• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনজাতিকৰণকে ধৰি বিভিন্ন দাবীত ২০ জুলাইত দিল্লীৰ যন্তৰ -মন্তৰত আক্ৰাছুৱে দিব ধৰ্ণা

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
July 14, 2022 7:10 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীৰ্ঘদিন নিতাল মাৰি থকাৰ পিচত পুনৰ যেন সাৰ পাইছে আক্ৰাছু ৷ নামি পৰিছে পুনৰ আন্দোলনৰ কাৰ্যসূচী ৰূপীয়ণৰ বাবে ৷ শেহতীয়াভাৱে পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণকে ধৰি বিভিন্ন দাবীত ২০ জুলাইত দিল্লীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই ৷

সোমবাৰে বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত সংগঠনটোৰ মুখ্য কাৰ্যালয়ত আয়োজিত এখন সংবাদ মেলত আক্ৰাছুৰ সভাপতি ক্ষীতিশ বৰ্মনে এই কথা সদৰি কৰে ৷ সংবাদ মেলত সভাপতি বৰ্মনে কয় যে দীৰ্ঘদিন ধৰি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই নাৰ্য প্ৰাপ্তিৰ কাৰণে আন্দোলন কৰি আহিছে ৷

Apply Now

পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণকে ধৰি ভাষা, শৈক্ষিক ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আদি বিভিন্ন দাবী সমাধানৰ বাবে চৰকাৰৰ ওচৰত উত্থাপন কৰি আহিছে ৷ কিন্তু চৰকাৰে কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷ বিশেষকৈ কমতাপুৰৰ দাবীৰ আজিলৈকে স্থায়ী সমাধান নোহোৱাৰ লগতে জনজাতিকৰণৰ সমস্যাটোও সমস্যা হৈয়ে থাকিল ৷ জনজাতিকৰণৰ বিষ়য়টোকলৈ চৰকাৰে জনগোষ্ঠীটোৰ বিভিন্ন জাতীয় সংগঠনৰ সৈতে আলোচনা কৰিছিল যদিও বাস্তৱত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে ৷

ইয়াৰ সলনি শেহতীয়াভাৱে চৰকাৰে আমাক সীমিত পৰিসৰৰ কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ এখনহে দিলে ৷ কিন্তু এই পৰিষদখনৰ জৰিয়তে আমাৰ আক্ৰাছু আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ যি আন্দোলন সেই আন্দোলনক স্থৱিৰ কৰিব বিচৰা যেনহে অনুমান হৈছে ৷ কাৰণ পৰিষদখনকলৈ আমাক ব্যতিব্যস্ত কৰি ৰাখি জনজাতিকৰণৰ বিষয়টো যে পিচুৱাই ৰাখিব বিচাৰি এই পৰিকল্পনা কৰা হৈছে সেয়া আমি অনুমান কৰিছো ৷ পৰিষদখনক কেৱল এখন পৰিষদ হিচাপে নাৰাখি যদি পৰিষদখনৰ দ্বাৰা দ্ৰুত গতিত উন্নয়নমূলক কাম – কাজৰ অগ্ৰগতি দেখিলোহেতেন তেতিয়াহলে ইয়াৰ দ্বাৰা জনগোষ্ঠীটোৰ উন্নতি হ’ব বুলি আশা কৰিলোহেঁতেন ৷ কিন্তু পৰিষদখন গঠনৰ এবছৰ হৈ গ’ল যদিও কোনো উন্নয়নমূলক কাম – কাজ দেখা পোৱা নাই ৷

সেয়ে আমি শংকিত হৈছো যে পৰিষদখন কেৱল নামতহে পৰিষদ হৈ থাকিব নেকি? আনহাতে জনজাতিকৰণৰ বিষয়টোকলৈ দুবাৰকৈ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু আক্ৰাছুৰ মাজত ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত হোৱাৰ পিচতো সমস্যাটোৰ সমাধান নকৰিলে ৷ পিচত মডেলিটী কমিটী গঠন কৰি দিলে যদিও কমিটীয়ে প্ৰতিবেদনেই দাখিল নকৰিলে ৷ যাৰ বাবে আক্ৰাছুৱে পুনৰ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি কয় ৷ সভাপতিগৰাকীয়ে কয় যে বিগত ২২ মেত গুৱাহাটীৰ আমিনগাঁৱত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি যি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰা হৈছিল সেই মৰ্মে ৮ জুনত জিলাই জিলাই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ৷ আনহাতে এইবাৰ ২০ জুলাইত দিল্লীৰ যন্তৰ মন্তৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব ৷ তিনি ঘণ্টীয়া এই ধৰ্ণা কাৰ্যসূচীত সকলো জিলাৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিব বুলিও কয় ৷ ধৰ্ণা কাৰ্যসূচীৰ অন্তত কেন্দ্ৰীয় চৰকাৰক স্মাৰক পত্ৰও প্ৰদান কৰিব ৷

সভাপতিগৰাকীয়ে সংবাদ মেলত কমতাপুৰ ৰাজ্যৰ দাবীটোৰ ৰাজনৈতিকভাৱে স্থায়ী সমাধান উলিয়াবলৈ দাবী জনোৱাৰ লগতে সংসদৰ এই অধিৱেশনতে কোচ ৰাজবংশী জনগোষ্ঠীটোক জনজাতিকৰণ কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্যৰ বিজেপি চৰকাৰক দাবী জনায়৷ লগতে জনগোষ্ঠীটোৰ সমস্যাসমূহ সমাধানৰ বাবে ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত কৰিবলৈকো চৰকাৰৰ ওচৰত দাবী জনায় ৷ ইপিনে সংবাদ মেলত সভাপতি বৰ্মনে সদৰি কৰা মতে আক্ৰাছুৰ ৩২ সংস্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটো এইবেলি অহা ২৯ জুলাইত কোকৰাঝাৰ জিলাৰ ছালেকাটিত উদযাপন কৰা হ’ব ৷ ইতিমধ্যে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আমন্ত্ৰণ জনোৱা বুলি উল্লেখ কৰি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত থাকি জনগোষ্ঠীটোৰ বাবে এটা শুভ বাৰ্তা কঢ়িয়াই আনিব বুলিও আশাবাদী বুলি কয় ৷

]প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত ৫০ হাজাৰৰ পৰা এক লাখ লোকৰ উপস্থিতিৰ বাবে প্ৰস্তুতি চলোৱা বুলিও জানিবলৈ দিয়ে ৷ আনহাতে সংবাদ মেলত উপস্থিত থকা প্ৰতিষ্ঠা দিৱস উদযাপন সমিতিৰ সভাপতি তথা আক্ৰাছুুৰ উপ সভাপতি মুকুল কৃষ্ণ ৰায়ে প্ৰতিষ্ঠা দিসৱৰ প্ৰস্তুতি সন্দৰ্ভত কয় যে ২৬ জুনত আক্ৰাছুৰ উদ্যোগত পূব কোকৰাঝাৰ জিলা সমিতি আৰু ছালেকাটি আঞ্চলিক সমিতিৰ লগতে তথা স্থানীয় ৰাইজৰ উপস্থিতিত ছালেকাটি কালী মন্দিৰত অনুষ্ঠিত সভাত এখন ৫১ জনীয়া অভ্যৰ্থনা সমিতি গঠন কৰা হয় ৷ এই অভ্যৰ্থনা সমিতিয়ে ইতিমধ্যে প্ৰস্তুতি অব্যাহ ৰাখিছে বুলিও কয় ৷ সংবাদ মেলত আক্ৰাছুৰ কেইবাগৰাকীও নেতা- কৰ্মী উপস্থিত আছিল ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd