• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশিষ্ট সমাজ সংগঠক, শিক্ষাবিদ লোহিত চন্দ্ৰ দেৱ শৰ্মাৰ মৃত্যু, কাকপথাৰত শোকৰ ছাঁ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
February 10, 2022 6:37 am
327
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ কাকপথাৰ নিবাসী বিশিষ্ট সমাজ সংগঠক তথা শিক্ষাবিদ লোহিত চন্দ্ৰ দেৱ শৰ্মাৰ আজি দিনৰ ১১ বজাত নিজ বাসভৱনতে পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স ৮২ বছৰ হৈছিল। দীৰ্ঘদিন ধৰি পক্ষাঘাত ৰোগত আক্ৰান্ত হৈ থকা লোহিত চন্দ্ৰ দেৱ শৰ্মাৰ মৃত্যুত সমগ্ৰ কাকপথাৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে।

কাকপথাৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ সামাজিক, শৈক্ষিক আদি ক্ষেত্ৰৰ উত্তৰণৰ ক্ষেত্ৰত লোহিত চন্দ্ৰ দেৱ শৰ্মাই যোগোৱা অৱদান আছিল অনবদ্য। তদানীন্তন কামৰূপ (অবিভক্ত) জিলাৰ সৰু নামখলাত ১৯৩৯ চনৰ ১ জানুৱাৰীত জন্মগ্ৰহণ কৰা লোহিত চন্দ্ৰ দেৱ শৰ্মাৰ পিতৃৰ নাম চণ্ডী প্ৰসাদ শৰ্মা আৰু মাতৃ ৰন্তা দেৱী।

১৯৫৬ চনত গুৱাহাটী বিশ্ব বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৫৫ চনত সংস্কৃতৰ ৰত্নমালা আৰু কাব্য পৰীক্ষাত উত্তীৰ্ণ হৈছিল নলবাৰী চতমা সংস্কৃত টোলৰ পৰা । তেওঁ ১৯৫৬ ত অবিভক্ত কামৰূপ জিলাৰ চতমা গাওঁ পঞ্চায়তৰ সম্পাদকৰূপে নিযুক্ত হৈছিল।
১৯৫৬ চনৰ অক্টোবৰ মাহত চাকৰিৰ পৰা পদত্যাগ কৰি কৰিমগঞ্জ উচ্চ মাধ্যমিক বিদ্যালয়ত অসমীয়াৰ বিষয় শিক্ষক ৰূপে নিযুক্ত হয় ।

১৯৫৭ চনত পূৰ্বৰ চাকৰিৰ পৰা পদত্যাগ কৰি সৰু দিৰাকত দিৰাক মাইথং মধ্য-ইংৰাজী বিদ্যালয় প্ৰতিষ্ঠা কৰি প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক ৰূপে নিযুক্ত ।

১৯৮৯ চনত স্বাস্থ্যজনিত কাৰণত সাৰ্বজনীন মধ্য-ইংতৰাজী বিদ্যালয়লৈ (সৰু মাইথং) প্ৰধান শিক্ষক ৰূপে বদলি আৰু তাৰ পৰাই ১৯৯৬ চনত অৱসৰ গ্ৰহণ।

লোহিত চন্দ্ৰ দেৱ শৰ্মাই দিৰাক মধ্য-ইংৰাজী বিদ্যালয়ৰ প্ৰতিস্থা কৰাৰ লগতে দিৰাক উচ্চ -ইংৰাজী বিদ্যালয়ৰ প্ৰতিস্থাপক সভাপতি আছিল৷
তেওঁ দিৰাক বালিকা মধ্য-ইংৰাজী বিদ্যালয়ো প্ৰতিস্থা কৰিছিল ।

নলবাৰী ৰবিচন্দ্ৰ ৰাজহুৱা পুথিভৰালৰ প্ৰতিস্থাপক সম্পাদক লোহিত চন্দ্ৰ দেৱ শৰ্মা নলবাৰী চতমা নাট্য সংঘৰ প্ৰতিস্থাপক সভাপতি আছিল ।

তেওঁ বৃহত্তৰ কাকপথাৰ অঞ্চলৰ বহু- অনুষ্ঠানৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ আছিল ।

সুদক্ষ অভিনেতা হিচাপে বহু বছৰ কাকপথাৰ নাট্য সমিতিৰ বেনাৰত বহু নাটকত তেওঁ অভিনয় কৰিছিল ৷তেওঁ ১৯৭১-৯১লৈ সদৌ অসম মধ্য ইংৰাজী বিদ্যালয় শিক্ষক সন্থাৰ, তিনিচুকীয়া জিলা সমিতিৰ সভাপতি ৰূপে কাৰ্য্যনিৰ্বাহ আৰু তেখেতৰ কাৰ্য্যকালতে সন্থাৰ স্থায়ীভৱন নিৰ্মাণৰ কাম সম্পন্ন হৈছিল।

১৯৭৯-৮৫ লৈ সদৌ অসম কৰ্মচাৰী পৰিষদৰ তিনিচুকীয়া জিলাৰ সমিতিৰ সভাপতি ৰূপে অপ্ৰতিদণ্ডিতাৰে নিৰ্বাচিত হৈ কাৰ্য্যসাধন কৰিছিল ।

কাকপথাৰ হিন্দী প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ৰূপে কাৰ্য্যনিৰ্বাহ কৰি প্ৰায় 8 বছৰ কাল বিদ্যালয়ৰ বিভিন্ন উন্নয়নমূলক কামত জড়িত হৈ আছিল ।

কংগ্রেছ সেৱাদলৰ সদস্য আছিল যদিও ১৯৮০ চনত কংগ্ৰেছৰ পৰা পদত্যাগ কৰি, অসমৰ পৰা বিদেশী বিতাড়ণ আন্দোলনৰ লগত জড়িত হৈ পৰিছিল।

লোহিত চন্দ্ৰ দেৱ শৰ্মাৰ মৃত্যুত কাকপথাৰৰ বিভিন্ন দল-সংগঠন, ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd