• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

ৰোমাঞ্চকৰ টেষ্ট; ড্ৰ ৰূপে সামৰণি পৰিল ভাৰত-নিউজিলেণ্ডৰ প্ৰথম টেষ্ট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 29, 2021 6:19 pm
India vs New Zealand test
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আকৌ এবাৰ ক্ৰিকেট অনুৰাগীয়ে উপভোগ কৰিলে টেষ্ট ক্ৰিকেটৰ মাদকতা। সীমিত অভাৰৰ ক্ৰিকেটৰ জনপ্ৰিয়তাৰ মাজতে টেষ্ট ক্ৰিকেটৰ গুৰুত্ব হ্ৰাস পোৱা বুলি সততে উঠা অভিযোগৰ মাজতে আজি আকৌ টেষ্ট ক্ৰিকেটে মুহিলে ক্ৰিকেট অনুৰাগীৰ মন।

ভাৰত বনাম নিউজিলেণ্ডৰ মাজত চলিত টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্ট আজি ড্ৰ ৰূপে সামৰণি পৰে। নিশ্চিত জয়ৰ দিশত গতি কৰা ভাৰতৰ আশাত চেঁচা পানী ঢালিলে নিউজিলেণ্ডৰ উদীয়মান খেলুৱৈ তথা অভিষেক ঘটোৱা ৰচীন ৰবীন্দ্ৰ।

টেষ্টখনত ভাৰতৰ প্ৰথম ইনিংছৰ ৩৪৫ ৰানৰ প্ৰত্যুত্তৰত নিউজিলেণ্ডে ২৯৬ ৰান সংগ্ৰহ কৰিছিল। প্ৰথম ইনিংছত ৪৯ ৰানৰ অগ্ৰগতি লাভ কৰা ভাৰতে দ্বিতীয় ইনিংছত ২৩৪ ৰানত ইনিংছ সমাপ্তি ঘোষণা কৰে আৰু নিউজিলেণ্ডক ২৮৪ ৰানৰ লক্ষ্য বান্ধি দিয়ে।

Apply Now

কিন্তু ভাৰতীয় বলাৰৰ দৰ্শনীয় প্ৰদৰ্শনত একপ্ৰকাৰ নিষ্প্ৰভ হৈ পৰা নিউজিলেণ্ডে ১৫৫ ৰানতে ৯ টা উইকেট হেৰুৱাই বিপদত পৰিছিল। এনে সময়ত টেষ্টখনত ভাৰতৰ জয় এক প্ৰকাৰ নিশ্চিত হৈ পৰিছিল। কিন্তু ৰচীন ৰবীন্দ্ৰ আৰু আজাজ পেটেলে অন্তিম উইকেটত ধৈৰ্যসহকাৰে ৯ অভাৰ বেটিং কৰি ভাৰতৰ জয়ৰ আশাত চেঁচা পানী ঢালে আৰু টেষ্ট খন ড্ৰ ৰূপে সামৰণি পেলায়।

উল্লেখ্য যে এই টেষ্টখনত কেইবাটাও অভিলেখ সৃষ্টি হয়। টেষ্টখনত অভিষেক ঘটোৱা শ্ৰেয়স আয়াৰে অভিষেক মেচত দুয়োটা ইনিংছত শতক আৰু অৰ্ধশতক অৰ্জন কৰা প্ৰথম ভাৰতীয় বেটাৰত পৰিণত হয়।

সেইদৰে ভাৰতীয় তাৰকা স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে টেষ্ট ক্ৰিকেটত সৰ্বাধিক উইকেট দখলৰ তালিকাত কিংবদন্তী ৱাছিম আক্ৰাম আৰু হৰভজন সিঙক অতিক্ৰম কৰে। অশ্বিনে হৰভজন সিঙক অতিক্ৰম কৰি টেষ্ট ক্ৰিকেটত তৃতীয় সৰ্বাধিক উইকেট দখলকাৰী ভাৰতীয় বলাৰত পৰিণত হয়। লগতে ২০২১ বৰ্ষত টেষ্টত সৰ্বাধিক উইকেট দখল কৰা বলাৰ হিচাপেও পৰিগণিত হয় অশ্বিন।

মেচখনত চমকপ্ৰদ বেটিঙেৰে অভিষেক মেচতে উজলি উঠা শ্ৰেয়স আয়াৰক শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয় ।

শৃংখলাৰ দ্বিতীয় খন টেষ্ট ৩ ডিচেম্বৰৰ পৰা মুম্বাইৰ ৱাংখাৰে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। উক্ত মেচখনত ভাৰতৰ নিয়মীয়া অধিনায়ক বিৰাট কোহলীৰ ভাৰতীয় টেষ্ট দললৈ প্ৰত্যাৱৰ্তন ঘটিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm
বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm
সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd