• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এফালে বিভিন্ন সমস্যাৰে ৰাজ্য ভাৰাক্ৰান্ত : আনফালে শাসক বিৰোধীৰ নেতা-মন্ত্ৰীয়ে ৰচিছে কবিতা !

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
May 31, 2022 7:32 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত অসম। অসম যাৰ অৰ্থই ‘অসমান’ আৰু এইখন অসমতে এটাৰ পাছত আন এটা সমস্যাই প্ৰতিদিনে গা কৰি উঠা পৰিলক্ষিত হয়।

সেয়া লাগিলে বানপানী গৰাখহনীয়াৰ সমস্যাই হওঁক, ভূমিস্খলন, ডিমা হাচাওত প্ৰকৃতিৰ তাণ্ডৱলীলাই নহওঁক মুঠৰ ওপৰত এশ এবুৰি সমস্যাৰে জৰ্জৰিত অসম।

Apply Now

ঠিক সেইদৰে শেহতীয়াকৈ বটদ্ৰৱা কাণ্ডই কঁপাই তুলিছে অসম। প্ৰথমে আৰক্ষীৰ জিম্মাত মাছ বেপাৰীৰ মৃত্যু, তাৰ পাছত আকৌ উত্তেজিত পৰিয়ালৰ লোকে জ্বলাই দিলে বৰদোৱা আৰক্ষী থানা। তাৰ পাছদিনাই নগাঁও জিলা আৰক্ষী প্ৰশাসনে উচ্ছেদ চলালে বৰদোৱা ছালনাবাড়ীৰ ছফিকুলৰ পৰিয়ালৰ কেইবাটাও বাসগৃহ।

ইতিমধ্যে নগাঁও আৰক্ষীয়ে বহুকেইগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। তাৰ মাজতে আৰক্ষীৰ গাড়ীৰ পৰা জপিয়াই ৰহস্যজনক দুৰ্ঘটনাত মৃত্যুত আকোৱালি লৈছে আছিকুল নামৰ অভিযুক্তই।

তাৰ পাছতে এই বিষয়টোৱে ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে আৰু তুমূল বিতৰ্কৰো সূচনা কৰিছে।

ৰাজ্যৰ এনে অগ্নিগৰ্ভা অৱস্থাতে আকৌ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু শাসকীয় দলৰ মন্ত্ৰী পিযুষ হাজৰিকাৰ মাজত কবিতা ৰচনা কৰাৰ প্ৰতিযোগিতা চলিছে।

কিছুদিন পূৰ্বে নিজকে ফায়াৰব্ৰিগেট আখ্যা দি কবিতা ৰচনা কৰি চৰ্চিত হোৱা ভূপেন বৰাই পুনৰ লিখিছে অন্য এটা কবিতা।
কবিতাটোৰ শিৰোনাম
“Extra Judicial Killing”

অগ্নি দেৱতাই থানা দহিছে,

জলদেৱতাই নৈপৰীয়াৰ নিদ্রা হৰিছে।
একাউণ্টাৰ মৃত্যুৰ কিৰীলি হৈ দৌৰি ফুৰিছে,
মৃত্যুৰ যজ্ঞৰ বাবেহে যেন প্রতিযোগিতা চলিছে!
বুলড’জাৰৰ বিকট শব্দত ডলু বাগিছাৰ চৰাইবোৰেও যেন আৰ্তনাদ কৰিছে!
মানৱতাৰ স্খলনৰ স’তে
ডিমা হাছাওৰ ভূমিস্খলনে
ফেপেৰি পাতিছে!!
ভূপেন বৰাৰ এই কবিতাৰ বাবেই যেন অপেক্ষা কৰি আছিল বিজেপি চৰকাৰৰ মন্ত্ৰী পিযুষ হাজৰিকা। বৰাৰ কবিতা শুনি কেনেকৈনো ৰৈ থাকে মন্ত্ৰী হাজৰিকা? কবি নহ’লেও ভূপেন বৰাৰ নাম উচ্চাৰণ নকৰাকৈ মঞ্চত বহি থাকোতেই লিখি উলিয়ালে কবিতা।
মন্ত্ৰী পিযুষ হাজৰিকাৰ কবিতাটো হ’ল :
“সাতটা ইলেকশ্যনত হ’লো মই পৰাস্ত
আঠটাত হাৰি হ’ম সৰ্বশ্ৰান্ত
নাযাওঁ মই প্ৰচাৰত
কৰিম মই কংগ্ৰেছ দল ধ্বংস ।
ৰাজীৱ ভৱনত কমাৰ্চিয়েল কমপ্লেক্স বনাম
টিকট বিক্ৰী কৰাৰ দৰে ৰাজীৱ ভৱনো বিক্ৰী কৰি
লুটি পুটি খাম”।

এনেবোৰ কবিতাই প্ৰকৃততে ৰাজ্যৰ মূল সমস্যাবোৰৰ পৰা জনসাধাৰণক আঁতৰাই ৰখাৰ এক প্ৰকাৰৰ যেন কৌশল লৈছে শাসক-বিৰোধী উভৈ পক্ষৰ কিছুসংখ্যক মন্তব্যই।

যিসময়ত আকাশলঙ্ঘী মূল্যবৃদ্ধিয়ে সৰ্ব সাধাৰণৰ মূৰত মাধমাৰ সোধাইছে, নিবনুৱা সমস্যাই যুৱ চামৰ মাজত হতাশ আনিছে বা চাকৰি হেৰুৱাই কিছু লোক সৰ্বশ্ৰান্ত হৈছে তেনে সময়ত বিৰোধী হিচাপে সবল যুক্তিৰে শাসকগ পক্ষক যুক্তি দাঙি ধৰিব লাগিছিল তেনে সময়ত কবিতা চৰ্চাতহে মনোনিবেশ কৰিছে ভূপেন বৰাই। যি সময়ত ৰাজ্যত কংগ্ৰেছ দলৰ মাজত নেতৃত্বক লৈ খোৱা কামোৰাৰ ফলত দলটোত গৰাখহনীয়া হৈছে তেনে সময়ত ভূপেন বৰাৰ এনে কবিতা কিমান দূৰ সমিচীন বুলিও একাংশই মত পোষণ কৰিছে।

ভূপেন বৰাৰ এই কবিতাৰ অচিলালৈ মূল ইচ্ছুৰ পৰা জনতাক আঁতৰাই ৰাখিবলৈ পুনৰ কবিতা লিখি জনতাক অন্য বিষয়ত ব্যস্ত ৰখাৰ চেষ্টা কৰিছে মন্ত্ৰী পিযুষ হাজৰিকাই।

ইয়াৰোপৰি, ভূপেন বৰাৰ কবিতাটোৰ প্ৰথম শাৰীত অগ্নি দেৱতাৰ নাম উচ্চাৰণ কৰাক লৈয়ো এচাম বিতৰ্কত ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd