• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাপৰ, বঙাইগাঁৱত হস্তীৰ কন্যাৰ পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ ১৯ সংখ্যক স্মৃতি দিৱস উদযাপন

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ, প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ, প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও
December 27, 2021 9:04 pm
চাপৰত প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমূৰ্তিক অনুৰাগীৰ পুস্পাঞ্জলি

চাপৰত প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমূৰ্তিক অনুৰাগীৰ পুস্পাঞ্জলি

139
VIEWS
Share on FacebookShare on Twitter

অসমৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিম অসমৰ ধুবুৰী জিলাৰ চাপৰ চহৰত গোৱালপাৰীয়া লোকসংগীতক জগত সভাত প্ৰতিষ্ঠা কৰা লোকসংগীত সম্ৰাজ্ঞী তথা ‘হস্তীৰ কন্যা’ হিচাপে খ্যাত প্ৰতিমা বৰুৱা পাণ্ডেক আজি ১৯সংখ্যক স্মৃতি দিৱসত সশ্ৰদ্ধ স্মৰণ কৰা হয়।

চাপৰ পৌৰ সভাৰ উদ্যোগত পৌৰ সভা কাৰ্য্যালয়ৰ সন্মুখত থকা শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে চাপৰ পৌৰ সভাৰ কাৰ্যবাহী বিষয়া তথা চক্ৰ বিষয়া শান্তনু গগৈয়ে।

তাৰ পিছতে পৌৰ সভাখনৰ সমূহ কৰ্মচাৰীৰ লগতে চাপৰৰ চক্ৰ বিষয়া ৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলেও হস্তীৰ কন্যা গৰাকীক স্মৰণ কৰি গভীৰ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতেই বিশ্ববৰেণ্য শিল্পীগৰাকীৰ সোঁৱৰণত অনুষ্টুপীয়াকৈ এখনি স্মৃতিচাৰণ সভাও অনুষ্ঠিত হয়।

 


বঙাইগাঁৱত অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উদযাপনৰ লগতে লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ স্মৃতিচাৰণ সভা

বঙাইগাঁও শতদল শাখা সাহিত্য সভাই সোমবাৰে অসম সাহিত্য সভাৰ ১০৫ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু গোপালপাৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ ১৯ সংখ্যক মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰে ৷

শাখা সভাৰ ভাৰপ্ৰাপ্ত সভাপতি জ্যোৎস্নাপ্ৰিয়া দেৱীয়ে পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছত স্মৃতি তৰ্পণ কৰে সভাৰ বিশিষ্ট বক্তা ডঃ সান্ত্বনাময়ী মজুমদাৰে ৷

ইয়াৰ পিছতে শাখাৰ ভাৰপ্ৰাপ্ত সভাপতি জ্যোৎস্নাপ্ৰিয়া দেৱীৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আৰম্ভণিতে ‘ বিনীতা শৰ্মাৰ পৰিচালনাত সদস্যসকলে ‘চিৰ চেনেহী মোৰ ভাষা জননী ‘ শীৰ্ষক গীতটো পৰিৱেশন কৰে ৷ সম্পাদক মীনা দেৱীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা সভাত বিশিষ্ট বক্তা ডঃ সান্ত্বনাময়ী মজুমদাৰে লোকগীত সম্ৰাজ্ঞীগৰাকীৰ জীৱন, সৃষ্টিৰাজিৰ ওপৰত আলোকপাত কৰে ৷

সেইদৰে আনগৰাকী বিশিষ্ট বক্তা তথা বঙাইগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অজিত কুমাৰ দাসে অসম সাহিত্য সভাৰ চমু ইতিবৃত্ত ডাঙি ধৰে ৷

আনহাতে সমজুৱাৰ ফালৰ পৰা দীপক কুমাৰ দত্তই প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱন কাহিনী চমুকৈ উল্লেখ কৰাৰ লগতে সোণালী কণ্ঠৰগৰাকী প্ৰয়াত শিল্পীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰে ৷মীনা দেৱীয়ে অসম সাহিত্য সভাৰ আৰম্ভণি,কাৰ্যকলাপ আদি বিষয় সামৰি পৰ্যালোচনা আগবঢ়ায় ৷

অনুষ্ঠানত ধীৰেশ চন্দ্ৰ ৰায় আৰু গায়ত্ৰী দেৱীয়ে স্বৰচিত কবিতা পাঠ, অনিল চন্দ্ৰ শৰ্মাই স্বৰচিত গীত, জ্যোতিকা ৰায়, মাজেন নাথ আৰু বিনীতা শৰ্মাই কেইবাটাও গোৱালপাৰীয়া লোকগীত পৰিৱেশন কৰে ৷

শেষত সভাপতিৰ চমু বক্তব্যৰ পিছতে মীনা দেৱীয়ে শলাগৰ শৰাই আগবঢ়ায় আৰু অসম সংগীতেৰে সভাৰ সামৰণি পৰে ৷ সন্ধিয়া অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি শাখা সাহিত্য সভা ভৱনৰ চৌহদত ১০৫ গছি বন্তি প্ৰজ্বলন কৰা হয় ৷

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd