• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 29, 2022 12:32 pm
125
VIEWS
Share on FacebookShare on Twitter

সামাজিক মাধ্যমৰ এটা পোষ্টৰ বাবে মঙলবাৰে গ্ৰেপ্তাৰ কৰা মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক তেওঁ জামানতৰ বাবে ১ লাখ টকাৰ জামিন বণ্ড দাখিল কৰিব নোৱাৰাত ১৫ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

তেওঁক যোৱা মঙলবাৰে নতুন দিল্লীত গ্ৰেপ্তাৰ কৰাৰ পিছত শুকুৰবাৰে ট্ৰেঞ্জিট ৰিমাণ্ডত মণিপুৰলৈ অনা হৈছিল।

তেওঁক প্ৰথমতে কৰ্তব্যৰত দণ্ডাধীশৰ দ্বাৰা জামিন দিয়া হৈছিল।

হাওকিপ আন্তৰ্জাতিক মানৱ অধিকাৰ সংস্থাৰ সভাপতি।

সম্প্ৰদায়সমূহৰ মাজত শত্ৰুতা বা বিদ্বেষ গঢ়ি তোলাৰ অভিযোগত যোৱা বছৰ গোচৰ ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।

লগতে পঢ়ক: Retired Education Officer Arrested: একালৰ প্ৰতাপী শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক; সংবাদ মাধ্যমৰ সমুখত হুছেইনৰ বিস্ফোৰণ!

আৰক্ষীয়ে তেওঁক জিম্মাত বিচাৰি কৈছিল যে হাওকিপে এটা পোষ্ট আপলোড কৰিছিল য’ত “ভাৰতীয় চৰকাৰৰ সৈতে ৰাজ্যৰ একত্ৰীকৰণ চুক্তিৰ ভুল ব্যাখ্যা কৰাৰ অভিপ্ৰায়” আছিল।

আৰক্ষীয়ে আদালতক জনাইছিল যে হাওকিপৰ পোষ্টটোত মহাৰাজাৰ দ্বাৰা স্বাক্ষৰিত একত্ৰীকৰণ চুক্তিয়ে মাত্ৰ ৭০০ বৰ্গ মাইল সামৰি লৈছিল আৰু জনজাতীয় মুৰব্বী আৰু তেওঁলোকৰ প্ৰজাসকলৰ দ্বাৰা অধিকৃত অঞ্চলক সামৰি লোৱা নাছিল বুলি কোৱা হৈছিল।

মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে আইপিচিৰ ধাৰা ১৫৩-এ/৫০৫(২)ৰ অধীনত এজাহাৰ দাখিল কৰে য’ত জাতি, জন্মস্থান, ভাষা বা আঞ্চলিক গোট আদিৰ ভিত্তিত বিভিন্ন গোট বা সম্প্ৰদায়ৰ মাজত শত্ৰুতা বৃদ্ধি কৰা আৰু শ্ৰেণীসমূহৰ মাজত শত্ৰুতা ঘৃণা বা বিদ্বেষ সৃষ্টি কৰা বা প্ৰচাৰ কৰাৰ অভিযোগ অনা হয়।

লগতে পঢ়ক: Lioness dies of snake bite: ভুৱনেশ্বৰৰ নন্দনকাননত ভয়ংকৰ ঘটনা; বিষাক্ত সাপৰ কামোৰত মৃত্যু সিংহিনীৰ

আৰক্ষীয়ে হাওকিপক আঠ দিনৰ বাবে জিম্মাত বিচাৰিছিল।

ইয়াৰ পূৰ্বে ইম্ফল ৱেষ্টৰ মুখ্য ন্যায়িক দণ্ডাধীশে তেওঁৰ বিৰুদ্ধে জামিন অযোগ্য গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল। ইম্ফল আৰক্ষীৰ দ্বাৰা দাখিল কৰা আবেদনৰ ভিত্তিত ৱাৰেণ্ট জাৰি কৰা হৈছিল।

আৰক্ষীৰ মতে, ১০ টাকৈ নাগৰিক সমাজ সংগঠনৰ নেতাসকলে হাওকিপৰ বিৰুদ্ধে আৰক্ষীত গোচৰ ৰুজু কৰিছিল।

লগতে পঢ়ক: Unique Art Works: তাঁতশালত শিল্পকর্মৰ অপূৰ্ব নিদৰ্শন; তামুলপুৰৰ যুৱক বিজয়ে প্ৰশংসা বুটলিছে স্বাভিমানী অসমীয়াৰ

তেওঁলোকে দাবী কৰিছিল যে হাওকিপৰ মন্তব্যই বহুলোকৰ অনুভূতিক আঘাত কৰিছে আৰু ই সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰিব পাৰে।

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd