DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

স্বাস্থ্য বিভাগৰ লিখিত পৰীক্ষা: নিজ জিলাতে পৰীক্ষা দিয়াৰ ব্যৱস্থাৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ ডি ৱাই এফ আইৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 13, 2022 7:51 pm
127
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ খালী পদ পূৰণৰ বাবে অহা ১৯ জুনত অনুষ্ঠিত হ’বলগীয়া লিখিত পৰীক্ষাত প্ৰতি জিলাৰ প্ৰাৰ্থীক নিজ জিলাতে পৰীক্ষা দিয়াৰ সুবিধা দিবলৈ দাবী জনাইছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে৷

নিজ জিলাত পৰীক্ষাৰ ব্যৱস্থা কৰিব নোৱাৰিলে প্ৰাৰ্থী সকলক পৰিবহন খৰচ দিবলৈ সংগঠনটোৱে দাবী জনাইছে৷ এই দাবীৰ ভিত্তিত আজি সংগঠনটোৰ পক্ষৰ পৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ মেইল যোগে স্মাৰক পত্ৰ প্ৰদান কৰা হয়৷

লগতে পঢ়ক: অৰুণোদয় আঁচনিৰ পুনৰ নিৰীক্ষণ; হিমন্ত বিশ্ব শৰ্মাৰ হাতত বৃহৎ তালিকা

অসম চৰকাৰে স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ ১১৯২ টা খালী পদত নিযুক্তি দিবলৈ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ উক্ত পদৰ বাবে অহা ১৯ জুনত অনুষ্ঠিত হ’বলগীয়া লিখিত পৰীক্ষাত বহু জিলাৰ প্ৰাৰ্থীয়ে নিজ জিলা অথবা কাষৰীয়া জিলাৰ সলনি দুৰৰ জিলাৰ পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হ’ব লাগিব৷

অসম চৰকাৰ তথা সংশি¡ষ্ট বিভাগৰ অবিবেচকী সিদ্ধান্তৰ ফলত নিবনুৱা যুৱক-যুৱতী সকলৰ বহু কষ্টৰ লগতে যথেষ্ট খৰচী হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ যুৱতী প্ৰাৰ্থীসকলে আৰু অধিক সমস্যাত পৰিব৷

ডি ৱাই এফ আই ৰ অসম ৰাজ্যিক কমিটিয়ে গুৰুত্বপূৰ্ণ বিষয়টো মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰি তাৎক্ষণিক হস্তক্ষেপ বিচাৰিছে আৰু নিজৰ জিলাতেই প্ৰতিজন প্ৰাৰ্থীক পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে৷

লগতে পঢ়ক: CBI Raids: গুৱাহাটীত বৃহৎ কেলেংকাৰীৰ বিৰুদ্ধে চিবিআইৰ অভিযান; আটক ব্যৱসায়ী

ডি ৱাই এফ আইয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে বিভাগৰ আজব সিদ্ধান্তৰ বাবে বৰপেটাকে ধৰি নামনি অসমৰ বিভিন্ন জিলাৰ প্ৰাৰ্থীৰ বাবে ৪০০/৫০০ কিলোমিটাৰ দূৰৰ তিনিচুকীয়া, বিশ্বনাথ আদি জিলাত পৰীক্ষা কেন্দ্ৰ নিৰ্ধাৰণ কৰিছে৷ ঠিক সেইদৰে নগাঁও জিলাৰ প্ৰাৰ্থীৰ বাবে ডিব্ৰুগড় জিলাত কেন্দ্ৰ নিৰ্ধাৰণ কৰিছে৷

এয়া অবিবেচকী আৰু আজৱ কাণ্ড হিচাপেই বিবেচিত হৈছে৷ ইয়াৰ ফলত এজন নিবনুৱা প্ৰাৰ্থীয়ে ৪০০০/৫০০০ টকা খৰচ কৰিব লাগিব৷ যুৱতী প্ৰাৰ্থী সকলে অধিক কষ্টৰ সন্মুখীন হ’ব৷ এনে বহু প্ৰাৰ্থী আছে যিসকলে টকাৰ অভাবৰ বাবে দূৰণিৰ জিলালৈ গৈ পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিব৷

এজন প্ৰাৰ্থীক নিজৰ  জিলাতেই পৰীক্ষা কেন্দ্ৰৰ ব্যৱস্থা কৰিব নোৱাৰাৰ কোনো যুক্তি নাই৷  সেয়া সম্ভৱ নহ’লেও কাষতে থকা জিলাসমূহত পৰীক্ষা কেন্দ্ৰৰ ব্যৱস্থা কৰিব পাৰে৷ কিন্তু স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ বাবে সেয়াও কৰা নহ’ল৷ পৰৱৰ্তী সময়ত ৰাজ্যৰ চাৰি লাখ নিবনুৱাই পিয়ন-চকীদাৰ আদি পদৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব৷

লগতে পঢ়ক: ১২ লাখ নিবনুৱা আবেদনকাৰীৰ পৰা সংগ্ৰহ কৰা আবেদন মাচুলে টনকিয়াল কৰিলে ৰাজভঁৰাল!

উল্লেখনীয় যে অসম চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ চাকৰিত আৱেদন মাচুল হিচাপে ইতিমধ্যে ৪০ কোটিতকৈ অধিক টকা সংগ্ৰহ কৰিছে৷ আৱেদনৰ নামতে প্ৰাৰ্থীসকলে বহু টকা খৰচ কৰিবলগীয়া হৈছে৷ পুনৰ পৰীক্ষাৰ নামত খৰচ কৰিবলগীয়া হোৱাটো ডাঙৰ বোজা হিচাপে বিবেচিত হৈছে৷

ডি ৱাই এফ আইয়ে এই অবিবেচকী সিদ্ধান্ত বাতিল কৰাৰ লগতে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হ’বলৈ যুৱক-যুৱতী আৰু সচেতন ৰাইজলৈ আহ্বান জনাইছে৷

Recent News

Applications are invited for various teaching and research based positions under NIELIT Guwahati.

Assam Career : NIELIT গুৱাহাটীত বিভিন্ন খালী পদৰ পূৰণৰ বাবে আবেদন আহ্বান, কিদৰে কৰিব আবেদন?

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 05 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

দুখন দেশ – দুটা ৰায়

দুখন দেশ – দুটা ৰায়

মটৰ চাইকেল চোৰৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ তিনি চোৰ

মটৰ চাইকেল চোৰৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ তিনি চোৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd