• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

প্ৰশান্ত ভূষণৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ প্ৰত্যাহাৰ হ’ল; কিন্তু ৰৈ যোৱা প্ৰশ্নবোৰ?

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
September 6, 2022 2:52 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ে জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণৰ বিৰুদ্ধে ১৩ বছৰ পুৰণি আদালত অৱমাননাৰ গোচৰটো (contempt of Court case) প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে। নতুন মুখ্য ন্যায়াধীশগৰাকীয়ে এইদৰে এটা পুৰণি সমস্যাৰ ওৰ পেলালে। আপাতত: এই সিদ্ধান্তই প্ৰশান্ত ভূষণক সকাহ দিলে। আইনী দৃষ্টিৰে শীৰ্ষ আদালতে জ্যেষ্ঠ অধিবক্তাগৰাকীক ক্ষমাদান কৰিলে। যিহেতু আদালত অৱমাননাৰ গোচৰত আদালতৰ দয়াৰ ওপৰতে ‘অভিযুক্ত’ৰ ভৱিষ্যত নিৰ্ভৰ কৰে।

প্ৰশান্ত ভূষণৰ সৈতে টেহেলকাৰ তদানীত্বন সম্পাদক তৰুণ তেজপালৰ বিৰুদ্ধেও আদালত অৱমাননাৰ গোচৰ প্ৰত্যাহাৰ কৰা হৈছে। অৱশ্যে তেজপালে ইতিমধ্যে নি:চৰ্ত ক্ষমা খুজি তেওঁ আদালতৰ ৰোষৰ পৰা হাত সৰাৰ পথ মুকলি কৰিছিল।

উল্লেখ্য যে ২০০৯চনত টেহেলকা আলোচনীত প্ৰকাশ পোৱা প্ৰশান্ত ভূষণৰ এক সাক্ষাৎকাৰক লৈয়েই এই আদালত অৱমাননাৰ গোচৰটো তৰা হৈছিল। প্রশান্ত ভূষণে কেইবাটাও বিস্ফোৰক প্রশ্ন উত্থাপন কৰিছিল। প্ৰশ্নবোৰৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো আছিল ইয়াত মুখ্য ন্যায়াধীশৰ দুৰ্নীতিৰ প্ৰংসগ।

Apply Now

প্ৰশান্ত ভূষণে আদালতত দিয়া শপতনামাত বহু বিস্ফোৰক অভিযোগ আনিছিল। সেইবোৰে ন্যায় ব্যৱস্থাত সৃষ্টি কৰিব পৰা জোকাৰণিৰ প্ৰতি লক্ষ্য ৰাখিয়েই হয়তো আদালত অৱমানাৰ গোচৰটো প্ৰত্যাহাৰ কৰা হ’ল। বহুতৰে মনত এনে ধাৰণাই সৃষ্টি হৈছে।

দৰাচলতে বিগত কিছু বছৰ ধৰি ভাৰতৰ ন্যায় ব্যৱস্থাৰ প্ৰতি সৰ্বসাধাৰণৰ বিৰাগ বৃদ্ধি পাইছে। ইয়াৰ আঁৰৰ কাৰণ বহুতো আছে। ন্যায় পোৱাত বিলম্ব, ব্যয়বহুল প্ৰক্ৰিয়া, ৰাজনৈতিক হেঁচাত ন্যায় প্ৰদান আদি বিষয়বোৰে সৰ্বসাধাৰণৰ মনত সংশয় বৃদ্ধি কৰিছে। ন্যায় ব্যৱস্থাত ন্যায়াধীশসকলৰ ভাবমূৰ্তি ম্লান হ’লে জনসাধাৰণ হতাশ হোৱাৰে কথা। কিয়নো চৰকাৰী ব্যৱস্থাত অন্যায়ৰ বলি হোৱাসকলৰ শেষ ভৰসা এই ন্যায়ালয়।

পূৰ্বৰে পৰা আমি লক্ষ্য কৰি অহা বিষয়টো হৈছে ন্যায়ালয়সমূহত জ্যেষ্ঠ অধিবক্তাৰ পৰা আৰম্ভ কৰি ন্যায়াধীশ আৰু কেতিয়াবা মুখ্য ন্যায়াধীশৰো হলিগলিয়ে বিচাৰ ব্যৱস্থাত পেলোৱা প্ৰভাৱ। বহুসময়ত কিছুমান গোচৰৰ সম্ভাৱ্য ৰায়কলৈ সচেতন মহলে পূৰ্বেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ সক্ষম হয়। আইনৰ বিচাৰ বা Rule of Law হৈছে ন্যায় ব্যৱস্থাৰ প্ৰকৃত আধাৰ। কিন্তু ন্যায় বিচাৰকসকলৰ পক্ষপাতিত্বমূলক আচৰণে সামাজিক ন্যায় লাভৰ আশা নিৰ্বাপিত কৰে।

বিগত দিনবোৰত এটা কথা লক্ষ্য কৰা গৈছে যে ন্যায় বিচাৰকসকলে অৱসৰকালীন সংস্থাপনৰ প্ৰতি অধিক আগ্ৰহী হৈ পৰাৰ ফলত ন্যায় প্ৰদানৰ ক্ষেত্ৰতো পক্ষপাতিত্বমূলক আচৰণ স্পষ্ট হৈছে। ন্যায়ালয়ৰ বিৰুদ্ধে ৰাজহুৱা মন্তব্য কৰি আদালতৰ ৰোষত পৰাৰ ভয়ত সকলোৱে মৌন হৈ থাকে যদিও বিচাৰ ব্যৱস্থাৰ প্ৰতি জনসাধাৰণৰ অনাস্থাই সমাজত যি নেতিবাচক প্ৰভাৱ পেলাইছে সেয়া সঁচাকৈয়ে চিন্তনীয়।

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

September 22, 2026 6:46 pm
বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

September 22, 2026 5:10 pm
‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

September 22, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd