• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Consumers’ Legal Protection Forum: পেকেজড ফুডৰ ওপৰত বৈজ্ঞানিকভাবে সতৰ্ক বাৰ্তা লিখাৰ সপক্ষে উদ্যোগগোষ্ঠী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 23, 2022 7:29 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Science-based Front of Pack Labelling সমগ্ৰ দেশৰ লগতে অসমতো অস্বাস্থ্যকৰ পেকেজড খাদ্যৰ বিক্ৰীৰ সমান্তৰালভাৱে হৃদ আৰু অন্যান্য অসংক্ৰমিত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। শুকুৰবাৰে গুৱাহাটীৰ হোটেল ৰিভেৰাত কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম, অসম আৰু  কনজিউমাৰ ভয়েচ, নতুন দিল্লীৰ উদ্যোগত ৰাজ্যৰ আগশাৰীৰ খাদ্য প্ৰস্তুতৰ সৈতে জড়িত উদ্যোগ গোষ্ঠীৰ প্ৰতিনিধিৰ উপস্থিতিত এখন কৰ্মশালা অনুষ্ঠিত হয়।

কৰ্মশালাত উপস্থিত উদ্যোগ গোষ্ঠীৰ প্ৰতিনিধি সকলে গ্ৰাহকে যাতে স্বাস্থ্যসন্মত খাদ্য বাচনি কৰিব পাৰে, তাৰ বাবে পেকেজড ফুডৰ সন্মুখভাগত স্বাস্থ্য সম্বন্ধীয় সতৰ্কবাৰ্তা, খাদ্যবস্তুত মিহলি হৈ থকা নিমখ, চেনি আৰু সংপৃক্ত চৰ্বিৰ পৰিমাণ স্পষ্ট ভাবে উল্লেখ কৰাৰ সপক্ষে ঐক্যমত প্ৰকাশ কৰে।

লগতে পঢ়ক: Adani Seeking Loan from SBI: আদানি গ্ৰুপে SBIৰ পৰা বিচাৰিছে ১৪,০০০ কোটি টকা ঋণ!

Apply Now

কৰ্মশালাত উপস্থিত থাকি নিভাঁজৰ অধ্যক্ষ ডঃ বীৰেন্দ্ৰ কুমাৰ দাস, ৰিপ’জৰ মহাপ্ৰবন্ধক স্বপন নাথ, সীতাজখলাৰ পৰিচালন সঞ্চালক ঋষিকেশ আচাৰ্যই পেকেজড খাদ্য বিক্ৰীৰ ক্ষেত্ৰত চৰকাৰৰ নীতি-নিৰ্দেশনা পালন কৰা ক্ষেত্ৰত তেওঁলোক দায়বদ্ধ বুলি মত প্ৰকাশ কৰে।

কৰ্মশালাত উপস্থিত থাকি নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিতাল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ সঞ্চালক ডাঃ মুনিন্দ্ৰ নাৰায়ণ বৰুৱাই কয়- “অধিকাংশ পেকেজিং খাদ্যত অধিক মাত্ৰাত নিমখ, চডিয়াম, সংপৃক্ত চৰ্বি আৰু পৰিশোধিত কাৰ্বহাইড্ৰেড ব্যৱহাৰ হয় আৰু এনে খাদ্য ব্যৱহাৰ বৃদ্ধিৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে বহুমূত্ৰ, মেদবহুলতা, ষ্ট্ৰক, হৃদৰোগ আদি। প্ৰতি বছৰে দেশত ৬৫ শতাংশ লোক এইসমূহ ৰোগত  মৃত্যুমুখত পৰে।‘’

লগতে পঢ়ক: CBSE ৰ দশম শ্ৰেণীৰ ফলাফল: ৫০০ৰ ভিতৰত ৪৯৯ নম্বৰেৰে চমক বিশ্বনাথৰ মধুপুৰৰ লোচনা বাচতোলাৰ

কৰ্মশালাত উপস্থিত থাকি কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম, অসমৰ সচিব অধিবক্তা অজয় হাজৰিকাই কয়,  “পেকেজিং ফুডৰ সন্মুখ ভাগত গ্ৰাহকে অতি সহজে বুজিব পৰাকৈ সকলো সতৰ্কবাৰ্তা স্পষ্ট আৰু সৰলকৈ তথা বাধ্যতামূলক ভাবে লিখা থাকিব লাগে।‘’

কৰ্মশালাত অসম চৰকাৰৰ খাদ্য সুৰক্ষা আয়ুক্তালয়ৰ বিষয়াদ্বয় অনুপম গগৈ আৰু সমীৰণ বৰুৱা উপস্থিত থাকি প্ৰতিজন গ্ৰাহকে যাতে নিৰাপদ, স্বাস্থ্যসন্মত আৰু সুৰক্ষিত খাদ্য লাভ কৰে তাৰ বাবে  ৰাজ্য চৰকাৰে সদায় কঠোৰ পদক্ষেপ গ্ৰহণ কৰি অহা বুলি মত প্ৰকাশ কৰে।

লগতে পঢ়ক:কেন্দ্ৰৰ ‘হৰ ঘৰ ত্ৰিৰংগা’ আৰু দেশপ্ৰেমৰ আঁৰৰ চমক: কিদৰে লাভাৱান্বিত হ’ব মুকেশ আম্বানী!

কৰ্মশালাত কনজিউমাৰ ভয়েচ, নতুন দিল্লীৰ নিলাঞ্জনা বোস উপস্থিত থাকি অস্বাস্থ্যকৰ পেকেজিং খাদ্যৰ ভয়াবহ দিশ সমূহ তথ্য সহকাৰে উল্লেখ কৰি কয়, ‘’দেশত বহুমূত্ৰ ৰোগীৰ সংখ্যা ২০২৫ চনত ৬৯.৯ মিলিয়ন আৰু ২০৩০ চনত ৮০ মিলিয়ন হোৱাৰ আশংকা কৰা হৈছে। দেশত প্ৰতি ৪ জনৰ এজনে মেদবহুলতাত আক্ৰান্ত।‘’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

June 19, 2026 1:19 pm
প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

June 19, 2026 11:58 am
গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

June 19, 2026 11:27 am
জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

June 19, 2026 9:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

June 19, 2026 1:19 pm
প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

June 19, 2026 11:58 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd