• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰত্যুত্তৰ! ফৰাচী-ইটালী-স্পেইনৰ ৮৫ গৰাকী কূটনীতিবিদক বহিষ্কাৰ কৰিলে ৰাছিয়াই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 19, 2022 4:18 pm
ৰাছিয়াৰ কূটনীতি বিভাগৰ মুৰব্বী ছাৰ্গেই লাভৰভ।

ৰাছিয়াৰ কূটনীতি বিভাগৰ মুৰব্বী ছাৰ্গেই লাভৰভ।

7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাছিয়াই ফ্ৰান্স, ইটালী আৰু স্পেইনৰ ৮৫ গৰাকী কূটনীতিবিদক বহিষ্কাৰ কৰিছে।ৰাছিয়াই ইউক্ৰেইনত সামৰিক অভিযান আৰম্ভ কৰাৰ পিছৰে পৰা ইউৰোপীয় দেশসমূহে ৰাছিয়াৰ কূটনীতিবিদসকলক কেইবাটাও পৰ্যায়ত বহিষ্কাৰ কৰিছে। ইয়াৰ প্ৰত্যুত্তৰত, ৰাছিয়াই পুনৰ প্ৰতিশোধমূলক পদক্ষেপ হিচাপে তিনিখন দেশৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে।

ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে কূটনীতিবিদসকলক বহিষ্কাৰ কৰাৰ সন্দৰ্ভত এটা বিবৃতি জাৰি কৰিছে। ইয়াত কোৱা হৈছে যে ৩৪ গৰাকী ফৰাচী কূটনীতিবিদক বহিষ্কাৰ কৰা হৈছে। তেওঁলোকক ৰাছিয়া এৰিবলৈ দুসপ্তাহৰ সময় দিয়া হৈছে।

লগতে পঢ়ক: Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

Apply Now

ৰাছিয়াত থকা ফ্ৰান্সৰ ৰাষ্ট্ৰদূত পিয়েৰ লেভিক ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে মাতি আনি কয় যে ফ্ৰান্সৰ পৰা ৪১ গৰাকী ৰাছিয়াৰ কূটনীতিবিদক বহিষ্কাৰ কৰাটো “স্পষ্টভাৱে উচটনিমূলক আৰু অগ্ৰহণযোগ্য সিদ্ধান্ত”।

ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে পিছত কয় যে স্পেনিছ দূতাবাসৰ ২৭ গৰাকী  কৰ্মচাৰীকো অবাঞ্ছিত ঘোষণা কৰা হৈছে।

তেওঁলোকে পৰৱৰ্তী সাত দিনৰ ভিতৰত ৰাছিয়া এৰিব লাগিব। ৰাছিয়াত স্পেইনৰ ৰাষ্ট্ৰদূত মাৰ্কোছ গোমেজ মাৰ্টিনেজক সতৰ্ক কৰি দিয়া হৈছে যে মাদ্ৰিদৰ পৰা ৰাছিয়াৰ কূটনীতিবিদসকলক বহিষ্কাৰ কৰিলে ৰাছিয়া-স্পেইন সম্পৰ্কত বাধা আহিব পাৰে। ইয়াৰ বিপৰীতে, স্পেইনে ৰাছিয়াৰ সিদ্ধান্তক সমালোচনা কৰিছে।

লগতে পঢ়ক: জনপ্ৰতিনিধিৰ কাণ্ড: সাংবাদিকৰ পিঠিত উঠি গ’ল বান বিধ্বস্ত এলেকা চাবলৈ!

ইপিনে, ইটালীৰ ২৪ গৰাকী কূটনীতিবিদকো ৰাছিয়াৰ পৰা বহিষ্কাৰ কৰা হৈছে।

এই সন্দৰ্ভত ৰাছিয়াৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি দিয়া হোৱা নাই যদিও ইটালীয়ে ইয়াৰ কূটনীতিবিদসকলক বহিষ্কাৰ কৰাটো নিশ্চিত কৰিছে।

ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাৰিয়া জাখাৰোভায়েও ৰাছিয়াৰ সংবাদ মাধ্যমক বাতৰিটো নিশ্চিত কৰিছে। ইটালীৰ প্ৰধানমন্ত্ৰী মাৰিঅ’ দ্ৰাঘিয়ে ৰাছিয়াৰ পদক্ষেপক “প্ৰতিকূল আচৰণ” বুলি বৰ্ণনা কৰিছে।

লগতে পঢ়ক: ফেচবুকত বিপ্লৱী কবিতা লিখি গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ প্ৰতিভাৱান ছাত্ৰী

ইতিমধ্যে ৰাছিয়াৰ ৩০০ তকৈও অধিক কূটনীতিবিদক ইউৰোপীয় দেশৰ পৰা বহিষ্কাৰ কৰা হৈছে। বহুতো দেশে ৰাছিয়াৰ কূটনীতিবিদসকলৰ ওপৰত চোৰাংচোৱাৰ অভিযোগ উত্থাপন কৰিছে। মস্কোৱে অৱশ্যে এনে অভিযোগ অস্বীকাৰ কৰিছে। এইক্ষেত্ৰত ৰাছিয়াইও আৰম্ভণিৰে পৰাই আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰি আহিছে। ৰাছিয়াই ৪৫ গৰাকী পোলেণ্ডৰ কূটনীতিবিদ আৰু ৪০ গৰাকী জাৰ্মান কূটনীতিবিদকো স্বদেশলৈ ঘুৰাই পঠিয়াইছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm
পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am
পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm
পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd