• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

বাৰ্মিংহামত ইতিহাস ৰচিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে: ফাইনেলত প্ৰৱেশেৰে নিশ্চিত কৰিলে পদক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 6, 2022 8:25 pm
Commonwealth Games India Women cricket team
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাৰ্মিংহামত উজলিছে ভাৰতীয় নাৰী শক্তি। চলিত কমনৱেলথ গেমছত দেশৰ কেইবাগৰাকীও মহিলা খেলুৱৈয়ে ভাৰতক পদক উপহাৰ দিয়াৰ পাছত এইবাৰ আন এক পদক নিশ্চিত কৰিছে ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে।

আজি অনুষ্ঠিত হোৱা ছেমিফাইনেলত এক ৰোমাঞ্চকৰ যুঁজত ইংলেণ্ডক চাৰি ৰাণত পৰাস্ত কৰি কমনৱেলথ গেমছৰ ফাইনেলত উপনীত হৈছে ভাৰত। খেলখনত টচত জয়ী হৈ ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত কৌৰে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়।

Apply Now

ইনিংছ মুকলি কৰিয়ে দলৰ অপেনাৰদ্বয় স্মৃতি মান্ধানা আৰু শ্বেফালী বাৰ্মাই ভাৰতক এক বিস্ফোৰক আৰম্ভণি দিয়ে। বিশেষকৈ মান্ধানাই আক্ৰমণাত্মক বেটিঙেৰে প্ৰথমৰ পৰাই ইংলেণ্ডৰ বলিং আক্ৰমণক দিশহাৰা কৰি তোলে।

মাৰমুখী বেটিঙেৰে মান্ধানাই পাৱাৰপ্লে’ চলি থাকোঁতেই সম্পূৰ্ণ কৰে নিজৰ অৰ্ধশতক। দুয়ো অপেনাৰে প্ৰথম উইকেটত ৭৬ ৰান যোগ দিয়াৰ পিছত ব্যক্তিগত ১৫ ৰান স্ক’ৰত বিদায় লয় শ্বেফালীয়ে।

শ্বেফালীৰ উইকেটৰ পিছৰটো অভাৰতে মান্ধানাও আউট হয়। অৱশ্যে আউট হোৱাৰ পূৰ্বে ৩২ বলত ৮ টা চাৰি আৰু ৩ টা ছয়েৰে ৬১ ৰানৰ এক বিস্ফোৰক ইনিংছ খেলে মান্ধানাই।

অধিনায়ক হৰমনপ্ৰীত কৌৰেও ২০ ৰানৰ মূল্যৱান অৱদান আগবঢ়ায়। শেষলৈ দীপ্তি শৰ্মা আৰু জেমিমা ৰড্ৰিগোৱেজে চতুৰ্থ উইকেটত ৫৩ ৰান সংগ্ৰহ কৰি ভাৰতীয় স্ক’ৰ ১৫৯ ৰানলৈ নিয়ে।

দীপ্তি শৰ্মাই ২২ ৰান কৰি বিদায় ল’লেও ৩১ বলত ৭ টা চাৰিৰে ৪৪ ৰান সংগ্ৰহ কৰি অপৰাজিত থাকে জেমিমা। নিৰ্ধাৰিত অভাৰৰ সমাপ্তিৰ পিছত ভাৰতৰ স্ক’ৰ হয়গৈ ৫ উইকেটত ১৬৪ ৰান।

আনহাতে ১৬৫ ৰানৰ জয়ৰ লক্ষ্য অনুসৰণ কৰি ইংলেণ্ডেও শক্তিশালী আৰম্ভণি ঘটায়। দুয়ো অপেনাৰ ছ’ফিয়া ডাঙ্কলী আৰু ডেনিয়েল ৱাইটে মাত্ৰ ২.৫ অভাৰতে ২৮ ৰান সংগ্ৰহ কৰাৰ পিছত ডাঙ্কলীয়ে ১০ বলত ১৯ ৰান কৰি দীপ্তি শৰ্মাৰ চিকাৰ হয়।

আনহাতে আনগৰাকী অপেনাৰ ৱাইটেও ২৭ টা বলত ৩৫ ৰান সংগ্ৰহ কৰে। অধিনায়ক নাটালি চাইভাৰ আৰু এমি জ’নচে ৫৪ ৰান যোগ দি ইংলেণ্ডক জয়ৰ ফালে গতি দিলেও অগা-পিছাকৈ দুয়োগৰাকী ৰান আউট হোৱাৰ পিছত মেচখন ভাৰতৰ পক্ষত পুনৰ ঘূৰি আহে।

অন্তিম অভাৰত ইংলেণ্ডক জয়ৰ বাবে ১৪ ৰানৰ প্ৰয়োজন আছিল যদিও স্নেহ ৰানাৰ অভাৰটোত ৯ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু ৪ ৰানত পৰাজয়বৰণ কৰে।

ভাৰতে এতিয়া কমনৱেলথ স্বৰ্ণ জয়ৰ যুঁজত অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মাজত হ’বলগীয়া দ্বিতীয় ছেমিত জয়ী হোৱা দলটিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৰলুইত প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি; ইউটিউবত চাব পাৰিব দৰ্শকে

বৰলুইত প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি; ইউটিউবত চাব পাৰিব দৰ্শকে

July 17, 2026 1:52 pm
মন্দিৰত পূজা দিয়াৰ নামত পাহাৰলৈ গৈ হত্যা স্বামীক! প্ৰেমিকৰ সৈতে ব্লুপ্ৰিণ্ট ৰচিছিল পত্নীয়ে

মন্দিৰত পূজা দিয়াৰ নামত পাহাৰলৈ গৈ হত্যা স্বামীক! প্ৰেমিকৰ সৈতে ব্লুপ্ৰিণ্ট ৰচিছিল পত্নীয়ে

July 17, 2026 1:16 pm
শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

July 17, 2026 12:32 pm
বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

July 17, 2026 12:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৰলুইত প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি; ইউটিউবত চাব পাৰিব দৰ্শকে

বৰলুইত প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি; ইউটিউবত চাব পাৰিব দৰ্শকে

July 17, 2026 1:52 pm
মন্দিৰত পূজা দিয়াৰ নামত পাহাৰলৈ গৈ হত্যা স্বামীক! প্ৰেমিকৰ সৈতে ব্লুপ্ৰিণ্ট ৰচিছিল পত্নীয়ে

মন্দিৰত পূজা দিয়াৰ নামত পাহাৰলৈ গৈ হত্যা স্বামীক! প্ৰেমিকৰ সৈতে ব্লুপ্ৰিণ্ট ৰচিছিল পত্নীয়ে

July 17, 2026 1:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd