• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাপৰ, বঙাইগাঁৱত হস্তীৰ কন্যাৰ পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ ১৯ সংখ্যক স্মৃতি দিৱস উদযাপন

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ, প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ, প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও
December 27, 2021 9:04 pm
চাপৰত প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমূৰ্তিক অনুৰাগীৰ পুস্পাঞ্জলি

চাপৰত প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমূৰ্তিক অনুৰাগীৰ পুস্পাঞ্জলি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিম অসমৰ ধুবুৰী জিলাৰ চাপৰ চহৰত গোৱালপাৰীয়া লোকসংগীতক জগত সভাত প্ৰতিষ্ঠা কৰা লোকসংগীত সম্ৰাজ্ঞী তথা ‘হস্তীৰ কন্যা’ হিচাপে খ্যাত প্ৰতিমা বৰুৱা পাণ্ডেক আজি ১৯সংখ্যক স্মৃতি দিৱসত সশ্ৰদ্ধ স্মৰণ কৰা হয়।

চাপৰ পৌৰ সভাৰ উদ্যোগত পৌৰ সভা কাৰ্য্যালয়ৰ সন্মুখত থকা শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে চাপৰ পৌৰ সভাৰ কাৰ্যবাহী বিষয়া তথা চক্ৰ বিষয়া শান্তনু গগৈয়ে।

Apply Now

তাৰ পিছতে পৌৰ সভাখনৰ সমূহ কৰ্মচাৰীৰ লগতে চাপৰৰ চক্ৰ বিষয়া ৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলেও হস্তীৰ কন্যা গৰাকীক স্মৰণ কৰি গভীৰ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতেই বিশ্ববৰেণ্য শিল্পীগৰাকীৰ সোঁৱৰণত অনুষ্টুপীয়াকৈ এখনি স্মৃতিচাৰণ সভাও অনুষ্ঠিত হয়।

 


বঙাইগাঁৱত অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উদযাপনৰ লগতে লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ স্মৃতিচাৰণ সভা

বঙাইগাঁও শতদল শাখা সাহিত্য সভাই সোমবাৰে অসম সাহিত্য সভাৰ ১০৫ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু গোপালপাৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ ১৯ সংখ্যক মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰে ৷

শাখা সভাৰ ভাৰপ্ৰাপ্ত সভাপতি জ্যোৎস্নাপ্ৰিয়া দেৱীয়ে পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছত স্মৃতি তৰ্পণ কৰে সভাৰ বিশিষ্ট বক্তা ডঃ সান্ত্বনাময়ী মজুমদাৰে ৷

ইয়াৰ পিছতে শাখাৰ ভাৰপ্ৰাপ্ত সভাপতি জ্যোৎস্নাপ্ৰিয়া দেৱীৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আৰম্ভণিতে ‘ বিনীতা শৰ্মাৰ পৰিচালনাত সদস্যসকলে ‘চিৰ চেনেহী মোৰ ভাষা জননী ‘ শীৰ্ষক গীতটো পৰিৱেশন কৰে ৷ সম্পাদক মীনা দেৱীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা সভাত বিশিষ্ট বক্তা ডঃ সান্ত্বনাময়ী মজুমদাৰে লোকগীত সম্ৰাজ্ঞীগৰাকীৰ জীৱন, সৃষ্টিৰাজিৰ ওপৰত আলোকপাত কৰে ৷

সেইদৰে আনগৰাকী বিশিষ্ট বক্তা তথা বঙাইগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অজিত কুমাৰ দাসে অসম সাহিত্য সভাৰ চমু ইতিবৃত্ত ডাঙি ধৰে ৷

আনহাতে সমজুৱাৰ ফালৰ পৰা দীপক কুমাৰ দত্তই প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱন কাহিনী চমুকৈ উল্লেখ কৰাৰ লগতে সোণালী কণ্ঠৰগৰাকী প্ৰয়াত শিল্পীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰে ৷মীনা দেৱীয়ে অসম সাহিত্য সভাৰ আৰম্ভণি,কাৰ্যকলাপ আদি বিষয় সামৰি পৰ্যালোচনা আগবঢ়ায় ৷

অনুষ্ঠানত ধীৰেশ চন্দ্ৰ ৰায় আৰু গায়ত্ৰী দেৱীয়ে স্বৰচিত কবিতা পাঠ, অনিল চন্দ্ৰ শৰ্মাই স্বৰচিত গীত, জ্যোতিকা ৰায়, মাজেন নাথ আৰু বিনীতা শৰ্মাই কেইবাটাও গোৱালপাৰীয়া লোকগীত পৰিৱেশন কৰে ৷

শেষত সভাপতিৰ চমু বক্তব্যৰ পিছতে মীনা দেৱীয়ে শলাগৰ শৰাই আগবঢ়ায় আৰু অসম সংগীতেৰে সভাৰ সামৰণি পৰে ৷ সন্ধিয়া অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি শাখা সাহিত্য সভা ভৱনৰ চৌহদত ১০৫ গছি বন্তি প্ৰজ্বলন কৰা হয় ৷

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ, প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ, প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd