• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চকুৰ পলকতে ধুলিৰ স্তূপত পৰিণত হ’ল গগনচুম্বী অট্টালিকা; মাটি হ’ল নয়ডাৰ টুইন টাৱাৰ (চাওক ভিডিঅ’)

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 28, 2022 4:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত বহু অপেক্ষিত নয়ডাৰ টুইন টাৱাৰ আজি ভাঙি পেলোৱা হ’ল। দেওবাৰে দুপৰীয়া ২.৩০ বজাত এটা বুটাম টিপি অবৈধ নিৰ্মাণ এই টুইন টাৱাৰ ধ্বংস কৰাৰ কথা আছিল। এনেদৰেই কামবোৰ কৰা হৈছিল। মাত্ৰ ৯ ছেকেণ্ডত এক বিশাল গগনচুম্বী অট্টালিকা হুৰহুৰাই খহি পৰি মাটি হৈ পৰিল। এই টুইন টাৱাৰ কুতুব মিনাৰতকৈও ওখ আছিল।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ১০ বছৰৰ গগনচুম্বী যমজ অট্টালিকাটো ৩,৭০০ কিলোগ্ৰাম বিস্ফোৰকৰ সহায়ত ধ্বংস কৰা হয়। ১০০ মিটাৰ ওখ এপেক্স আৰু ৯৭মিটাৰ ওখ চিয়ান নামৰ দুটা টাৱাৰ নিমিষতে মাটিত সৰি পৰিল।

গোটেই ঠাইখিনি চকুৰ সন্মুখতে ধুলিৰ ধুমুহাই আৱৰি ধৰে। এতিয়া ধ্বংসৰ পিছৰ কাম আৰম্ভ হৈছে। অৱশ্যে ৮,০০০ টন আৱৰ্জনা আঁতৰাবলৈ তিনি মাহ লাগিব।

Apply Now

ইয়াৰ পূৰ্বে টুইন টাৱাৰ ধ্বংস কৰাৰ সময়ত যাতে কাষৰীয়া কোনো লোকৰ কোনো হানি-বিঘিনি নঘটে তাৰ বাবে টুইন টাৱাৰৰ ওচৰত বাস কৰা ৫,০০০ৰো অধিক লোকক তেওঁলোকৰ গৃহ ত্যাগ কৰাৰ নিৰ্দেশ দিয়া হৈছিল৷ সেইমৰ্মে আজি পুৱা ৭ বাজি ৩০ মিনিটৰ ভিতৰত লোকসকলে আন স্থানলৈ আঁতৰি গৈছে।

টুইন টাৱাৰ দ্বংস কৰিবলৈ সেই স্থানত ৯৬৪০ টা গাঁত খান্দি সেই গাঁতত ৩৭০০ কিলোগ্ৰাম বাৰুদ পূৰোৱা হৈছিল৷ ৩৭০০ কিলোগ্ৰাম বাৰুদে ৯ ছেকেণ্ডৰ ভিতৰতে নয়দাৰ টুইন টাৱাৰ মাটিৰ সৈতে মিলাই দিব বুলি এগৰাকী চৰকাৰী বিষয়াই প্ৰকাশ কৰিছিল। টুইন টাৱাৰ ধ্বংস কৰাৰ বাবে আজি নয়দা-গ্ৰেটাৰ নয়ডা এক্সপ্ৰেছৱেত যান-বাহন চলাচল বিয়লি ২.১৫ বজাৰ পৰা আবেলি ২.৪৫ বজালৈ বন্ধ থাকিব বুলি চৰকাৰী ভাবে কোৱা হৈছিল।

উল্লেখ্য চুপাৰটেক এমাৰ্ল্ড হাউচিং চ’চাইটিৰ টুইন টাৱাৰক্ৰমে এপেক্স আৰু চিয়ানৰ উচ্চতা প্ৰায় ১০১-৯৪ মিটাৰ।চৰকাৰী নীতি উলংঘা কৰি নিৰ্মাণ কৰা টুইন টাৱাৰ ২০১৪ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ে ধ্বংস কৰিবলৈ নিৰ্দেশ দিয়ে। উচ্চতম ন্যায়ালয়ে প্ৰথমাৱস্থাত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ আদেশ স্থগিত ৰাখিছিল যদিও পাছত টুইন টাৱাৰ ধ্বংসৰ অনুমতি দিয়ে৷

And they all came down! – Big question is will demolition of these twin towers actually deter builders in future from illegal constructions & will there be more accountability or will this remain just an odd event cheered by crowds? #NoidaTwinTower #SupertechTwinTowersDemolition pic.twitter.com/uZvtMJmKrS

— Smita Sharma (@Smita_Sharma) August 28, 2022

নিৰ্মাণ সংস্থা ছুপাৰটেকে ২০০৯ চনত নিৰ্মাণ আৰম্ভ কৰা টুইন টাৱাৰত মুঠ ৯৫০তকৈও অধিক ফ্লেট নিৰ্মাণ আছিল। অৰ্ধনিৰ্মিত টুইন টাৱাৰৰ ফ্লেটসমূহ ক্ৰয় কৰি বহুতে প্ৰতাৰিত হোৱা বুলিও অভিযোগ কৰিছিল ৷ প্ৰতাৰণাৰ বিষয়টো ২০১২ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মজিয়া পাইছিল৷

জানিব পৰা মতে ৬৩৩ জন লোকে টুইন টাৱাৰত ফ্লেট বুক কৰিছিল। ইয়াৰ ভিতৰত ২৪৮ জন লোকে ধন ঘূৰাই পাইছে আৰু প্ৰায় ১৩৩ জনক সংস্থাটোৱে বেলেগ ঠাইত ঘৰ দিছে৷ ২৫২ জনে আজিও ফ্লেট বুকিঙৰ ধন ঘূৰাই পোৱা নাই৷ টুইন টাৱাৰৰ সংলগ্ন ঠাইৰ পৰিমাণ নিয়ম অনুসৰি প্ৰায় ২০ মিটাৰ হ’ব লাগিছিল সেয়া ৯ মিটাৰতকৈ কম হোৱাৰ অভিযোগ উঠিছিল।

উদয়ভান তেওটিয়া নামৰ লোকজনে এই বিষয়ত আদালতৰ কাষ চপাত টুইন টাৱাৰ নিৰ্মাণত আন বহু কেইটা বিসংগতি ধৰা পৰে৷ ফলত আদালতে টুইন টাৱাৰ ধ্বংসৰ নিৰ্দেশ দিছিল৷

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

July 11, 2026 7:39 am
১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

July 11, 2026 7:39 am
১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd