• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাৰিদিনীয়াকৈ ষঠ পূজা, সমগ্ৰ ৰাজ্যৰ লগতে নামনি অসমতো উৎসাহ-উদ্দীপনাৰে পূজা উদযাপন

কি কি বিধি পালন কৰা হয় ষঠ পূজাত?

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
November 11, 2021 3:10 pm
3.3k
VIEWS
Share on FacebookShare on Twitter

আজি ষঠ পূজা। সমগ্ৰ ৰাজ্যৰ লগতে নামনি অসমতো উৎসাহ-উদ্দীপনাৰে উদযাপন কৰা হৈছে ষঠ পূজা।

দেশৰ আন আন অঞ্চলৰ লগতে নামনি অসমৰ ধুবুৰী জিলাৰ অন্তৰ্গত চাপৰ চহৰৰ মৰা চম্পাৱতী নৈৰ সূতিত আন আন বছৰৰ দৰে এই এইবাৰো সূৰ্য্য উপাসনাৰ ব্ৰত “ষঠ পূজা” পালন কৰা হৈছে। আজি সন্ধিয়া নৈৰ ঘাটত ব্ৰত কৰা সকলে অস্তগামী সূৰ্য্যক পূজা অৰ্চনা কৰি অৰ্ঘ প্ৰদান কৰিব।

কাইলৈ অৰ্থাৎ বৃহস্পতি বাৰে পুৱতি নিশা নৈৰ ঘাটৰ পূজাস্থলীত (পানীত নামি) উদিত সূৰ্য্যক আৰাধনা তথা পূজা অৰ্চনা কৰিব।

এই পূজা চাৰি দিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়। প্ৰথম দিনা নাহায় খায়, দ্বিতীয় দিনা খৰ্ণা পূজা , তৃতীয় আৰু চতুৰ্থ দিনা নৈৰ ঘাটত সূৰ্য্যক আৰাধনা কৰি কঠিন ব্ৰত পালন কৰা কৰা হয়।

এই ব্ৰত কৰা সকলে পূজাৰ প্ৰথম দিনাৰ লাও ভাত খোৱা পৰ্বৰ পিছৰে পৰা খর্ণা পূজাকে ধৰি একেবাৰে অন্তিম দিনা পুৱা সূৰ্য্য উদয় লৈকে প্ৰায় ৫৭( সাতাৱন্ন) ঘণ্টা নিৰ্জলা উপবাস কৰে।

আজি বুধবাৰে দিনৰ ১১ বজাত চাপৰৰ ব্ৰত ধাৰী সকলে পূজা অৰ্চনা কৰা পূজাস্থল মৰা চম্পাৱতী নৈৰ ঘাট পৰিদৰ্শন কৰি বিলাসীপাৰাৰ মহাকুমাধিপতি জয় শিবাণী আৰু চাপৰৰ চক্ৰ বিষয়া শান্তনু গগৈ যে পূজাৰ কাম কাজ তথা সুবিধা- অসুবিধা সম্পৰ্কে বুজ লৈ উপস্থিত ৰাইজৰ লগত মত বিনিময় কৰে ।

চাপৰ ষঠ কমিটিৰ ফালৰ পৰা বিষযা দুজনক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই ধন্যবাদ জ্ঞাপন কৰা হয়।

সূৰ্য্য উপাসনা তথা ষঠ পূজাৰ বাবে ব্ৰত ধাৰী সকলৰ লগতে সমূহ ৰাইজক অসম মাৰ্কেটিং বোৰ্ডৰ নৱনিযুক্ত সভাপতি তথা প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহি , ADC নৱজ্যোতি পাঠক (বৰপেটা) ,মহকুমাধিপতি জয় শিৱানী , চক্ৰ বিষযা শান্তনু গগৈ, সাহিত্য সভাৰ কেন্দ্ৰীয় পত্ৰিকা সম্পাদক উপেন্দ্ৰজিৎ শৰ্মা , চাপৰ প্ৰেছ ক্লাবৰ সমূহ সদস্য তথা সম্পাদক ছাজিদ হুছেইন , কবি ধীমান দাস , ডাঃ এছ কুমাৰ , নিলাক্ষী কোৱৰ ( ঢালিগাওঁ) মিছ ইণ্ডিয়া কুইন দীপশিখা বোস (কোকৰাঝাৰ), বিশিষ্ট সমাজ কৰ্মী বিজয় কুমাৰ শৰ্মা(ধুবুৰী) অনিল কুমাৰ প্ৰসাদ (বঙাইগাঁও) বিশিষ্ট লেখক তিলক চন্দ্ৰ ৰায় , গংগাধৰ ৰায় ,সাংবাদিক প্ৰণয় ৰায় (বহলপুৰ ), ৰবি চৌধুৰী , ৰৌশন চৌধুৰী, জোৱালা মাল্লা, ভানু দাস , নন্দলাল মাল্লা , ডাঃ বি ছৌচাৰীয়া , ৰূপজ্যোতি পাঠক , আশাৰ কেন্দ্ৰীয় উপসভাপতি ৰেজান হোৰো আদিয়ে শুভ কামনা জ্ঞাপন কৰি শান্তি সম্প্ৰীতিৰে সকলোৰে মাজত ভাতৃত্বৰৰ এনাজৰী ডাল আৰু বেছি কটকটীয়া হব বুলি কামনা কৰিছে ।

চাপৰৰ লগতে বহলপুৰ, শালকোচা আৰু চিৰাকুটা ঠাইলৈয়ো গৈ এই পূজা সম্পৰ্কে এছ ডি অ চিভিল জয় শিবানী , চক্ৰ বিষয়া শান্তনু গগৈ , ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ দলে, আই চি বিপুল দাসে প্ৰস্তুতিৰ বুজ লয়।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd