• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

BJP Leaders’ Prophet Remarks: মধ্য-প্ৰাচ্যৰ দেশসমূহত অৱনমিত দিল্লীৰ সন্মান! ভাৰতীয় সামগ্ৰী বৰ্জনৰ আহ্বান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 6, 2022 10:44 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিতৰ্কিত মন্তব্য কৰা নেতাক বিজেপিয়ে অপসাৰণ কৰাৰ পিছতো ক্ষান্ত হোৱা নাই মধ্য প্ৰাচ্যৰ দেশসমূহ। আনহাতে, পয়গম্বৰ মহম্মদকলৈ বিজেপি নেতাৰ বিতৰ্কিত মন্তব্যৰ প্ৰতিক্ৰিয়া অধিক শক্তিশালী আৰু তীব্ৰ হৈ উঠিছে। উপসাগৰীয় ইছলামিক দেশসমূহত অসন্তুষ্টি বৃদ্ধি পাইছে। কাটাৰ, কুৱেইট আৰু ইৰাণে ইতিমধ্যে ভাৰতীয় ৰাষ্ট্ৰদূতক তলব কৰিছে। সামাজিক মাধ্যমত ভাৰতীয় সামগ্ৰী বৰ্জন কৰাৰ বাৰ্তা বিয়পি পৰিছে। বিদেশত ভাৰতৰ ধৰ্মনিৰপেক্ষ নীতি প্ৰশ্নৰ সন্মুখীন হৈছে।

বিজেপিয়ে দলটোৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নুপুৰ শৰ্মা আৰু দিল্লীৰ সংবাদ মাধ্যমৰ মুৰব্বী নবীন কুমাৰ জিন্দালৰ মন্তব্যকলৈ যে বিতৰ্কৰ সৃষ্টি হ’ব সেইকথা গেৰুৱা বাহিনীয়ে অনুমান কৰিব পাৰিছিল। সেয়ে পৰিস্থিতি অধিক জটিল হোৱাৰ পূৰ্বে বহিষ্কাৰ কৰা হয় দলৰ দুই নেতাক।

বিজেপিয়ে জাৰি কৰা এটা বিবৃতিত কোৱা হৈছে যে ই “সকলো ধৰ্মক সন্মান কৰে” আৰু “যিকোনো ধৰ্মীয় ব্যক্তিৰ অপমানক তীব্ৰ গৰিহণা দিয়ে”।”

পয়গম্বৰ মহম্মদ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি দলৰ পৰা অপসাৰিত হোৱা দুই নেতা নবীন কুমাৰ জিন্দাল আৰু নুপূৰ শৰ্মা।

কাটাৰে শাসকীয় দলৰ নেতাসকলৰ বিৰুদ্ধে লোৱা ব্যৱস্থা আদৰণি জনাইছে। দেশখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিবৃতিত কোৱা হৈছে, “ভাৰতীয় ৰাষ্ট্ৰদূত দীপক মিট্টালক মাতি পঠোৱা হৈছিল আৰু এটা “চৰকাৰী টোকা প্ৰদান কৰা হৈছে”। ইয়াত পয়গম্বৰ মহম্মদৰ বিৰুদ্ধে ভাৰতৰ শাসকীয় দলৰ দুগৰাকী নেতাই কৰা মন্তব্যৰ ওপৰত অসন্তুষ্টিৰ কথা ব্যক্ত কৰা হৈছে আৰু বিতৰ্কিত মন্তব্য সম্পূৰ্ণ প্ৰত্যাখ্যান তথা গৰিহনা প্ৰকাশ কৰা হৈছে। ‘

বিবৃতিটোত লগতে কোৱা হৈছে, “কাটাৰে এই মন্তব্যৰ বাবে ভাৰত চৰকাৰৰ পৰা ৰাজহুৱাভাৱে ক্ষমা আৰু তাৎক্ষণিক গৰিহনা আশা কৰিছে। এনে ইছলাম বিৰোধী মন্তব্যৰ বাবে শাস্তি নোহোৱাটো মানৱ অধিকাৰৰ সুৰক্ষাৰ বাবে এক গুৰুতৰ ভাবুকি আৰু ইয়ে অধিক কুসংস্কাৰলৈ ঠেলি দিব পাৰে।” ফলত ক্ৰমান্বয়ে ঈৰ্ষা আৰু ঘৃণাৰ পৰিৱেশ সৃষ্টি কৰিব। তদুপৰি, এনেধৰণৰ অপমানজনক মন্তব্যই ধৰ্মীয় বিদ্বেষক উচটনি দিব আৰু বিশ্বজুৰি ২০০কোটিতকৈও অধিক মুছলমানক ক্ষুব্ধ কৰি তুলিব।‘’

উল্লেখ্য যে দুই বিজেপি নেতাৰ বিতৰ্কিত মন্তব্যৰ সময়ত ভাৰতৰ উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু তিনিদিনীয়া কাটাৰ ভ্ৰমণত আছে।

লগতে পঢ়ক: Nigeria church attack: নাইজেৰিয়াৰ গীৰ্জাত বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনাত কমেও ৫০ জন নিহত

আনহাতে, ভাৰতত থকা কাটাৰৰ দূতাবাসৰ এক বিবৃতিত কোৱা হৈছে যে বিতৰ্কিত টুইটবোৰ কোনোপ্ৰকাৰে ভাৰত ৰাষ্ট্ৰৰ দ্বাৰা সমৰ্থনযোগ্য নহয়। এইবোৰ প্ৰান্তীয় দৃষ্টিভংগী (ফ্ৰিঞ্জ এলিমেণ্ট)। আমাৰ সভ্যতাৰ পৰম্পৰা আৰু বৈচিত্ৰ্যৰ মাজত একতাৰ এক শক্তিশালী সংস্কৃতি জড়িত। ভাৰত চৰকাৰে সকলো ধৰ্মকে সৰ্বাধিক সন্মান প্ৰদান কৰে।

দূতাবাসৰ বক্তৱ্যত কয়, “যিসকলে অপমানজনক মন্তব্য কৰিছে তেওঁলোকৰ বিৰুদ্ধে ইতিমধ্যে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ভাৰত-কাটাৰ সম্পৰ্কৰ বিৰুদ্ধে নিহিত স্বাৰ্থ থকা লোকসকলে এই অপমানজনক মন্তব্য কৰি জনসাধাৰণক  উচটনি দিছে। ‘

ইপিনে, তেহৰানেও বিজেপি নেতাৰ মন্তব্যকলৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। বিজেপিয়ে গ্ৰহণ কৰা পদক্ষেপৰ পিছত অৱশ্যে দেওবাৰে নিশালৈকে তেহৰানে কোনো আনুষ্ঠানিক বিবৃতি জাৰি কৰা নাই। ইৰাণৰ বৈদেশিক মন্ত্ৰী হোছেইন আমিৰ আব্দুল্লাহিয়ানে এই সপ্তাহতে ভাৰত ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক: উত্তৰাখণ্ডত তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছ গভীৰ খাৱৈত পৰি ২৫ জন তীৰ্থযাত্ৰীৰ মৃত্যু

সেইদৰে, পাকিস্তানেও নিজৰ অসন্তুষ্টিৰ কথা প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে কয়, “মই বাৰে বাৰে কৈছো যে মোডীৰ অধীনত ভাৰতে ধৰ্মীয় স্বাধীনতাক পদদলিত কৰি মুছলমানসকলৰ ওপৰত অত্যাচাৰ কৰি আছে। বিশ্বই এই দিশটো চোৱা প্ৰয়োজন আৰু ভাৰতক কঠোৰভাৱে ভৰ্ৎসনা কৰা উচিত।‘’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd