• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লুইতৰ পানীত ওপঙি থকা ৭টা মৃতদেহ সঠিক অনুসন্ধান অবিহনেই পুতি থোৱাত প্ৰতিক্ৰিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
April 18, 2018 10:24 am
Bhutnath
277
VIEWS
Share on FacebookShare on Twitter

আৰক্ষীয়ে চূড়ান্ত দায়িত্বহীনতাৰ নিদৰ্শনেৰে কালি মহানগৰীৰ ভূতনাথ শ্মশানৰ দাঁতিৰে বৈ যোৱা বৰলুইতৰ পানীত ওপঙি থকা ৭টাকৈ মৃতদেহ উদ্ধাৰ কৰি সঠিক অনুসন্ধান নকৰাকৈ আৰু উপযুক্ত নিয়ম অনুসৰণ নকৰাকৈ পুতি থোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে কালি অৰ্থাৎ ১৭ এপ্ৰিলত প্ৰায় ২.৩০ বজাত ভূতনাথ শ্মশান কৰ্তৃপক্ষই ইয়াৰ দাঁতিৰ লুইতৰ পানীত সাতটাকৈ মৃতদেহ ওপঙি থকা দেখা পাই আৰক্ষীক খবৰ দিছিল। খবৰ  পায়ে ভৰলু থানাই নদী আৰক্ষীৰ সহযোগত মৃতদেহকেইটা উদ্ধাৰ কৰে। কিন্তু মৃতদেহকেইটা ক’ৰ পৰা কেনেকৈ ওপঙি আহিছিল বা সেইবোৰৰ পৰিচয় সন্দৰ্ভত ভালকৈ অনুসন্ধান নকৰাকৈ মৃতদেহকেইটা ভূতনাথ শ্মশানৰ পিছপিনে পুতি থয়।

আৰক্ষীৰ এনে কাৰ্য্যত স্থানীয় ৰাইজ আৰু আইন সচতেন লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া হৈছে।  আইনবিদ সকলৰ মতে কোনো অচিনাক্ত মৃতদেহ উদ্ধাৰ হ’লে তাক চিনাক্ত কৰাটো প্ৰাথমিক দায়িত্ব আৰু ই আইনী প্ৰক্ৰিয়াৰ অংশ। ৭২ ঘণ্টাৰ ভিতৰতো চিনাক্ত নহ’লে দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে মৃতদেহ সৎকাৰ কৰে।

কিন্তু ভৰলুৰ আৰক্ষীয়ে উক্ত মৃতদেহকেইটাৰ ক্ষেত্ৰত এই আইনী প্ৰক্ৰিয়া অনুসৰণ নকৰি, অনুমানৰ ভিত্তিত সেইকেইটা ভূতনাথ শ্মশানৰ পৰাই ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে উটুৱাই নিয়া বুলি দাবী কৰি ভূতনাথ শ্মশানৰ পিছফালে পুতি থয়।

আৰক্ষীৰ এই কাণ্ডত সচেতন ৰাইজে প্ৰশ্ন কৰিছে যে একে সময়তে একেটা স্থানতে শিশু আৰু বয়স্ক লোকৰ ৭টাকৈ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতো আৰক্ষীয়ে কেনেকৈ ইমান সাধাৰণভাৱে বিষয়টো ল’ব পাৰিলে? আৰক্ষী কিহৰ ভিত্তিত নিশ্চিত হ’ল যে এই আটাইবোৰ মৃতদেহেই পূৰ্বে পুতি থোৱা অচিনাক্ত মৃতদেহ বুলি?

আৰু যদিহে মৃতদেহকেইটা ভূতনাথ শ্মশানৰ পৰাই পানীয়ে উটুৱাই আনিছে, তেন্তে শ্মশানখনত মৃতদেহ সৎকাৰৰ ক্ষেত্ৰত হোৱা গাফিলতি আৰু দায়িত্বহীনতা প্ৰমাণ হোৱা নাইনে? মৃতদেহ সৎকাৰৰ ক্ষেত্ৰত নিম্নতম মানৱীয় দায়িত্ব তথা মৃতদেহৰ প্ৰতি ন্যূনতম সন্মান প্ৰদৰ্শন কৰা হয়নে?

Recent News

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd