• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

বাৰ্মিংহামত ইতিহাস ৰচিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে: ফাইনেলত প্ৰৱেশেৰে নিশ্চিত কৰিলে পদক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 6, 2022 8:25 pm
Commonwealth Games India Women cricket team
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাৰ্মিংহামত উজলিছে ভাৰতীয় নাৰী শক্তি। চলিত কমনৱেলথ গেমছত দেশৰ কেইবাগৰাকীও মহিলা খেলুৱৈয়ে ভাৰতক পদক উপহাৰ দিয়াৰ পাছত এইবাৰ আন এক পদক নিশ্চিত কৰিছে ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে।

আজি অনুষ্ঠিত হোৱা ছেমিফাইনেলত এক ৰোমাঞ্চকৰ যুঁজত ইংলেণ্ডক চাৰি ৰাণত পৰাস্ত কৰি কমনৱেলথ গেমছৰ ফাইনেলত উপনীত হৈছে ভাৰত। খেলখনত টচত জয়ী হৈ ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত কৌৰে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়।

ইনিংছ মুকলি কৰিয়ে দলৰ অপেনাৰদ্বয় স্মৃতি মান্ধানা আৰু শ্বেফালী বাৰ্মাই ভাৰতক এক বিস্ফোৰক আৰম্ভণি দিয়ে। বিশেষকৈ মান্ধানাই আক্ৰমণাত্মক বেটিঙেৰে প্ৰথমৰ পৰাই ইংলেণ্ডৰ বলিং আক্ৰমণক দিশহাৰা কৰি তোলে।

মাৰমুখী বেটিঙেৰে মান্ধানাই পাৱাৰপ্লে’ চলি থাকোঁতেই সম্পূৰ্ণ কৰে নিজৰ অৰ্ধশতক। দুয়ো অপেনাৰে প্ৰথম উইকেটত ৭৬ ৰান যোগ দিয়াৰ পিছত ব্যক্তিগত ১৫ ৰান স্ক’ৰত বিদায় লয় শ্বেফালীয়ে।

শ্বেফালীৰ উইকেটৰ পিছৰটো অভাৰতে মান্ধানাও আউট হয়। অৱশ্যে আউট হোৱাৰ পূৰ্বে ৩২ বলত ৮ টা চাৰি আৰু ৩ টা ছয়েৰে ৬১ ৰানৰ এক বিস্ফোৰক ইনিংছ খেলে মান্ধানাই।

অধিনায়ক হৰমনপ্ৰীত কৌৰেও ২০ ৰানৰ মূল্যৱান অৱদান আগবঢ়ায়। শেষলৈ দীপ্তি শৰ্মা আৰু জেমিমা ৰড্ৰিগোৱেজে চতুৰ্থ উইকেটত ৫৩ ৰান সংগ্ৰহ কৰি ভাৰতীয় স্ক’ৰ ১৫৯ ৰানলৈ নিয়ে।

দীপ্তি শৰ্মাই ২২ ৰান কৰি বিদায় ল’লেও ৩১ বলত ৭ টা চাৰিৰে ৪৪ ৰান সংগ্ৰহ কৰি অপৰাজিত থাকে জেমিমা। নিৰ্ধাৰিত অভাৰৰ সমাপ্তিৰ পিছত ভাৰতৰ স্ক’ৰ হয়গৈ ৫ উইকেটত ১৬৪ ৰান।

আনহাতে ১৬৫ ৰানৰ জয়ৰ লক্ষ্য অনুসৰণ কৰি ইংলেণ্ডেও শক্তিশালী আৰম্ভণি ঘটায়। দুয়ো অপেনাৰ ছ’ফিয়া ডাঙ্কলী আৰু ডেনিয়েল ৱাইটে মাত্ৰ ২.৫ অভাৰতে ২৮ ৰান সংগ্ৰহ কৰাৰ পিছত ডাঙ্কলীয়ে ১০ বলত ১৯ ৰান কৰি দীপ্তি শৰ্মাৰ চিকাৰ হয়।

আনহাতে আনগৰাকী অপেনাৰ ৱাইটেও ২৭ টা বলত ৩৫ ৰান সংগ্ৰহ কৰে। অধিনায়ক নাটালি চাইভাৰ আৰু এমি জ’নচে ৫৪ ৰান যোগ দি ইংলেণ্ডক জয়ৰ ফালে গতি দিলেও অগা-পিছাকৈ দুয়োগৰাকী ৰান আউট হোৱাৰ পিছত মেচখন ভাৰতৰ পক্ষত পুনৰ ঘূৰি আহে।

অন্তিম অভাৰত ইংলেণ্ডক জয়ৰ বাবে ১৪ ৰানৰ প্ৰয়োজন আছিল যদিও স্নেহ ৰানাৰ অভাৰটোত ৯ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু ৪ ৰানত পৰাজয়বৰণ কৰে।

ভাৰতে এতিয়া কমনৱেলথ স্বৰ্ণ জয়ৰ যুঁজত অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মাজত হ’বলগীয়া দ্বিতীয় ছেমিত জয়ী হোৱা দলটিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জনজাতীয় লোকক উচ্ছেদ কৰি জৈৱ বৈচিত্ৰ ধ্বংসেৰে কেন্দ্ৰীয় শাসিত অঞ্চলত চৰকাৰৰ অভিলাষী গ্ৰেট নিকোবৰ প্ৰকল্প

জনজাতীয় লোকক উচ্ছেদ কৰি জৈৱ বৈচিত্ৰ ধ্বংসেৰে কেন্দ্ৰীয় শাসিত অঞ্চলত চৰকাৰৰ অভিলাষী গ্ৰেট নিকোবৰ প্ৰকল্প

September 9, 2025 1:45 pm
ৰণক্ষেত্ৰত পৰিণত কাঠমাণ্ডু! প্ৰতিবাদত সাধাৰণ নাগৰিকৰ মৃত্যুৰ পিছত ৯ জন মন্ত্ৰীৰ পদত্যাগ

ৰণক্ষেত্ৰত পৰিণত কাঠমাণ্ডু! প্ৰতিবাদত সাধাৰণ নাগৰিকৰ মৃত্যুৰ পিছত ৯ জন মন্ত্ৰীৰ পদত্যাগ

September 9, 2025 1:44 pm
যৌন নিৰ্যাতনকাৰী এপষ্টেইনৰ জন্মদিনত লিখা অশ্লীল চিঠিখন ট্ৰাম্পৰেই? কি ফাদিল কৰিলে ডেম’ক্ৰেটে?

যৌন নিৰ্যাতনকাৰী এপষ্টেইনৰ জন্মদিনত লিখা অশ্লীল চিঠিখন ট্ৰাম্পৰেই? কি ফাদিল কৰিলে ডেম’ক্ৰেটে?

September 9, 2025 12:55 pm
পিষ্টল লৈ খেলি থকা অৱস্থাত গুলী ফুটি কৰুণ মৃত্যু ৫ বছৰীয়া শিশুৰ

পিষ্টল লৈ খেলি থকা অৱস্থাত গুলী ফুটি কৰুণ মৃত্যু ৫ বছৰীয়া শিশুৰ

September 9, 2025 11:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জনজাতীয় লোকক উচ্ছেদ কৰি জৈৱ বৈচিত্ৰ ধ্বংসেৰে কেন্দ্ৰীয় শাসিত অঞ্চলত চৰকাৰৰ অভিলাষী গ্ৰেট নিকোবৰ প্ৰকল্প

জনজাতীয় লোকক উচ্ছেদ কৰি জৈৱ বৈচিত্ৰ ধ্বংসেৰে কেন্দ্ৰীয় শাসিত অঞ্চলত চৰকাৰৰ অভিলাষী গ্ৰেট নিকোবৰ প্ৰকল্প

September 9, 2025 1:45 pm
ৰণক্ষেত্ৰত পৰিণত কাঠমাণ্ডু! প্ৰতিবাদত সাধাৰণ নাগৰিকৰ মৃত্যুৰ পিছত ৯ জন মন্ত্ৰীৰ পদত্যাগ

ৰণক্ষেত্ৰত পৰিণত কাঠমাণ্ডু! প্ৰতিবাদত সাধাৰণ নাগৰিকৰ মৃত্যুৰ পিছত ৯ জন মন্ত্ৰীৰ পদত্যাগ

September 9, 2025 1:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd