• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তৃণমূল কংগ্ৰেছৰে মিতিৰালি কৰা স্বয়ম্ভু মহাৰাজক বিভ্ৰান্তিকৰ কামকাজ কৰাৰ পৰা আঁতৰি থাকিবলৈ কোচ ৰাজবংশী জাতীয় পৰিষদৰ সকিয়নী

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
September 8, 2022 12:55 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তথাকথিত স্বয়ম্ভু ধৰ্মগুৰু অনন্ত ৰায় ওৰফে নগেন ৰায়ে ওৰফে জাপুৰা ৰায়ে কেইদিনমান আগতে নিজকে কোচ ৰাজবংশী জনগোষ্ঠীৰ ত্ৰাণকৰ্তাৰ ৰূপত জাহিৰ কৰি কোচ বিহাৰ ৰাজ্য গঠন সম্পৰ্কে সম্পূৰ্ণ পৰস্পৰ বিৰোধী মন্তব্যৰে ব্যক্তিস্বাৰ্থ পূৰণৰ বাবে যি উচ্চ বাচ্য কৰিছে তাৰ লগত যে সৰ্বসাধাৰণ কোচ ৰাজবংশীৰ কোনো লেন দেন নাই সেই কথা মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰীয়ে সংবাদমেল যোগে কৰা মন্তব্যৰ পৰাই প্ৰতীয়মান হ’ল বুলি কোচ ৰাজবংশী জাতীয় পৰিষদে এক প্ৰেছ বিবৃতিত উল্লেখ কৰিছে ৷

কোচ ৰাজবংশী জাতীয় পৰিষদৰ যুটীয়া সহকাৰী সাধাৰণ সম্পাদক ভূপেন ৰায় আৰু জগন্নাথ ৰায়ে বিবৃতিটোত কয় যে অনন্ত ৰায় ওৰফে নগেন ৰায় কোনো ৰাজবংশৰ বংশোদ্ভূত বংশধৰ নহয়। এসময়ত ঢালিগাওঁস্থিত বি, আৰ, পি, এল ত চতুৰ্থ শ্ৰেণীৰ ৰিগাৰ হিচাবে কৰ্মৰত ব্যক্তিজনে কেনেকৈ মহাৰাজৰ বিষয়বাব পাইছে সেয়া সচাঁই বিস্ময়কৰ আৰু হাস্যকৰ । ২০১৫ চনতে তদানীন্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙেৰে হোৱা আলোচনাৰ কথা সূদীৰ্ঘ ৭ বছৰ পিছত প্ৰকাশ কৰি অচিৰেই কোচ বিহাৰ কেন্দ্ৰীয়শাসিত ৰাজ্য ঘোষণা কৰাৰ প্ৰতিশ্ৰুতিৰ ঘোষণাৰে সংবাদ শিৰোনামা দখল কৰি কে,এল,অ, আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত শান্তি আলোচনাৰ পৰিৱেশত বিধি পথালি দি বিভিন্ন শ্ৰেণীৰ ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰা ভণ্ড মহাৰাজ তথা ধৰ্ম গুৰুৰ কাৰ্যকলাপক নেতাদ্বয়ে ধিক্কাৰ দি গৰিহণা দিয়ে। নেতাদ্বয়ে কয় যে যোৱা ২৮ আগষ্টত চিৰাং জিলাৰ কদমতলিত আৰু কোচ বিহাৰত কোচ বিহাৰ ৰাজ্যৰ মাৰ্জাৰ চুক্তিৰ আধাৰত যি সমাবেশ পাতি কোচ বিহাৰ কেন্দ্ৰীয়শাসিত ৰাজ্য গঠনৰ লগত অবিভক্ত গোৱালপাৰা জিলাক কোচ বিহাৰ ৰাজ্যৰ লগত সাঙোৰ খুৱাই দাবী উত্থাপন কৰিলে তাৰ ঐতিহাসিক সত্যতা নাই।

Apply Now

স্বয়ম্ভু মহাৰাজ অনন্ত ৰায়ে নাজানে যে সুকীয়া কোচ বিহাৰ ৰাজ্যৰ সমান্তৰাল কৈ সেই সময়ত অবিভক্ত গোৱালপাৰা জিলাৰ চিদলী আৰু বিজনী বুলি দুখন সুকীয়া ৰাজ্য আছিল। স্মৰ্তব্য এইয়ে যে চিদলী ৰাজ্যৰ ৰজা অজিত নাৰায়ণ আৰু বিজনী ৰাজ্যৰ ৰজা ভৈৰৱেন্দ্ৰ নাৰায়ণৰ শাসন কালতে ১৯৫৬ চনত ভাৰত গণতন্ত্ৰৰ সতে চামিল হৈছিল। তেনেস্থলত স্বয়ম্ভু মহাৰাজৰ দাবীৰ কোনো সত্যতা নাই।

তাৰোপৰি কোচ ৰাজবংশী উচ্চ জাতিৰ লোক বুলি কৈ জনজাতিকৰণ কৰিব নালাগে বুলি কোৱা বিতৰ্কিত মন্তব্য উঠাই ল’বৰ বাবে অনন্ত ৰায়ক নেতাদ্বয়ে সকিয়াই দিয়ে। কোচ ৰাজবংশী জাতীয় পৰিষদৰ নেতাদ্বয় ভূপেন ৰায় আৰু জগন্নাথ ৰায়ে মঙলবাৰে কোকৰাঝাৰত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট সভাৰ পিছতে সংবাদমেল যোগে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদক ভূমিৰ অধিকাৰ প্ৰদানৰে আৰু অধিক শক্তিশালী কৰিব বুলি কৰা মন্তব্যক ধন্যবাদ তথা আদৰণি জনাই কয় যে কোচ ৰাজবংশী জাতীয় পৰিষদে ইতিমধ্যেই অবিভক্ত গোৱালপাৰা জিলাৰ ভূমিপুত্ৰ কোচ ৰাজবংশী সকলোক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ লগতে বৰ্তমানৰ কেএচিৰ পৰিসীমা বৃদ্ধি কৰি ভাৰত চৰকাৰৰ সংবিধানৰ ষষ্ঠ অনুসূচিত কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ( কেটিচি) গঠন কৰি কোচ ৰাজবংশী সকলোক সাংবিধানিক সুৰক্ষা দিব লাগে বুলি কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক স্মাৰকপত্ৰ প্ৰদান কৰিছিল ।

অসম আৰু পশ্চিম বংগৰ কোচ ৰাজবংশীসকল স্বয়ম্ভূ মহাৰাজৰ কথাত উৎফুল্লিত হোৱাৰ কাৰণ নাই বুলি অনুকিয়াই নেতাদ্বয়ে মহাৰাজ সম্পৰ্কে পুনৰ কয় য়ে, সহজ সৰল পশ্চিম বংগ আৰু নামনি অসমৰ কোচ ৰাজবংশী সকলোক ধৰ্ম আৰু কোচ বিহাৰ ৰাজ্য গঠনৰ নামত চান্দা তুলি অসম আৰু পশ্চিম বংগত ৰাজ অট্টালিকা সজাই নিজে লাহ-বিলাসত জীৱন কটাই কোচ বিহাৰ ৰাজ্যৰ সপোন দেখুৱাইছে আৰু অসম তথা পশ্চিম বংগৰ কিছু দল-সংগঠন আৰু নেতাই মহাৰাজৰ কাষ চপাতো চৰম হাস্যকৰ। বিবৃতিটোত লগতে বৰ্তমান তৃণমূল কংগ্ৰেছৰে মিতিৰালি কৰা স্বয়ম্ভু মহাৰাজক বিভ্ৰান্তিকৰ কামকাজ কৰাৰ পৰা আঁতৰি থাকিবলৈকো কোচ ৰাজবংশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক নিখিল ৰায়ে কঠোৰ সকীয়নি প্ৰদান কৰিছে ।

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

August 29, 2026 1:48 pm
নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

August 29, 2026 12:44 pm
ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

August 29, 2026 11:57 am
UGC-NET June 2026 Result: ৮৪ টা বিষয়ৰ ফলাফল ঘোষণা, কেনেকৈ চাব পৰীক্ষাৰ ফলাফল?

UGC-NET June 2026 Result: ৮৪ টা বিষয়ৰ ফলাফল ঘোষণা, কেনেকৈ চাব পৰীক্ষাৰ ফলাফল?

August 29, 2026 11:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

August 29, 2026 1:48 pm
নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

August 29, 2026 12:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd