• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশিষ্ট সমাজ সংগঠক, শিক্ষাবিদ লোহিত চন্দ্ৰ দেৱ শৰ্মাৰ মৃত্যু, কাকপথাৰত শোকৰ ছাঁ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
February 10, 2022 6:37 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাৰ কাকপথাৰ নিবাসী বিশিষ্ট সমাজ সংগঠক তথা শিক্ষাবিদ লোহিত চন্দ্ৰ দেৱ শৰ্মাৰ আজি দিনৰ ১১ বজাত নিজ বাসভৱনতে পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স ৮২ বছৰ হৈছিল। দীৰ্ঘদিন ধৰি পক্ষাঘাত ৰোগত আক্ৰান্ত হৈ থকা লোহিত চন্দ্ৰ দেৱ শৰ্মাৰ মৃত্যুত সমগ্ৰ কাকপথাৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে।

কাকপথাৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ সামাজিক, শৈক্ষিক আদি ক্ষেত্ৰৰ উত্তৰণৰ ক্ষেত্ৰত লোহিত চন্দ্ৰ দেৱ শৰ্মাই যোগোৱা অৱদান আছিল অনবদ্য। তদানীন্তন কামৰূপ (অবিভক্ত) জিলাৰ সৰু নামখলাত ১৯৩৯ চনৰ ১ জানুৱাৰীত জন্মগ্ৰহণ কৰা লোহিত চন্দ্ৰ দেৱ শৰ্মাৰ পিতৃৰ নাম চণ্ডী প্ৰসাদ শৰ্মা আৰু মাতৃ ৰন্তা দেৱী।

Apply Now

১৯৫৬ চনত গুৱাহাটী বিশ্ব বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৫৫ চনত সংস্কৃতৰ ৰত্নমালা আৰু কাব্য পৰীক্ষাত উত্তীৰ্ণ হৈছিল নলবাৰী চতমা সংস্কৃত টোলৰ পৰা । তেওঁ ১৯৫৬ ত অবিভক্ত কামৰূপ জিলাৰ চতমা গাওঁ পঞ্চায়তৰ সম্পাদকৰূপে নিযুক্ত হৈছিল।
১৯৫৬ চনৰ অক্টোবৰ মাহত চাকৰিৰ পৰা পদত্যাগ কৰি কৰিমগঞ্জ উচ্চ মাধ্যমিক বিদ্যালয়ত অসমীয়াৰ বিষয় শিক্ষক ৰূপে নিযুক্ত হয় ।

১৯৫৭ চনত পূৰ্বৰ চাকৰিৰ পৰা পদত্যাগ কৰি সৰু দিৰাকত দিৰাক মাইথং মধ্য-ইংৰাজী বিদ্যালয় প্ৰতিষ্ঠা কৰি প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক ৰূপে নিযুক্ত ।

১৯৮৯ চনত স্বাস্থ্যজনিত কাৰণত সাৰ্বজনীন মধ্য-ইংতৰাজী বিদ্যালয়লৈ (সৰু মাইথং) প্ৰধান শিক্ষক ৰূপে বদলি আৰু তাৰ পৰাই ১৯৯৬ চনত অৱসৰ গ্ৰহণ।

লোহিত চন্দ্ৰ দেৱ শৰ্মাই দিৰাক মধ্য-ইংৰাজী বিদ্যালয়ৰ প্ৰতিস্থা কৰাৰ লগতে দিৰাক উচ্চ -ইংৰাজী বিদ্যালয়ৰ প্ৰতিস্থাপক সভাপতি আছিল৷
তেওঁ দিৰাক বালিকা মধ্য-ইংৰাজী বিদ্যালয়ো প্ৰতিস্থা কৰিছিল ।

নলবাৰী ৰবিচন্দ্ৰ ৰাজহুৱা পুথিভৰালৰ প্ৰতিস্থাপক সম্পাদক লোহিত চন্দ্ৰ দেৱ শৰ্মা নলবাৰী চতমা নাট্য সংঘৰ প্ৰতিস্থাপক সভাপতি আছিল ।

তেওঁ বৃহত্তৰ কাকপথাৰ অঞ্চলৰ বহু- অনুষ্ঠানৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ আছিল ।

সুদক্ষ অভিনেতা হিচাপে বহু বছৰ কাকপথাৰ নাট্য সমিতিৰ বেনাৰত বহু নাটকত তেওঁ অভিনয় কৰিছিল ৷তেওঁ ১৯৭১-৯১লৈ সদৌ অসম মধ্য ইংৰাজী বিদ্যালয় শিক্ষক সন্থাৰ, তিনিচুকীয়া জিলা সমিতিৰ সভাপতি ৰূপে কাৰ্য্যনিৰ্বাহ আৰু তেখেতৰ কাৰ্য্যকালতে সন্থাৰ স্থায়ীভৱন নিৰ্মাণৰ কাম সম্পন্ন হৈছিল।

১৯৭৯-৮৫ লৈ সদৌ অসম কৰ্মচাৰী পৰিষদৰ তিনিচুকীয়া জিলাৰ সমিতিৰ সভাপতি ৰূপে অপ্ৰতিদণ্ডিতাৰে নিৰ্বাচিত হৈ কাৰ্য্যসাধন কৰিছিল ।

কাকপথাৰ হিন্দী প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ৰূপে কাৰ্য্যনিৰ্বাহ কৰি প্ৰায় 8 বছৰ কাল বিদ্যালয়ৰ বিভিন্ন উন্নয়নমূলক কামত জড়িত হৈ আছিল ।

কংগ্রেছ সেৱাদলৰ সদস্য আছিল যদিও ১৯৮০ চনত কংগ্ৰেছৰ পৰা পদত্যাগ কৰি, অসমৰ পৰা বিদেশী বিতাড়ণ আন্দোলনৰ লগত জড়িত হৈ পৰিছিল।

লোহিত চন্দ্ৰ দেৱ শৰ্মাৰ মৃত্যুত কাকপথাৰৰ বিভিন্ন দল-সংগঠন, ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd