• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বাস্থ্য বিভাগৰ লিখিত পৰীক্ষা: নিজ জিলাতে পৰীক্ষা দিয়াৰ ব্যৱস্থাৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ ডি ৱাই এফ আইৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 13, 2022 7:51 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ খালী পদ পূৰণৰ বাবে অহা ১৯ জুনত অনুষ্ঠিত হ’বলগীয়া লিখিত পৰীক্ষাত প্ৰতি জিলাৰ প্ৰাৰ্থীক নিজ জিলাতে পৰীক্ষা দিয়াৰ সুবিধা দিবলৈ দাবী জনাইছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে৷

নিজ জিলাত পৰীক্ষাৰ ব্যৱস্থা কৰিব নোৱাৰিলে প্ৰাৰ্থী সকলক পৰিবহন খৰচ দিবলৈ সংগঠনটোৱে দাবী জনাইছে৷ এই দাবীৰ ভিত্তিত আজি সংগঠনটোৰ পক্ষৰ পৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ মেইল যোগে স্মাৰক পত্ৰ প্ৰদান কৰা হয়৷

লগতে পঢ়ক: অৰুণোদয় আঁচনিৰ পুনৰ নিৰীক্ষণ; হিমন্ত বিশ্ব শৰ্মাৰ হাতত বৃহৎ তালিকা

Apply Now

অসম চৰকাৰে স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ ১১৯২ টা খালী পদত নিযুক্তি দিবলৈ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ উক্ত পদৰ বাবে অহা ১৯ জুনত অনুষ্ঠিত হ’বলগীয়া লিখিত পৰীক্ষাত বহু জিলাৰ প্ৰাৰ্থীয়ে নিজ জিলা অথবা কাষৰীয়া জিলাৰ সলনি দুৰৰ জিলাৰ পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হ’ব লাগিব৷

অসম চৰকাৰ তথা সংশি¡ষ্ট বিভাগৰ অবিবেচকী সিদ্ধান্তৰ ফলত নিবনুৱা যুৱক-যুৱতী সকলৰ বহু কষ্টৰ লগতে যথেষ্ট খৰচী হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ যুৱতী প্ৰাৰ্থীসকলে আৰু অধিক সমস্যাত পৰিব৷

ডি ৱাই এফ আই ৰ অসম ৰাজ্যিক কমিটিয়ে গুৰুত্বপূৰ্ণ বিষয়টো মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰি তাৎক্ষণিক হস্তক্ষেপ বিচাৰিছে আৰু নিজৰ জিলাতেই প্ৰতিজন প্ৰাৰ্থীক পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে৷

লগতে পঢ়ক: CBI Raids: গুৱাহাটীত বৃহৎ কেলেংকাৰীৰ বিৰুদ্ধে চিবিআইৰ অভিযান; আটক ব্যৱসায়ী

ডি ৱাই এফ আইয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে বিভাগৰ আজব সিদ্ধান্তৰ বাবে বৰপেটাকে ধৰি নামনি অসমৰ বিভিন্ন জিলাৰ প্ৰাৰ্থীৰ বাবে ৪০০/৫০০ কিলোমিটাৰ দূৰৰ তিনিচুকীয়া, বিশ্বনাথ আদি জিলাত পৰীক্ষা কেন্দ্ৰ নিৰ্ধাৰণ কৰিছে৷ ঠিক সেইদৰে নগাঁও জিলাৰ প্ৰাৰ্থীৰ বাবে ডিব্ৰুগড় জিলাত কেন্দ্ৰ নিৰ্ধাৰণ কৰিছে৷

এয়া অবিবেচকী আৰু আজৱ কাণ্ড হিচাপেই বিবেচিত হৈছে৷ ইয়াৰ ফলত এজন নিবনুৱা প্ৰাৰ্থীয়ে ৪০০০/৫০০০ টকা খৰচ কৰিব লাগিব৷ যুৱতী প্ৰাৰ্থী সকলে অধিক কষ্টৰ সন্মুখীন হ’ব৷ এনে বহু প্ৰাৰ্থী আছে যিসকলে টকাৰ অভাবৰ বাবে দূৰণিৰ জিলালৈ গৈ পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিব৷

এজন প্ৰাৰ্থীক নিজৰ  জিলাতেই পৰীক্ষা কেন্দ্ৰৰ ব্যৱস্থা কৰিব নোৱাৰাৰ কোনো যুক্তি নাই৷  সেয়া সম্ভৱ নহ’লেও কাষতে থকা জিলাসমূহত পৰীক্ষা কেন্দ্ৰৰ ব্যৱস্থা কৰিব পাৰে৷ কিন্তু স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ বাবে সেয়াও কৰা নহ’ল৷ পৰৱৰ্তী সময়ত ৰাজ্যৰ চাৰি লাখ নিবনুৱাই পিয়ন-চকীদাৰ আদি পদৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব৷

লগতে পঢ়ক: ১২ লাখ নিবনুৱা আবেদনকাৰীৰ পৰা সংগ্ৰহ কৰা আবেদন মাচুলে টনকিয়াল কৰিলে ৰাজভঁৰাল!

উল্লেখনীয় যে অসম চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ চাকৰিত আৱেদন মাচুল হিচাপে ইতিমধ্যে ৪০ কোটিতকৈ অধিক টকা সংগ্ৰহ কৰিছে৷ আৱেদনৰ নামতে প্ৰাৰ্থীসকলে বহু টকা খৰচ কৰিবলগীয়া হৈছে৷ পুনৰ পৰীক্ষাৰ নামত খৰচ কৰিবলগীয়া হোৱাটো ডাঙৰ বোজা হিচাপে বিবেচিত হৈছে৷

ডি ৱাই এফ আইয়ে এই অবিবেচকী সিদ্ধান্ত বাতিল কৰাৰ লগতে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হ’বলৈ যুৱক-যুৱতী আৰু সচেতন ৰাইজলৈ আহ্বান জনাইছে৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd