যুদ্ধৰ বাবে ইউক্ৰেইনত আৱদ্ধ হৈ পৰা ভাৰতীয়সকলক ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসৰ পৰা পৰামৰ্শ দি পৰিস্থিতিৰ অধিক অৱনতি ঘটিলে গুগল মেপ চাই নিৰাপদ আশ্ৰয় বিচাৰি ল’বলৈ কোৱা হৈছে।
ভাৰতীয় দূতাবাসৰ পৰা জাৰি কৰা এক নিৰ্দেশনাত কোৱা হৈছে যে ইউক্ৰেইনৰ সুৰংগ মেট্ৰ’ ষ্টেশ্যনসমূহ বোমা আক্ৰমণৰ পৰা সুৰক্ষিত থকাৰ ক্ষেত্ৰত উপযোগী হ’ব পাৰে।
বৃহস্পতিবাৰে পুৱা ৰাছিয়াই যুদ্ধ ঘোষণা কৰাৰ পিছতেই ইউক্ৰেইনে আকাশীপথ বন্ধ কৰি দিয়ে। ইয়াৰ ফলত ইউক্ৰেইনত আৱদ্ধ হৈ পৰা ভাৰতীয়সকলক দেশলৈ ওভতাই অনাৰ পথো বন্ধ হৈ পৰে।
লগতে পঢ়ক: ৰাছিয়া-ইউক্ৰেইন যুদ্ধ: থমকি ৰৈছে নাটো! ইউক্ৰেইনলৈ সৈন্য প্ৰেৰণ নকৰাৰ সিদ্ধান্ত
ভাৰতৰ বিদেশ মন্ত্ৰ্যালয়ৰ সূত্ৰৰ খবৰ অনুসৰি ইউক্ৰেইনত কমেও ১৮হাজাৰ ভাৰতীয় লোক আৱদ্ধ হৈ আছে। তেওঁলোকৰ বাবেই ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসৰ পৰা তৃতীয়টো নিৰ্দেশনা জাৰি কৰা হৈছে।
এই নিৰ্দেশনাত কোৱা হৈছে যে ইউক্ৰেইনত যিসকল আৱদ্ধ হৈ ৰৈছে তেওঁলোকক ওভতাই অনাৰ বাবে ভাৰত চৰকাৰে বিকল্প উপায়ৰ সন্ধান কৰিছে। কিন্তু উদ্ধাৰ কৰাৰ আগলৈকে তেওঁলোকক সাৱধানে থকাৰ পৰামৰ্শ দিয়া হৈছে।
Third Advisory to all Indian Nationals/Students in Ukraine.@MEAIndia @PIB_India @PIBHindi @DDNewslive @DDNewsHindi @DDNational @PMOIndia pic.twitter.com/naRTQQKVyS
— India in Ukraine (@IndiainUkraine) February 24, 2022
কোনো প্ৰয়োজন নহ’লে বাসস্থানৰ পৰা বাহিৰলৈ ওলাবলৈ মানা কৰাৰ লগতে সকলো সময়তে গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ লগত ৰাখিবলৈ কোৱা হৈছে।
আনহাতে, আশ্ৰয়হীন হৈ পৰা সকলক দূতাবাসৰ পৰা সংশ্লিষ্ট অঞ্চলত বোমা আক্ৰমণৰ আশংকা দেখা দিলেই ওচৰত থকা বোমা প্ৰতিৰোধী স্থানলৈ গুচি যোৱাৰ পৰামৰ্শ দিয়া হৈছে। প্ৰয়োজন হ’লে গুগল মেপৰ সহায় ল’বলৈও কোৱা হৈছে।