• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এনকাউণ্টাৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ত শপতনামা দাখিলত ব্যৰ্থ অসম চৰকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 26, 2022 5:26 pm
Encounters in Assam
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত শেহতীয়াকৈ তীব্ৰ হাৰত বৃদ্ধি পোৱা আৰক্ষীৰ এনকাউণ্টাৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ত শপতনামা দাখিল কৰাত ব্যৰ্থ হৈছে অসম চৰকাৰ।

ন্যায়ালয়ে চৰকাৰক ইয়াৰ বাবে পুনৰ কিছুদিন সময় ধাৰ্য কৰি দিছে। ৮ ফেব্ৰুৱাৰীত গোচৰটোৰ পৰৱৰ্তী শুনানি হ’ব।

Apply Now

উচ্চ ন্যায়ালয়ে যোৱা ১১ জানুৱাৰীত যোৱা বৰ্ষৰ মে’ মাহত বিজেপি পুনৰ ক্ষমতালৈ অহাৰ পিছৰে পৰা দ্ৰুত হাৰত সংঘটিত হৈ থকা আৰক্ষীৰ এনকাউণ্টাৰৰ ওপৰত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছিল।

অধিবক্তা আৰিফ মোঃ য়েছিন জৱাড্ডাৰে দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থৰ আবেদনৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ সুধাংশু ধুলিয়া আৰু ন্যায়াধীশ সৌমিত্ৰ ডেকাক লৈ গঠিত খণ্ড বিচাৰপীঠে অধিক সময় বিচাৰি চৰকাৰে কৰা আবেদন গ্ৰহণ কৰে।

“শপতনামাখন এতিয়াও সম্পূৰ্ণ হোৱা নাই আৰু এতিয়াও প্ৰস্তুত হৈ আছে। আমি কিছু সময় বিচাৰিছিলো আৰু আদালতে আমাক আৰু ১০ দিন সময় দিছে।” অসমৰ এডভোকেট জেনেৰেল দেৱজিৎ শইকীয়াই কয়।

উচ্চ ন্যায়ালয়ে অসম চৰকাৰৰ প্ৰধান সচিব (গৃহ), সচিব (গৃহ) বা অতিৰিক্ত সচিব (গৃহ)ক কথিত ভুৱা এনকাউণ্টাৰ সন্দৰ্ভত বিতং শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছিল।

অসম চৰকাৰৰ উপৰিও অসম আৰক্ষীৰ ডিজিপি, আইন আৰু ন্যায় বিভাগ, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু অসম মানৱ অধিকাৰ আয়োগক অধিবক্তা আৰিফ মোঃ য়েছিন জৱাড্ডাৰে দাখিল কৰা আবেদন খনত উত্তৰদাতা হিচাপে নামাকৰণ কৰা হৈছে।

আবেদনকাৰী জৱাড্ডাৰে আদালতৰ তত্বাৱধানত চিবিআই, এছআইটি বা আন ৰাজ্যৰ যিকোনো আৰক্ষী দলৰ দৰে স্বতন্ত্ৰ সংস্থাৰ দ্বাৰা এনকাউণ্টাৰৰ তদন্ত বিচাৰিছে।

আবেদন খনৰ জৰিয়তে এনকাউণ্টাৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন বৰ্তমানৰ ন্যায়াধীশৰ দ্বাৰা ন্যায়িক তদন্ত আৰু উপযুক্ত প্ৰমাণীকৰণৰ পিছত ভুক্তভোগী পৰিয়ালক আৰ্থিক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে।

জৱাড্ডাৰে আবেদন খনত দাবী কৰিছে যে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিছৰে পৰা অসম আৰক্ষী আৰু অভিযুক্তৰ মাজত ৮০ টাতকৈও অধিক ভুৱা সংঘৰ্ষ সংঘটিত হৈছে। ইয়াৰ ফলত ২৮ জন লোকৰ মৃত্যু হৈছে আৰু ৪৮ জনৰো অধিক আঘাতপ্ৰাপ্ত হৈছে।

নিহত বা আহত লোকসকল ভয়ংকৰ অপৰাধী নাছিল আৰু সকলো এনকাউণ্টাৰতে আৰক্ষীৰ কাৰ্যপ্ৰণালী একে আছিল বুলি আবেদন খনত উল্লেখ কৰা হৈছে।

উল্লেখ্য যে অধিবক্তা জৱাড্ডাৰে ইয়াৰ পূৰ্বে যোৱা বৰ্ষৰ জুলাইত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ ওচৰত কথিত ভুৱা এনকাউণ্টাৰ সন্দৰ্ভত অভিযোগ দাখিল কৰিছিল।

২০২১ চনৰ নৱেম্বৰত আয়োগে গোচৰটো অসম মানৱ অধিকাৰ আয়োগলৈ স্থানান্তৰ কৰে আৰু ৰাজ্য চৰকাৰৰ পৰা এই বিষয়ত প্ৰতিবেদন বিচাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd