মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আদালতত হাজিৰ হ’ব লাগিব!
আদালতত হাজিৰ হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জামিন বিচাৰিব লাগিব।
মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ২০১৯ চনতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই নিৰ্বাচন আয়োগত দাখিল কৰিছিল এক অভিযোগ।
সেয়া আছিল নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ। মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মা মালিকাধীন নিউজ লাইভৰ এক আচুতীয়া সাক্ষাৎকাৰত নিৰ্বাচনী বিধি উলংঘা কৰিছিল মুখ্যমন্ত্ৰীয়ে।
নিৰ্বাচনী প্ৰচাৰ অন্ত পৰাৰ পাছত এই সাক্ষাৎকাৰত বহিছিল মুখ্যমন্ত্ৰীগৰাকী।
বৰ্তমান আদালতৰ মজিয়া পাইছে গৈ এই সমগ্ৰ বিষয়।
কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে জাৰি কৰিছে এক চমন।
অহা ২৫ ফেব্ৰুৱাৰীৰ দিনা কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ হ’ব লাগিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। আদালতত গৈ জামিন ল’ব লাগিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
display_pdf – 2022-02-23T092711.310
প্ৰদেশ কংগ্ৰেছৰ তেতিয়াৰ সভাপতি ৰিপুন বৰা আৰু সাধাৰণ সম্পাদকে ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে দাখিল কৰিছিল অভিযোগ।
হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰা সন্দৰ্ভত অসম চৰকাৰৰ তদানীন্তন সচিব, দিচপুৰৰ নিৰ্বাচন বিভাগৰ তদানীন্তন সচিবে ভাৰতৰ নিৰ্বাচন আয়োগৰ ওচৰত 11.04.2019 তাৰিখে ইএলই.49/2019/পিটি-আই দাখিল কৰিছিল।
নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদালতে চমন জাৰি কৰাৰ বিষয়টোত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মনজিত মহন্তই নৰ্থ ইষ্ট নাওক কয়’— হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী বিধি উলংঘা কৰাটো এক গুৰুতৰ বিষয় হিচাবে কংগ্ৰেছে গ্ৰহণ কৰিছিল। সেইবাবেই তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী কংগ্ৰেছে উত্থাপন কৰিছিল আৰু এই সন্দৰ্ভত গোচৰো তৰিছিল। গণতান্ত্ৰিক ব্যৱস্থাত এনে বিধি উলংঘনৰ ঘটনা নিতান্তই গৰিহণাৰ যোগ্য বিষয়।সেই সময়ত শাসনত বিজেপিৰ চৰকাৰেই আছিল। বিষয়টো যিহেতু বৰ্তমান আদালতৰ বিচাৰাধীন হৈ আছে সেয়ে আদালতে এই বিষয়ত ন্যায় প্ৰদান কৰিব বুলি আমি আশাবাদী’।