হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰা গোৱালপাৰা জিলাত হাতী-মানুহৰ সংঘাত প্ৰৰিৰোধ তথা স্থায়ী সমাধানৰ বাবে আগবাঢ়ি আহিছে কেন্দ্ৰীয় খাদী গ্ৰামোদ্যোগ আয়োগ৷
গোৱালপাৰাৰ মৰনৈত কেন্দ্ৰীয় খাদী গ্ৰামোদ্যোগ আয়োগে উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে শুভাৰম্ভ কৰে ’ৰি-হেব’ নামৰ এখন অভিলাসী আচঁনি।
এই আচঁনিৰ যোগেদি বনৰীয়া হাতী আৰু মানুহৰ সংঘাত নিৰ্মূল কৰিব আৰু বনৰীয়া হাতী উপদ্ৰৱ থকা অঞ্চলসমূহত ঘুৰি আহিব স্থায়ী শান্তি৷
“ৰি-হেব“ হ’ল মৌ মাখিৰ পৰা মানুহক বনৰীয়া হাতীৰে সংঘাতৰ পৰা পৰিত্ৰাণ দিয়াৰ এক অভিনৱ প্ৰকল্প। প্ৰথম অৱস্থাত কেন্দ্ৰীয় খাদী গ্ৰামোদ্যোগ আয়োগে এই অভিলাসী আঁচনিখন ৰূপায়ণৰ বাবে নিৰ্বাচিত কৰি লৈছে জিলাখনৰ মৰনৈ আৰু দহিকটা অঞ্চল৷
Also Read: কোচ ৰাজবংশীক পুনৰ ডি ভোটাৰ সজাই বিদেশীৰ জাননী,কোচ ৰাজবংশী জাতীয় পৰিষদৰ তীব্ৰ প্ৰতিক্ৰিয়া
সম্প্ৰতি আন ভিন্ন অঞ্চলৰ লগতে মৰনৈ আৰু দহিকটাত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত৷
কেন্দ্ৰীয় খাদী গ্ৰামোদ্যোগ আয়োগে ইতিমধ্যেই এই দুয়োটা অঞ্চলত স্থাপন কৰাৰ বাবে মৰনৈ আৰু দহিকটাৰ হাতী অহাযোৱা কৰা বাটত সংস্থাপন কৰিব প্ৰায় তিনি শতাধিক মৌ বাহ।
ইতিমধ্যে হাতী আহিব পৰা স্থানসমূহত এই মৌ বাহ সমূহ ৰখা হৈছে৷ মৌৰ গুণ গুণ শব্দই বনৰীয়া হাতীৰ প্ৰধান শত্ৰু। মৌ মাখিৰ বাবে বনৰীয়া হাতীয়ে আগুৱাই যোৱাটো সম্ভৱ নহব৷
এনেদৰে কেন্দ্ৰীয় খাদী গ্ৰামোদ্যোগ আয়োগে গোৱালপাৰা বন বিভাগৰ সহযোগত পোন প্ৰথম বাৰৰ বাবে গোৱালপাৰা জিলাত ৰূপায়ন কৰিছে এই অভিনৱ পদক্ষেপ৷
Also Read: টীয়কত বন্যহস্তীৰ তাণ্ডৱ : বাসগৃহ ভাঙি লণ্ড-ভণ্ড,নিৰ্বিকাৰ বন বিভাগ
আচঁনিৰ শুভ উদ্বোধন কৰে কেন্দ্ৰীয় খাদী গ্ৰামোদ্যোগ আয়গোৰ অধ্যক্ষ বিনাই কুমাৰ ছাক্সেনাই৷ ইতিমধ্যে আয়োগে মৰনৈ আৰু দহিকটা অঞ্চলৰ বাবে বিনামূলীয়াকৈ এই মৌৰ বাহ সমূহ যোগান ধৰিছে ৷ হাতীয়ে মৌ বাহ নষ্ট কৰিলে পুনৰায় আয়োগে যোগান ধৰিব ৷
ইপিনে, মৌ বাহ সমূহৰ পৰা লাভ কৰা মৌৰ ৰস গৃহস্থই ব্যৱসায় কৰাৰ সুবিধা লাভ কৰিব ৷ হাতী অহা সম্ভৱনা থকা পথৰ কাষৰ প্ৰতিটো গৃহস্থই লাভ কৰিব দহটাকৈ মৌৰ বাহ।৷
হাতীৰ উপদ্ৰৱত জৰ্জৰিত লোকসকলে কেন্দ্ৰীয় খাদী গ্ৰামোদ্যোগ আয়োগৰ এই আচঁনিৰ পৰা উপকৃত হোৱাৰ লগতে গোৱালপাৰাত হাতী-মানুহৰ সংঘাত প্ৰশমিত কৰাত কিছু সহায়ক হব বুলি আশা কৰা হৈছে।
Also Read: গোলাঘাটৰ বন বিষয়াৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি, চকীদাৰক প্ৰহাৰ
অনুষ্ঠানত কেন্দ্ৰীয় খাদী গ্ৰামোদ্যোগ আয়োগৰ বিষয়ববীয়াৰ লগতে জিলা বনবিষয়া, গোৱালপাৰা সৈনিক স্কুলৰ অধ্যক্ষকে ধৰি ভালে সংখ্যক লোক উপস্থিত থাকে৷





