• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জয়মালা বিতৰ্ক আৰু কিছু প্ৰাসংগিক প্ৰশ্ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 6, 2022 8:59 pm
Joymala
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান তামিলনাডুৰ শ্ৰীভিলিপুথুৰ আন্দাল মন্দিৰত বন্দী হৈ থকা অসমৰ জয়মালা নামৰ এটা হাতী সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমতো চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। পশু অধিকাৰ সংগঠন পেটা (পিপল ফৰ এথিকেল ট্ৰিটমেণ্ট অফ এনিমেলছ)- ই এটা ভিডিঅ’ পোষ্ট কৰাৰ পিছত জয়মালাই সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰে। এই ভিডিঅ’টো পশু চিকিৎসা পৰিদৰ্শনৰ সময়ত লোৱা হৈছিল বুলি দাবী কৰা হৈছিল।

পেটাৰ ভিডিঅ’টোত দাবী কৰা হৈছিল যে হাতীটোক মন্দিৰত অবৈধভাৱে ৰখা হৈছে। হাতীটোক কৃষ্ণন কোবিলৰ পৱিত্ৰ গৰ্ভগৃহত প্ৰহাৰ কৰা হৈছে বুলি অভিযোগ কৰি পেটাই ভিডিঅ’টোত লগতে ২০২১ চনত গছত বান্ধি নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছিল বুলিও দাবী কৰিছিল।

Apply Now

অৱশ্যে, তামিলনাডু চৰকাৰে পেটাৰ এই ভিডিঅ’টো ভুৱা বুলি দাবী কৰিছিল। তামিলনাডু চৰকাৰে ৩১ ছেকেণ্ডৰ এটা ভিডিঅ’ টুইট কৰি জয়মালা নামৰ হাতীটো সম্পূৰ্ণৰূপে সুস্থ অৱস্থাত আছে বুলি উল্লেখ কৰিছিল। টুইটটোত পেটাক টেগ কৰি এই ভিডিঅ’টো সোমবাৰে দৃশ্যগ্ৰহণ কৰা হৈছিল বুলি তামিলনাডু চৰকাৰে লগতে দাবী কৰে।

তামিলনাডু চৰকাৰৰ হিন্দু ধৰ্মীয় আৰু দাতব্য এণ্ডোমেণ্ট বিভাগে প্ৰকাশ কৰা ভিডিঅ’টোত এটা হাতীক পুখুৰীত গা ধুই থকা দেখিবলৈ পোৱা গৈছিল।

ইফালে এই বিতৰ্কৰ মাজতে আন্তৰ্জাতিকভাৱে স্বীকৃতিপ্ৰাপ্ত হাতী চিকিৎসক পদ্মশ্ৰী কুশল কোঁৱৰ শৰ্মাকে ধৰি বিশেষজ্ঞৰ এটা দলে তামিলনাডুৰ মন্দিৰত জয়মালা আৰু আন বন্দী হাতীৰ পৰীক্ষা কৰিবলৈ আৰু ৰাজ্যলৈ ঘূৰাই অনাৰ উদ্দেশ্যে চেন্নাইত উপস্থিত হৈছিল।

কিন্তু অসমৰ পৰা যোৱা এই দলটোক জয়মালাৰ লগতে আন হাতীসমূহৰ পৰীক্ষা কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল। অৱশ্যে জয়মালা পৰীক্ষা কৰিবলৈ নাপালেও ডাঃ শৰ্মাই প্ৰচাৰ হোৱা ভিডিঅ’টো পুৰণি বুলি সন্দেহ প্ৰকাশ কৰি জয়মালাক এতিয়া ভাল ব্যৱহাৰ কৰা হৈছে আৰু সঠিকভাৱে যত্ন লোৱা হৈছে বুলি মন্তব্য কৰিছিল।

আনহাতে আন্না জুলজিকেল পাৰ্কৰ সঞ্চালক শ্ৰীনিবাস আৰ ৰেড্ডীয়ে এক বিবৃতি যোগে উল্লেখ কৰিছিল যে ভিডিঅ’টো প্ৰচাৰ হোৱাৰ পিছত অসমৰ পৰা এটা দল তামিলনাডুত উপস্থিত হৈছিল। কিন্তু এই ভিডিঅ’টো পুৰণি আছিল আৰু সেই সময়ত হাতীটোৰ মাউতক তৎক্ষণাৎ বৰ্খাস্ত কৰাৰ লগতে ঘটনাটোত দোষী সাব্যস্ত হোৱা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল বুলি তেওঁ লগতে কয়।

এই সমগ্ৰ ঘটনাৰাজিয়ে স্বাভাৱিকতেই বহুকেইটা প্ৰশ্ন উত্থাপন কৰিছে-

১) যদি তামিলনাডু চৰকাৰৰ দাবী সঁচা হয়, পশু অধিকাৰ সংগঠন পেটাই কিয় এটা পুৰণি ভিডিঅ’ প্ৰচাৰ কৰিছিল?

২) জয়মালাক অত্যাচাৰ কৰাৰ পুৰণি ভিডিঅ’ প্ৰচাৰ কৰি পেটা লাভ কি হ’ব?

৩) যদি পেটাৰ এই ভিডিঅ’টো পুৰণি বা ভুৱা হয়, অসম চৰকাৰে বিশেষজ্ঞৰ দলটোক তামিলনাডুলৈ কিয় তাৎক্ষণিকভাৱে প্ৰেৰণ কৰিছিল?

৪) যদি জয়মালাৰ ভালদৰে চোৱাচিতা কৰা হৈছে, তেন্তে তামিলনাডু চৰকাৰে জয়মালাৰ শাৰীৰিক পৰীক্ষা কৰাৰ বাবে অসমৰ পৰা যোৱা বিশেষজ্ঞৰ দলটোক অনুমতি দিবলৈ কিয় অস্বীকাৰ কৰিছিল?

উল্লেখ্য যে অসমৰ শ শ হাতী তামিলনাডু, কৰ্ণাটক, কেৰালা, গুজৰাট, ৰাজস্থান, বিহাৰ আৰু উত্তৰ প্ৰদেশৰ মন্দিৰত বন্দী হৈ আছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। অসমৰ বন বিভাগে জয়মালাৰ ওপৰত তৎকালীন প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ দৰে এই হাতীসমূহৰ ক্ষেত্ৰতো কোনো ভূমিকা পালন কৰিবনে, সেয়াও লক্ষ্যণীয় হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd