দীৰ্ঘদিন নিতাল মাৰি থকাৰ পিচত পুনৰ যেন সাৰ পাইছে আক্ৰাছু ৷ নামি পৰিছে পুনৰ আন্দোলনৰ কাৰ্যসূচী ৰূপীয়ণৰ বাবে ৷ শেহতীয়াভাৱে পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণকে ধৰি বিভিন্ন দাবীত ২০ জুলাইত দিল্লীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই ৷
সোমবাৰে বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত সংগঠনটোৰ মুখ্য কাৰ্যালয়ত আয়োজিত এখন সংবাদ মেলত আক্ৰাছুৰ সভাপতি ক্ষীতিশ বৰ্মনে এই কথা সদৰি কৰে ৷ সংবাদ মেলত সভাপতি বৰ্মনে কয় যে দীৰ্ঘদিন ধৰি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই নাৰ্য প্ৰাপ্তিৰ কাৰণে আন্দোলন কৰি আহিছে ৷
পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণকে ধৰি ভাষা, শৈক্ষিক ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আদি বিভিন্ন দাবী সমাধানৰ বাবে চৰকাৰৰ ওচৰত উত্থাপন কৰি আহিছে ৷ কিন্তু চৰকাৰে কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷ বিশেষকৈ কমতাপুৰৰ দাবীৰ আজিলৈকে স্থায়ী সমাধান নোহোৱাৰ লগতে জনজাতিকৰণৰ সমস্যাটোও সমস্যা হৈয়ে থাকিল ৷ জনজাতিকৰণৰ বিষ়য়টোকলৈ চৰকাৰে জনগোষ্ঠীটোৰ বিভিন্ন জাতীয় সংগঠনৰ সৈতে আলোচনা কৰিছিল যদিও বাস্তৱত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে ৷
ইয়াৰ সলনি শেহতীয়াভাৱে চৰকাৰে আমাক সীমিত পৰিসৰৰ কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ এখনহে দিলে ৷ কিন্তু এই পৰিষদখনৰ জৰিয়তে আমাৰ আক্ৰাছু আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ যি আন্দোলন সেই আন্দোলনক স্থৱিৰ কৰিব বিচৰা যেনহে অনুমান হৈছে ৷ কাৰণ পৰিষদখনকলৈ আমাক ব্যতিব্যস্ত কৰি ৰাখি জনজাতিকৰণৰ বিষয়টো যে পিচুৱাই ৰাখিব বিচাৰি এই পৰিকল্পনা কৰা হৈছে সেয়া আমি অনুমান কৰিছো ৷ পৰিষদখনক কেৱল এখন পৰিষদ হিচাপে নাৰাখি যদি পৰিষদখনৰ দ্বাৰা দ্ৰুত গতিত উন্নয়নমূলক কাম – কাজৰ অগ্ৰগতি দেখিলোহেতেন তেতিয়াহলে ইয়াৰ দ্বাৰা জনগোষ্ঠীটোৰ উন্নতি হ’ব বুলি আশা কৰিলোহেঁতেন ৷ কিন্তু পৰিষদখন গঠনৰ এবছৰ হৈ গ’ল যদিও কোনো উন্নয়নমূলক কাম – কাজ দেখা পোৱা নাই ৷
সেয়ে আমি শংকিত হৈছো যে পৰিষদখন কেৱল নামতহে পৰিষদ হৈ থাকিব নেকি? আনহাতে জনজাতিকৰণৰ বিষয়টোকলৈ দুবাৰকৈ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু আক্ৰাছুৰ মাজত ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত হোৱাৰ পিচতো সমস্যাটোৰ সমাধান নকৰিলে ৷ পিচত মডেলিটী কমিটী গঠন কৰি দিলে যদিও কমিটীয়ে প্ৰতিবেদনেই দাখিল নকৰিলে ৷ যাৰ বাবে আক্ৰাছুৱে পুনৰ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি কয় ৷ সভাপতিগৰাকীয়ে কয় যে বিগত ২২ মেত গুৱাহাটীৰ আমিনগাঁৱত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি যি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰা হৈছিল সেই মৰ্মে ৮ জুনত জিলাই জিলাই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ৷ আনহাতে এইবাৰ ২০ জুলাইত দিল্লীৰ যন্তৰ মন্তৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব ৷ তিনি ঘণ্টীয়া এই ধৰ্ণা কাৰ্যসূচীত সকলো জিলাৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিব বুলিও কয় ৷ ধৰ্ণা কাৰ্যসূচীৰ অন্তত কেন্দ্ৰীয় চৰকাৰক স্মাৰক পত্ৰও প্ৰদান কৰিব ৷
সভাপতিগৰাকীয়ে সংবাদ মেলত কমতাপুৰ ৰাজ্যৰ দাবীটোৰ ৰাজনৈতিকভাৱে স্থায়ী সমাধান উলিয়াবলৈ দাবী জনোৱাৰ লগতে সংসদৰ এই অধিৱেশনতে কোচ ৰাজবংশী জনগোষ্ঠীটোক জনজাতিকৰণ কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্যৰ বিজেপি চৰকাৰক দাবী জনায়৷ লগতে জনগোষ্ঠীটোৰ সমস্যাসমূহ সমাধানৰ বাবে ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত কৰিবলৈকো চৰকাৰৰ ওচৰত দাবী জনায় ৷ ইপিনে সংবাদ মেলত সভাপতি বৰ্মনে সদৰি কৰা মতে আক্ৰাছুৰ ৩২ সংস্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটো এইবেলি অহা ২৯ জুলাইত কোকৰাঝাৰ জিলাৰ ছালেকাটিত উদযাপন কৰা হ’ব ৷ ইতিমধ্যে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আমন্ত্ৰণ জনোৱা বুলি উল্লেখ কৰি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত থাকি জনগোষ্ঠীটোৰ বাবে এটা শুভ বাৰ্তা কঢ়িয়াই আনিব বুলিও আশাবাদী বুলি কয় ৷
]প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত ৫০ হাজাৰৰ পৰা এক লাখ লোকৰ উপস্থিতিৰ বাবে প্ৰস্তুতি চলোৱা বুলিও জানিবলৈ দিয়ে ৷ আনহাতে সংবাদ মেলত উপস্থিত থকা প্ৰতিষ্ঠা দিৱস উদযাপন সমিতিৰ সভাপতি তথা আক্ৰাছুুৰ উপ সভাপতি মুকুল কৃষ্ণ ৰায়ে প্ৰতিষ্ঠা দিসৱৰ প্ৰস্তুতি সন্দৰ্ভত কয় যে ২৬ জুনত আক্ৰাছুৰ উদ্যোগত পূব কোকৰাঝাৰ জিলা সমিতি আৰু ছালেকাটি আঞ্চলিক সমিতিৰ লগতে তথা স্থানীয় ৰাইজৰ উপস্থিতিত ছালেকাটি কালী মন্দিৰত অনুষ্ঠিত সভাত এখন ৫১ জনীয়া অভ্যৰ্থনা সমিতি গঠন কৰা হয় ৷ এই অভ্যৰ্থনা সমিতিয়ে ইতিমধ্যে প্ৰস্তুতি অব্যাহ ৰাখিছে বুলিও কয় ৷ সংবাদ মেলত আক্ৰাছুৰ কেইবাগৰাকীও নেতা- কৰ্মী উপস্থিত আছিল ৷