• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চুইছ বেংকত জমা কৰা ভাৰতীয় নাগৰিক আৰু কোম্পানীৰ ধনৰ কোনো তথ্য নাইঃ এন সীতাৰমণ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
July 26, 2022 4:23 pm
136
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে ছুইজাৰলেণ্ডৰ বেংকত ভাৰতীয় লোকে জমা কৰা ধনৰ কোনো তথ্য চৰকাৰৰ হাতত নাই। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে চুইছ বেংক কৰ্তৃপক্ষই জনাইছে যে চুইজাৰলেণ্ডত ভাৰতৰ লোকে ৰখা জমাৰ বিশ্লেষণৰ বাবে চুইছ নেচনেল বেংকৰ (এছএনবি) বাৰ্ষিক বেংকিং পৰিসংখ্যা ব্যৱহাৰ কৰিব পৰা নাযাব৷ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে চুইছ বেংকত ভাৰতীয় নাগৰিক আৰু কোম্পানীসমূহে জমা কৰা ধনৰ পৰিমাণৰ কোনো আনুষ্ঠানিক হিচাব নাই৷

অৱশ্যে, তেওঁ কয় যে শেহতীয়া কিছুমান সংবাদ মাধ্যমৰ প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতীয়সকলে বিশাল মাত্ৰাত ধন চুইছ বেংকত জমা কৰিছে। ২০২০ চনৰ তুলনাত ২০২১ চনত চুইছ বেংকত ভাৰতীয়ৰ জমা ধনৰ পৰিমাণ বৃদ্ধি পাইছে৷ তেওঁ কয় যে চৰকাৰে বিদেশত জমা কৰা ভাৰতীয়ৰ ধনৰ বিষয়টোকলৈ সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিছে৷ তেওঁ কয় যে এই জমা ধনে চুইজাৰলেণ্ডত থকা ভাৰতীয়ৰ ক’লা ধনৰ পৰিমাণ সূচিত নকৰে৷ উল্লেখ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ লোকসভাৰ নিৰ্বাচনৰ আগে আগে এইবুলি কৈছিল যে ছুইছ বেংকত ভাৰতীয়ই জমা কৰা ধন ওভোতাই অনা হ’ব আৰু সেই ধনৰ পৰাই ১৫ লাখকৈ টকা প্ৰতিজন ভাৰতীয়ক দিয়া হ’ব। কিন্তু এতিয়া সেই প্ৰতিশ্ৰুতি অসাৰ হৈ পৰিছে।

ইয়াৰ মাজতে ছুইছ বেংকত পুনৰ বৃদ্ধি পাইছে ভাৰতীয় লোকে জমা কৰা ধনৰ পৰিমাণ। বৈধ বা অবৈধ ভাবে বহু ভাৰতীয়ই ছুইছ বেংকত ধন জমা কৰি আহিছে। ভাৰত চৰকাৰে কিছু বছৰ আগতে বিষয়টোকলৈ মূৰ ঘমাইছিল যদিও এতিয়া সেই বিষয়ত তাপ মৰা পৰিলক্ষিত হৈছে।

শেহতীয়াকৈ চুইছ বেংকত ভাৰতীয়ৰ লোকে জমা কৰা ধনৰ পৰিমাণ ৫০ শতাংশ বৃদ্ধি হৈ ৩০,৫০০ কোটি টকা হৈছে।
এনে বৃদ্ধি ১৪ বছৰৰ ভিতৰত সৰ্বোচ্চ ।

বৃহস্পতিবাৰে ছুইছ বেংকে এই তথ্য প্ৰকাশ কৰিছে। ছুইছ বেংকত ধন জমা কৰা দেশ সমূহৰ ভিতৰত ভাৰত ১৫ সংখ্যক স্থানত থকাৰ লগতে চীন ২৪ সংখ্যক স্থানত আছে । সংযুক্ত আৰৱ গণৰাজ্য, অষ্ট্ৰেলিয়া, জাপান, ইটালী, স্পেইন, পানামা, চৌদি আৰৱ, মেক্সিকো, টাইৱান, লেবানন, তুৰ্কী, অষ্ট্ৰিয়া, আয়াৰলেণ্ড, গ্ৰীচ, বাৰ্মুডা, মাৰ্শ্বেল দ্বীপপুঞ্জ, লাইবেৰিয়া, বেলজিয়াম, মাল্টা, কানাডা, কানাডা, কাটাৰ, ইজিপ্ত, থাইলেণ্ড আৰু কুৱেইট আৰু জৰ্ডান আদি দেশসমূহৰ মানুহে ভাৰতীয়তকৈও বেছ পৰিমাণে ধন বংকটোত জমা কৰাৰ তথ্যও পোহৰলৈ আহিছে।

উল্লেখ্য ২০২০চনত কেৱল ভাৰতীয়সকলৰ জমা ধনৰ পৰিমাণ আছিল প্ৰায় ২০ হাজাৰ ৭০০কোটি টকা।

২০১৮চনৰ অন্তত ছুইছ বেংকত ভাৰতীয়সকলৰ জমা ধনৰ পৰিমাণ আছিল ১২,৬১৫কোটি টকা। সেয়া ২০১৯চনত একেঢাপে কমি হৈছিল ৬হাজাৰ ৬২৫কোটি টকা। কিন্তু ২০২০চনত হঠাতে বাঢ়িল গৈছিল জমা ধনৰ পৰিমাণ।

ছুইছ বেংকত ভাৰতীৰ জমা ধনৰ পৰিমান ২০০৬চনত সৰ্বাধিক আছিল যদিও সেয়া ২০১১, ২০১৩ আৰু ২০১৭চনক বাদ দি প্ৰতিবছৰে এই জমা ধনৰ পৰিমাণ হ্ৰাস পাইছিল।

কিন্তু এইবাৰ ভাৰতীয়ৰ জমা ধনৰ পৰিমাণে ৰেকৰ্ড গঢ়িলে। অৱশ্যে, এয়া ছুইছ বেংকৰ ভাৰতীয় শাখা তথা আন বিত্তীয় প্ৰতিষ্ঠান বা বিভিন্ন ধৰণৰ ট্ৰাষ্ট, বণ্ড, ছিকিউৰিটি মানি হিচাপে যি ধন ছুইছ বেংকত জমা হৈছে তাৰ হিচাপ অকল নগদ জমা ধন অৱশ্যে পূৰ্বৰ তুলনাত কমিছে।

আনহাতে, এই জমাৰ পৰিমাণটো দৰাচলতে চৰকাৰী হিচাপহে। ইয়াৰ উপৰি, ছদ্মনামত একাউন্ট বা ছদ্মনামত সংস্থাৰ জৰিয়তে অনৈতিকভাৱে বহু ভাৰতীয়ই ছুইছ বেংকত ধন জমা ৰাখে।

Recent News

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd