• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

ক্ষমতাই শেষ কথা

দ্বিপেন কাকতি by দ্বিপেন কাকতি
June 12, 2022 2:28 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৰেন্দ্ৰ মোডী ক্ষমতালৈ অহাৰ পাছত দেশৰ সামগ্ৰিক সামাজিক পৰিৱেশটো যে ক্ৰমাৎ ঘৃণা, বিদ্বেষ আৰু অসহিষ্ণুতাৰ পংকিলতাত সোমাই গৈ আছে, এই সন্দৰ্ভত দ্বিমত থকাৰ কথা নহয়। খুব কৌশলেৰে আৰু প্রণালীবদ্ধভাৱে মুছলমান আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকৰ বিৰুদ্ধে সমাজখনক ক্ৰমাৎ অসহিষ্ণু কৰি তোলা হৈছে। ৬-৮-১২ বছৰীয়া শিশু-কিশোৰৰ মনতো ঘৃণা আৰু বিদ্বেষৰ শিপা ইমান গভীৰভাৱে প্ৰোথিত হৈ গৈছে যে তেওঁলোকেও নিৰ্দিষ্ট সম্প্ৰদায়ৰ মানুহক ঘৃণা আৰু গালি-গালাজ কৰিবলৈ শিকিছে। এয়া অত্যন্ত উদ্বেগৰ কথা হৈ পৰিছে। ঘৃণা-বিদ্বেষৰ দৰে অনুভূতিবোৰ নিৰ্দিষ্ট পৰিসৰ কিম্বা সম্প্ৰদায়ৰ মাজত আৱদ্ধ নাথাকে; যিকোনো ক্ষেত্ৰলৈ ইহঁতৰ অবাধ আৰু দ্ৰুত বিস্তাৰ ঘটে অথবা ঘটিব পাৰে। এতিয়া সংঘ পৰিয়ালৰ উদ্যোগত দেশৰ সৰ্বত্ৰ এই বিষ বিয়পাই দিবলৈ চেষ্টা কৰা হৈছে। হিন্দী বলয়ৰ কোনো কোনো ঠাইত ইয়াৰ আশংকাজনক বিস্তাৰ ঘটিছে।

মানুহক সহজে প্রলোভিত কৰিব পৰা যিবিলাক প্রতিশ্রুতি দি নৰেন্দ্ৰ মোডী ক্ষমতালৈ আহিছিল, যোৱা আঠ বছৰে তাৰ কোনোটোৱেই তেওঁ কাৰ্যকৰী কৰিব পৰা নাই; বৰং ইউ পি এ চৰকাৰৰ আমোলৰ যিবোৰ পৰিঘটনালৈ আঙুলিয়াই তেওঁ চৰকাৰটোৰ ব্যৰ্থতাৰ ছবি আঁকিছিল, তেওঁৰ আমোলত সেইবোৰ পৰিঘটনাৰ অত্যধিক অৱনতিৰে মানুহৰ জীৱন-জীৱিকাক অধিক দুৰ্বিসহ কৰি তুলিছে৷ পেট্ৰোল-ডিজেলৰ মূল্য, অন্যান্য পণ্যৰ মূল্য, ডলাৰৰ বিপৰীতে টকাৰ মূল্য, দলিত (যদিওবা হিন্দু)ৰ জীৱনৰ মূল্য, নাৰীৰ ওপৰত অত্যাচাৰ, কৃষকৰ দুৰৱস্থা, দেশৰ সীমান্ত সুৰক্ষা–এই সকলো প্রশ্নৰ উত্তৰত নৰেন্দ্ৰ মোডী সম্পূৰ্ণ ব্যৰ্থ। কিন্তু তেখেতৰ ক্ষমতা-মোহ অতি প্রবল–ঠিক ৰজা-মহাৰজাৰ দৰে। যিকোনো মূল্যৰ বিনিময়ত তেখেত ক্ষমতাত থাকিবলৈ বিচাৰে। তাৰ বাবে তেখেতে যিকোনো পৰ্যায়লৈ নামিব পাৰে, যিকোনো ধৰণৰ কাম কৰিব পাৰে। ক্ষমতাৰ কাৰণেই গুজৰাটৰ ২০০২ চনৰ সাম্প্ৰদায়িক সংঘৰ্ষত তেখেতে নেতিবাচক ভূমিকা পালন কৰাৰ অভিযোগ আছে। সেইকাৰণেই তেতিয়াৰ গুজৰাটৰ মুখ্য মন্ত্ৰী নৰেন্দ্ৰ মোডীক প্রধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে “ৰাজধৰ্ম পালনত ব্যৰ্থ হোৱা” বুলি মন্তব্য কৰিছিল। যাৰ ওচৰত ৰাজধৰ্মতকৈ ক্ষমতাৰ গুৰুত্ব বেছি, তেনে নেতাৰ ক্ষমতা দখলৰ সম্ভাৱনাৰ ভেটি যিমানে খহিবলৈ ধৰে, ৰাজনৈতিক কুঅভিসন্ধিবোৰ সিমানে সক্ৰিয় হৈ পৰে।নিজৰ ‘মাৰ্কেটিঙেৰে’ জনপ্ৰিয়তাৰ গ্ৰাফদাল উৰ্ধমুখী কৰি ৰাখিবলৈ বিচাৰে।

দিল্লীৰ সংঘৰ্ষ।

 

Apply Now

যাহওক, সাধাৰণ জনতাৰ জীৱন-জীৱিকাক মোডী চৰকাৰে কোনো ধৰণে সকাহ দিব নোৱাৰাটো এতিয়া এটা অস্বীকাৰ কৰিব নোৱাৰা সত্য। কিন্তু ক্ষমতাততো থাকিবই লাগিব! তেন্তে কি কৰা যাব? হিন্দু ভোটৰ সুদৃঢ়কৰণ। কেনেকৈ? মুছলমানৰ বিৰুদ্ধে ঘৃণা আৰু বিদ্বেষ বিয়পাই। মুছলমানেই কিয়? খ্ৰীষ্টান, জৈন, বৌদ্ধ, লিংগায়তসকল কিয় নহয়?

মুছলমানসকল আমাৰ দেশৰ সংখ্যাগুৰু সংখ্যালঘূ–প্রায় ১৪.২৩ শতাংশ। মোগলে ভাৰতৰ এক বিশাল অংশ শাসন কৰিছিল প্রায় ৩৩১ বছৰ (১৫২৬-১৮৫৭)। মোগল ৰজা বাবৰে আন এজন মুছলমান ৰজা ইব্ৰাহিম লোধীক পৰাস্ত কৰি দিল্লী দখল কৰিছিল। বাবৰৰ পুতেক আকবৰে মেৱাৰ দখল কৰিবলৈ যাওঁতে ৰজা ৰাণাপ্ৰতাপ সিঙৰ লগত যুদ্ধ হৈছিল। ৰাণা প্রতাপ সিঙৰ সুদক্ষ সেনাপতি হাকিম সিঙ সুৰৰ অধীনত যি সৈন্য বাহিনী আছিল, তাত আছিল এদল সাহসী আফগান সেনা আৰু কেইটামান জনগোষ্ঠীয় সৈন্যদল। আনহাতে আকবৰৰ সেনাধ্যক্ষ কোন আছিল? অম্বৰৰ ৰজা মান সিং। ইযাৰ পৰা কি বুজা যায়? ৰজা হিন্দুৱেই হওক বা মুছলমানেই হওক, তেওঁলোকৰ যুদ্ধ বিগ্ৰহৰ মূল চালিকা শক্তি আছিল ধন-সম্পত্তি আহৰণ আৰু ৰাজ্য বিস্তাৰ। তাৰ বাবে প্রয়োজনত মন্দিৰ-মছজিদ ধ্বংসও কৰিছিল আৰু প্রজাৰ মাজত জনপ্ৰিয়তা আৰ্জিবলৈ অথবা বিদ্ৰোহৰ উপশম ঘটাবলৈ মন্দিৰ-মছজিদ নিৰ্মাণো কৰি দিছিল। তেতিয়াৰ শাসকসকলৰ সা-সম্পত্তিৰ প্রতি যি খঁক আছিল, সেই খঁক আমাৰ ৰাজনীতিকসকলৰ মাজত আজিও বিদ্যমান। খঁক পূৰাবলৈ ক্ষমতা লাগে। সেই ক্ষমতাৰ নিচাতে তেওঁলোকৰ মাজৰ কোনোবাই যদি কেতিয়াবা “গুজৰাটৰ পানীৰ পাইপেদি মুছলমানৰ তেজ বয়” বুলি কয়, আন কেতিয়াবা আকৌ একেজন ব্যক্তিয়ে “হিন্দু-মুছলমানৰ সভ্যতাৰ যুঁজত হিন্দু জয়ী হ’বই লাগিব” বুলিও কয়। আন কোনোবাই কৱৰস্থান-শ্মশানৰ দোহাই দিয়ে। ক্ষমতাৰ যুঁজত জয়ী হ’বলৈ “আশী (হিন্দু) আৰু বিছ (মুছলমানৰ সংখ্যা দৰাচলতে ১৪.২৩ শতাংশ)ৰ মাজৰ যুদ্ধ”ৰ প্রসংগৰো অৱতাড়না কৰা হয়। ইতিহাসৰ মিছা

ব্যাখ্যাৰে মানুহক বিপথে পৰিচালিত কৰা হয়। এওঁলোক যদি ৰজা হ’লহেঁতেন, আগৰ ৰজা-মহাৰজাই কৰা কামবোৰ এওঁলোকেও কৰিলেহেঁতেন ৷ কিন্তু আজিৰ শাসনতন্ত্ৰ ৰাজতন্ত্ৰ নহয়, গণতন্ত্ৰহে। তথাপিও ৰজা-মহাৰজাই কৰা কিছু কাম এওঁলোকে ছল-বল-কৌশলেৰে কৰিয়ে আছে। অমিত শ্বাহৰ মতে এয়া “সংস্কৃতিৰ পুনৰুদ্ধাৰ”। চমৎকাৰ অভিধা!

মন কৰিবলগীয়া কথা–যিবোৰ আশা-আকাংখ্যাৰ বোকোছাত উঠি মোডী চৰকাৰ ক্ষমতালৈ আহিছিল, সেইবোৰৰ প্রসংগ উত্থাপন কৰাৰ সাহস এতিয়া মোডী-শ্বাহ প্ৰমুখ্যে বিজেপিৰ কোনো নেতাৰে নাই। কিন্তু ক্ষমতালৈ আহিবলৈ জনতাক আকৌ ভেঁড়া বনোৱাৰ উদ্দেশ্যে নতুন অভিসন্ধি ৰচনা কৰি যাব লাগিব৷ সেইকাৰণে কেতিয়াবা, হিন্দু-মুছলমান, পুলৱামা-চাৰ্জিকেল ষ্টাইক, হিজাব-হালাল, কাশ্মিৰী ফাইল্চ্, কুটুবমিনাৰ-তাজমহল, কাশী-মথুৰা আদিৰ আশ্রয় লৈ থকা হয়। তাতেই ক্ষান্ত থকা নহয়। “ধৰ্ম সংসদ”বোৰ অনুষ্ঠিত কৰি মুছলমানৰ গণহত্যাৰ মুকলি আহ্বান জনোৱা হয়। সম্প্ৰতি দেশৰ বিভিন্ন অঞ্চলত মুছলমানক কেৱল হাতেৰেই মৰা নাই, ভাতেৰেও মাৰিছে৷ তাৰ জৰিয়তে ১৪.২৩ শতাংশ লোকেৰে গঠিত “দেশৰ বৃহত্তম শত্ৰু”হঁতক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা হয়। চমৎকাৰ ৰণকৌশল!

 কিন্তু আমোদজনক কথাটো হ’ল–মুছলমানৰ বিৰূদ্ধে মন্তব্য দিয়া, মুছলমানৰ গণহত্যাৰ দাবী কৰা লোকসকলৰ বিৰুদ্ধে কোনো ধৰণৰ আইনী ব্যৱস্থা নহয়; পিছে পয়গম্বৰ হজৰত মহম্মদৰ চৰিত্ৰক লৈ কৰা মন্তব্যৰ বাবে নূপুৰ শৰ্মা-নবীন জিন্দাল আজি দলৰ পৰা নিলম্বিত কিম্বা বৰ্খাস্ত হ’ব লগা হ’ল। দেশৰ ন্যায্য নাগৰিকক– মুছলমানসকলক–হাতেৰে, ভাতেৰে মাৰিবলৈ বিচৰা অপৰাধীসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা নহয়; আনহাতে পুলৱামা দৰে কাণ্ডবোৰৰো বিচাৰ নহয়।

আচলতে ক্ষমতাই আচল কথা ৷ সি তাহানিৰ ৰজা-মহাৰজাৰেই হওক কিম্বা আজিৰ ভ্রষ্ট ৰাজনৈতিক দলৰে হওক, ক্ষমতা দখল কৰাই শেষ কথা। ক্ষমতাৰ কাৰণেই আজি দেশৰ কেইবাখনো ৰাজ্যত “কটা হাতত পদুম ফুলে”। ৰাইজে এই কথাবোৰ বুজি উঠা অত্যন্ত জৰুৰী হৈ পৰিছে।

(ফোন-৯৪৩৫০-৯০৮৯৯)

দ্বিপেন কাকতি

দ্বিপেন কাকতি

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd