বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰৰ জয়পুৰস্থিত ছেম কলেজ অৱ নাৰ্ছিঙত শনিবাৰে সন্ধিয়া এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ অভিভাৱক সকলকো আজি দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে৷
নাৰ্ছিং প্ৰতিষ্ঠানটোৰ সঞ্চালক ছেখ আব্দুলা আৰু অধ্যক্ষা হুছনাৰা বেগমৰ বিৰুদ্ধে আৱাসী ছাত্ৰীসকলক মানসিক, শাৰীৰিক হাৰাশাস্তি চলোৱাৰ অভিযোগ উত্থাপিত হৈছে।
এনে পৰিস্থিতিত হোষ্টেল এৰি সা-সামগ্ৰীলৈ যাবলৈ সাজু হৈছে প্ৰায় অৰ্ধ শতাধিক হোষ্টেলৰ আৱাসী ছাত্ৰী৷ অভিভাৱকসকলে এই ঘটনাৰ তদন্তৰ দাবী কৰিছে ৷
লগতে পঢ়ক: উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ গোন্ধ পাইছে আহোম সংগঠনসমূহে
কাৰ্বি আংলং,ওদালগুৰি,বাক্সা আদি বিভিন্ন জিলাৰ পৰা বহু ছাত্ৰী সপোন বুকুত লৈ ছেম কলেজ অৱ নাৰ্ছিঙত অধ্যয়ন কৰিবলৈ আহিছিল৷
ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলে সংবাদ মাধ্যমৰ আগত কোৱা মতে প্ৰতিষ্ঠানটোৱে ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ দ্বাৰা স্বীকৃত বুলি জনাইছিল৷ কিন্তু পৰৱৰ্তী সময়ত প্ৰতিষ্ঠানটো অসম নাৰ্ছিং কাউন্সিলৰ দ্বাৰাহে স্বীকৃতি পোৱা বুলি জানিব পাৰি ছাত্ৰীসকল ক্ষোভিত হৈ পৰে৷
অকল ইমানেই নহয় হোষ্টেলৰ আৱাসী ছাত্ৰীসকলকো সময়মতে খাদ্য যোগান নধৰা,পানী যোগান নিদিয়া আদি বিভিন্ন ধৰণৰ অভিযোগ উত্থাপিত হৈছে ৷
লগতে পঢ়ক: Scorpio Venom: বিষৰ মূল্য কোটি কোটি টকা; ২০ হাজাৰ বৃশ্চিকৰ খেতি কৰি ধনী হ’ল কৃষক
উল্লেখ্য যে কেৱল কোকৰাঝাৰতেই নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনে ধৰণৰ সন্দেহজনক প্ৰতিষ্ঠান আছে যদিও চৰকাৰ-প্ৰশাসনে এনেবোৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হৈ পৰিছে।