ৰাজ্যত ১ জুনৰ পৰা আৰম্ভ হৈছে তৃতীয় পৰ্য্যায়ৰ গুণোৎসৱ। বৃহস্পতিবাৰে দ্বিতীয় দিনা বিভাগীয়ভাৱে নিয়োজিত নিৰীক্ষকৰ উপস্থিতিত অনুষ্ঠিত হয় বিদ্যালয়সমূহৰ মূল্যায়ন পৰীক্ষা।
তামুলপুৰ শিক্ষা খণ্ডৰ অধীনস্থ ভালুকমাৰী প্ৰাথমিক বিদ্যালয়তো অনুষ্ঠিত হয় গুণোৎসৱৰ মূল্যায়ন পৰীক্ষা।
দুখ আৰু পৰিতাপৰ বিষয় যে ১৯৬৫ চনত স্থাপন হোৱা ভালুকমাৰী প্ৰাথমিক বিদ্যালয়খনৰ বাল্টি নদীৰ গৰাখহনীয়াৰ কৱলত পৰি অৱস্থা পুতৌজনক হৈ পৰিছে।
বিগত দুটা বছৰত হোৱা বাল্টি নদীৰ বান আৰু গৰাখনহীয়াৰ কৱলত পৰা বিদ্যালয়খনৰ প্ৰস্ৰাৱগাৰ নৈৰ বুকুত জাহ গৈছে।
নৈখনৰ গৰাখহনীয়াই বিদ্যালয়খনৰ মূল গৃহৰ নিচেই ওচৰ চাপি অহাত বিদ্যালয় গৃহটো নৈৰ গৰাখহনীয়াত জাহ যোৱাৰ আশংকা কৰি বিভাগীয় কৰ্তৃপক্ষৰ অনুমতি সাপেক্ষে বিদ্যালয় গৃহটোৰ মুধচৰ টিনপাত, দৰ্জা-খিৰিকী, চৌকাঠ আদি খুলি পেলোৱা হৈছে। ফলত পাঠদান কৰাৰ বাবে অনুপযুক্ত হৈ পৰিছে গৃহটো।
শ্ৰেণী কোঠাৰ অভাৱত অনুষ্ঠিত গুণোৎসৱৰ মূল্যায়ন পৰীক্ষাত বিদ্যালখনত থকা এটা সৰু কোঠাত চাৰিটাকৈ শ্ৰেণীৰ অৰ্ধ শতাধিক ছাত্র-ছাত্ৰীৰ মুল্যায়ন পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে বেৰ নথকা এখন চালিৰ তলতো আন এটা শ্ৰেণীৰ মূল্যায়ন পৰীক্ষা অনুষ্ঠিত কৰা হয়।
বৃহত্তৰ ভালুকমাৰী অঞ্চলৰ কেইবাখনো গাঁওৰ ছাত্ৰ-ছাত্ৰীৰ বাবে একমাত্ৰ প্ৰাথমিক বিদ্যালয়খন বাল্টি নৈৰ বুকুত জাহ গ’লে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকলৰ ভৱিষ্যত শৈক্ষিক জীৱনলৈ আমানিশা নামি আহিব।
যি সময়ত গুণগত শিক্ষাৰ বাবে শিক্ষা বিভাগে ৰাজ্যজুৰি গুণোৎসৱ অনুষ্ঠিত কৰিছে, সেই সময়ত বিদ্যালয়খনত একেটা কোঠাত চাৰিটাকৈ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আৰু আৰ বেৰ নোহোৱা চালিৰ তলত শিক্ষা লাভ কৰি কিদৰে গুণগত শিক্ষা লাভ কৰিব তাকে লৈ সচেতন মহলত প্ৰশ্ন উত্থাপিত হৈছে।
ইতিমধ্যে বিদ্যালয়খনৰ ওচৰত গৰাখহনীয়া ৰোধৰ বাবে জিও বেগ ব্যৱহাৰ কৰা হৈছে যদিও স্থানীয় ৰাইজে গৰাখহনীয়া ৰোধৰ স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা বিটিচি প্ৰশাসনক দাবী জনাইছে।
ইয়াৰ উপৰিও টিনপাত, দুৱাৰ-খিৰিকী নথকা বিদ্যালয় গৃহটো পুনৰ্নিৰ্মাণৰ ব্যৱস্থা কৰাৰ বাবেও স্থানীয় ৰাইজে শিক্ষা বিভাগ আৰু চৰকাৰক অনুৰোধ জনাইছে।