আহৰণ কৰা সকলো তথ্য কেন্দ্ৰীয় চৰকাৰৰ পৰা লোৱা হৈছে।সেই অনুসৰি দেশৰ বৃহৎ ৰাজ্যসমূহৰ এখন তালিকা প্ৰস্তুত কৰা হৈছে।

তালিকাখনত প্ৰথমস্থানত বাওঁপন্থী শাসিত ৰাজ্য কেৰালা শীৰ্ষত আছে। তাৰ বিপৰীতে উত্তৰপ্ৰদেশ আছে অন্তিম স্থানত।

ইয়াৰ উপৰিও শেহতীয়াকৈ লখিমপুৰ খেৰী সংঘৰ্ষৰ পাছত উত্তৰপ্ৰদেশত কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধীয়ে প্ৰবল জনসমাদৰ লাভ কৰা দেখা গৈছে। কংগ্ৰেছৰ উপৰিও অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টিয়েও জনসাধাৰণৰ আস্থা লাভ কৰা দেখা গৈছে। তেনে পৰিস্থিতিত যোগী আদিত্যনাথৰ এনেধৰণৰ সাম্প্ৰদায়িক ব্যাপক তাৎপৰ্য বহন কৰিছে।

Recent News

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

গহপুৰ-নুমলীগড় সুৰংগ প্ৰকল্প: পৰিৱেশত প্ৰকল্পটোৰ প্ৰভাৱ অধ্যয়নৰ অনুৰোধ বন্যপ্ৰাণী ব’ৰ্ডৰ

গহপুৰ-নুমলীগড় সুৰংগ প্ৰকল্প: পৰিৱেশত প্ৰকল্পটোৰ প্ৰভাৱ অধ্যয়নৰ অনুৰোধ বন্যপ্ৰাণী ব’ৰ্ডৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd