শনিবাৰে চছলস্থিত ধৰ্ণা স্থলীত চুতীয়া যুৱ সন্মিলন, অসমে অসমৰ ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীক অতি সোনকালে জনজাতিৰ মৰ্যাদা প্ৰদানকলৈ এক ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰে।
এক স্মাৰক পত্ৰ যোগে চুতীয়া যুৱ সন্মিলন, অসমৰ মুখ্যমন্ত্ৰীলৈ অৱগত কৰিবলগীয়া কিছু বিষয় হৈছে:-
১. অসমৰ ভূমিপুত্ৰ চুতীয়া সকল ঐতিহাসিক ভাবে প্রাচীনতম জনগোষ্ঠী। উত্তৰ-পূৰ্বাঞ্চলৰ নিজ স্বকীয় বৈশিষ্টময় ভাষা, কৃষ্টি, সংস্কৃতি ইত্যাদিৰে বৃহৎ বড়ো-কছাৰীমূলীয় থালৰ অসমৰ তথা উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম এক আদিম ভূমিপুত্র জনগোষ্ঠী হিচাপে স্বীকৃতিপ্রাপ্ত।
লগতে পঢ়ক: গৃহমন্ত্ৰীৰ বঁটা: কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসে
২.ভাৰতৰ বিভিন্ন ডিষ্টিক্ট গেজেটিয়ার্ড সমূহত স্বাধীনতাৰ আগত আৰু স্বাধীনতাৰ পিছতো চুতীয়া সকলক অনুসূচিত জনজাতি বুলি চৰকাৰীভাবে চিহ্নিত কৰা আছে।
৩.চুতীয়া সকলে আর্য, হিন্দু আৰু আৰ্যেত্তৰ জনগোষ্ঠীৰ মাজত সমন্বয় সেঁতু অব্যাহত ৰখাৰ লগতে বিভিন্ন জনগোষ্ঠীৰ লগত সম্পৰ্ক গঢ়ি ৰাষ্ট্ৰীয় ঘাই সুঁতিলৈ আবহকালৰ পৰাই বৰঙণি আগবঢ়াই আহিছে।
৪. ১৮৫১ চনৰ পৰা ১৯৭১ চনলৈকৈ ভাৰতবৰ্ষৰ লোক পিয়লৰ টোকাত অসমৰ চুতীয়াসকলক অনুসূচিত জনজাতি বুলি চৰকাৰী ভাবে চিহ্নিত কৰা হৈছে।
৫.চুতীয়া সকলৰ সমগোত্রীয় ঠাল যেনে- দেউৰী চুতীয়া, মিছিং (মিৰি চুতীয়া) আদিক অনুসূচিত জনজাতিৰ মৰ্যাদা দিয়া হৈছে। তাৰোপৰি মেঘালয়ৰ খাচী চুতীয়া, নগালেণ্ডৰ নগা চুতীয়া আৰু অৰুণাচল প্ৰদেশৰ মিচিমিকে ধৰি প্ৰধান চুতীয়াৰ ঠাল সমূহক ইতিমধ্যে অনুসূচিত জনজাতি (পাহাৰ) তালিকাভুক্ত কৰা হৈছে। কিন্তু বর্তমান চুতীয়া সকল এইক্ষেত্ৰত অৱহেলিত হৈ আছে।
লগতে পঢ়ক: National Flag: স্বাধীনতা দিৱস উদযাপনৰ মুহূৰ্তত জানি লওক ভাৰতৰ জাতীয় পতাকা সম্পৰ্কে কিছু অজান তথ্য
৬. ঐতিহাসিক পটভূমিত দুৰ্দশাৰ চাকনৈয়াত পৰি সময়ৰ সোঁতত চুতীয়া সকলৰ গতি পথ বহুধা বিভক্ত হ’লেও চুতীয়া সকলৰ জনগোষ্ঠীত্ব, ধৰ্মীয় আচাৰ, ৰীতি-নীতি, জীৱন প্রণালী বর্তমান পর্যন্ত অব্যাহত আছে।
৭. চুতীয়াৰ প্ৰখ্যাত ৰজা সত্য নাৰায়নে ধেনুসনা তামৰ ফলিত বামুণ সকলক মাটিৰ দাম দিওঁতে “সুৰ ৰিপু বাংশাশবুত” অর্থাৎ দেবতাৰ শত্ৰু অসুৰৰ বাংশোদ্ভৱ বুলি উল্লেখ কৰিছে। আৰু এই পৰিচয় দি চুতীয়া সকলে গৌৰৱবোধ কৰে।
৮.ভাৰত স্বাধীন হোৱাৰ পিছত ১৯৫০ চনৰ সংবিধানৰ (অনুসূচিত জনজাতি) আদেশ যোগেদি অনুসূচীত জনজাতিকৰণৰ যিখন সংশোধিত তালিকা প্রকাশ কৰিছিল তাৰ পৰা অসম ৰাজ্যৰ চুতীয়াকে ধৰি মৰাণ, মটক, কোচ ৰাজবংশী, টাই আহোম আৰু চাহজনগোষ্ঠী বাদ পৰি গৈছিল।
লগতে পঢ়ক: আলফা(স্বা:)ৰ বৰ্জনৰ আহ্বানৰ বিপৰীতে সুকলমে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি শিৱসাগৰ জিলা প্ৰশাসনৰ
৯. ১৯৯৬ চনৰ লোক সভাৰ সদস্য অশোক ৰায় প্ৰধানৰ সভাপতিত্বত গঠিত সংসদীয় বাচনি সমিতিয়ে ১৯৯৭ চনৰ ১৪ আগষ্ট তাৰিখে লোকসভাত কোচ ৰাজবংশী, চাহ জনজাতি লোকসকলৰ লগতে চুতীয়া, মৰাণ, মটক, টাই আহোমক অনুসূচিত জনজাতি তালিকাভূক্ত কৰিবৰ বাবে অনুমোদন জনায়।