• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি চিনেমা হলত ‘বুলু ফিল্ম’: বিতৰ্কৰ মাজতে বুটলিছে সমালোচকৰ প্ৰশংসা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 9, 2022 1:36 pm
BULU FILM
45
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ভিদকালীন সময়। লকডাউনে কঢ়িয়াই অনা অৰ্থনৈতিক সমস্যাত ভাৰাক্ৰান্ত নিম্ন মধ্যবিত্ত তথা দৰিদ্ৰ ৰাইজ। হেৰুৱাবলগীয়া হৈছে কৰ্মসংস্থান। সমুখত নাই উপাৰ্জনৰ বাবে কোনো বিকল্প পথ। এই সমস্যাতে জৰ্জৰিত নামনি অসমৰ এখন সাধাৰণ গাঁও। মূলত: নিম্ন মধ্যবিত্ত লোকৰ বসতিপ্ৰধান সেই গাঁওখনৰ লোকসকলক জ্বলা-কলা দেখুৱাইছে অবাঞ্চিত লকডাউন পৰিস্থিতিয়ে। গাঁওখনৰ তিনিজন যুৱকেও কৰ্মসংস্থান হেৰুওৱাই উপাৰ্জনৰ পথ বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে।

এনে তীব্ৰ অৰ্থনৈতিক সংকটৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে তিনিও যুৱকে অৱশেষত উপাৰ্জনৰ বিকল্প পথৰ সন্ধান চলাই অৱশেষত ‘ব্লু-ফিল্ম’ নিৰ্মাণৰ পৰিকল্পনা কৰে। সেই ‘ব্লু-ফিল্ম’ ইন্টাৰনেটত আপলোড কৰি অসংখ্য ধন ঘটাৰ সপোনা দেখা তিনিওজন যুৱকে অৱশেষত মুখামুখি হয় এক অভাৱনীয় বাস্তৱৰ। মূলতঃ এই কাহিনীৰে নিৰ্মাণ কৰা হৈছে ‘বুলু ফিল্ম’ নামৰ চিনেমাখন।

Apply Now

এই চিনেমাখন নিৰ্মাণ কৰিছে যুৱ চলচ্চিত্ৰ নিৰ্মাতা হিমাংশু প্ৰসাদ দাসে। ব্যতিক্ৰমী চিন্তা-চৰ্চা আৰু ৰুচিসন্মত কলাত্মক সৃষ্টিৰ বাবে হিমাংশু প্ৰসাদ দাস বৰ্তমান সময়ত যুৱপ্ৰজন্মৰ মাজত বিশেষকৈ অধিক জনপ্ৰিয় হৈ পৰিছে। অৱশ্যে কেৱল যুৱ প্ৰজন্ম বুলিয়ে নহয়, নামী-দামী তাৰকা তথা সমালোচকেও ইতিমধ্যে স্বীকাৰ কৰিছে হিমাংশু প্ৰসাদ দাসৰ পাৰদৰ্শিতাক।

এগৰাকী নাট্যকাৰ হিচাপে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰাৰ পাছত ‘ছাকিৰা আহিব বকুলতলৰ বিহুলৈ’ নামৰ এখন চিনেমাৰে চিনেমাজগতত ভৰি থোৱা হিমাংশু প্ৰসাদ দাসে তাৰ পাতে ‘গৰু’,’হিৰো’ নামৰ আন দুখন চিনেমা নিৰ্মাণ কৰিছিল। এই আটাইকেইখন চিনেমাই চলচ্চিত্ৰ সমালোচকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। ইয়াৰ পাছত এইবাৰ কিছু অন্য ধৰণৰ অথচ মানুহৰ জীৱনৰ ৰুঢ় বাস্তৱৰ সত্যতাক প্ৰতিফলিত কৰা এক কাহিনীৰে হিমাংশু প্ৰসাদ দাসে নিৰ্মাণ কৰিছে ‘বুলু ফিল্ম’।

চিনেমাখনত নাই তেনে কোনো চৰ্চিত নামী-দামী অভিনেতা-অভিনেত্ৰী, কিন্তু অভিনয় কৰা প্ৰতিগৰাকী কলা-কুশলীয়েই প্ৰতিভাৱান আৰু অভিজ্ঞতাসম্পন্ন বুলি ইতিমধ্যে পৰিচালক হিমাংশু প্ৰসাদ দাসে উল্লেখ কৰিছে। অৱেশ্যে দাসৰ এই বক্তব্যক শুদ্ধ প্ৰমাণিত কৰি এইখন চিনেমাই শেহতীয়াকৈ ‘প্ৰাগ চিনে এৱাৰ্ডত’ কেইবাটিও শিতানত বঁটা লাভ কৰিছে। চিনেমাখনে শ্ৰেষ্ঠ চিনেমাৰ বঁটা লাভ কৰাৰ লগতে শ্ৰেষ্ঠ সহ: অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল চিনেমাখনৰ কেন্দ্ৰীয় চৰিত্ৰ ৰূপায়ন কৰা প্ৰনামী বৰাই, শ্ৰেষ্ঠ সহ অভিনেতাৰ বঁটা লাভ কৰিছিল অপুৰ্ব বৰ্মনে, শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা লাভ কৰিছিল হিমাংশু প্ৰসাদ দাস, মহৰ্ষি তুহিন কাশ্যপ আৰু চাংকু নিৰঞ্জন নাথে, শ্ৰেষ্ঠ আৱহ সংগীত বঁটা লাভ কৰিছিল পল্লৱ তালুকদাৰে আৰু শ্ৰেষ্ঠ গীতিকাৰৰ বঁটা লাভ কৰিছিল সাগৰ সৌৰভে।

হিমাংশু প্ৰসাদ দাসৰ কাহিনীৰে নিৰ্মিত চিনেমাখনত পৰিচালক হিমাংশু প্ৰসাদ দাসে এটা মুখ্য চৰিত্ৰ ৰূপায়ন কৰাৰ লগতে অভিনয় কৰিছে প্ৰনামী বৰা, অপুৰ্ব বৰ্মন, চাংকু নিৰঞ্জন নাথ,অনামিকা শৰনীয়া, গৌৰৱজ্যোতি দাস,শিখা ঠাকুৰীয়া আদিয়ে।

হাস্য-ব্যংগ শৈলীৰে আৰম্ভ হোৱা চিনেমাখনে পৰিসমাপ্তিত এক অভাৱনীয় পৰিনাতিত শেষ হয়। ইতিমধ্যেই সমালোচকৰ আদৰ লাভ কৰা চিনেমাখন আজি সমগ্ৰ অসমৰ চিনেমাহলত মুক্তি লাভ কৰিব। অভিনৱ প্ৰচাৰৰ বাবে বিশেষভাৱে চৰ্চিত হিমাংশু প্ৰসাদ দাসে এই চিনেমাখনৰ প্ৰচাৰৰ বাবেও গ্ৰহণ কৰিছিল প্ৰচাৰৰ ন-ন কৌশল। আৰু এইবাবেই চলচ্চিত্ৰ প্ৰেমীৰ মনত উৎসুকতাও সৃষ্টি কৰিছে ‘বুলু ফিল্ম’- এ। অৱশ্যে চিনেমাখনৰ নামটোক লৈ একাংশ লোকে বিষোদগাৰো প্ৰকাশ কৰিছিল। বিতৰ্কৰ মাজলৈ টানি নিছিল চিনেমাখনক। একাংশ লোকে আকৌ চিনেমাখনে অসমীয়া চলচ্চিত্ৰ উদ্যোগটোক বিপথে পৰিচালিত কৰিব বুলিও অতিশয়োক্তি কৰিছিল। পিছে চিনেমাখনৰ এক বিশেষ দৰ্শনীৰ পাছত চলচ্চিত্ৰ সমালোচকৰ মুখত ‘বুলু ফিল্ম’ৰ যথেষ্ট প্ৰশংসাহে শুনিবলৈ পোৱা গৈছে।

পৰিচালক হিমাংশু প্ৰসাদ দাসৰ সাহসী পৰিকল্পনাৰ এই ‘বুলু ফিল্ম’- এ অসমীয়া চলচ্চিত্ৰ উদ্যোগত এক নতুন দিশ মুকলি কৰিব বুলি ইতিমধ্যে ইতিমধ্যে স্বীকাৰ কৰিছে বহুকেইজন সমালোচকে। চিনেমাখনৰ কাহিনীৰ লগতে অভিনয়েও বুটলিছে ভূয়সী প্ৰশংসা। ইয়াৰ পাছতে হিমাংশু প্ৰসাদ দাসৰ আন কেইখন চিনেমাৰ দৰেই ‘বুলু ফিল্ম’-ও যে দৰ্শকৰ মনত সাঁচ বহুৱাব পৰাকৈ এখন কলাত্মক চিনেমা হৈ পৰিব, সেয়া নিশ্চিত হৈ পৰিছে। সততে ‘অসমীয়া চিনেমা ভাল নহয়’ কিম্বা ‘কোনো নতুনত্ব নাই’ বোলা অভিযোগ ‘বুলু ফিল্ম’- এ খণ্ডন কৰিব বুলি চৰ্চা লাভ কৰিছেই। গতিকে চিনেমাখনে সফলতা লাভ কৰিব বুলি আশাবাদী পৰিচালকৰ লগতে চিনেমাখনৰ লগত জড়িত কলা-কুশলীসকলো। বিতৰ্কৰ মাজত সোমাই পৰা চিনেমাখনতনো প্ৰকৃততে আছে কি, সেয়া চাবলৈ চিনেমাপ্ৰেমী সকলক অনুৰোধ জনাইছে পৰিচালক হিমাংশু প্ৰসাদ দাসে। ইতিমধ্যে মুক্তিৰ পূৰ্বেই ৰাজ্যৰ কেইবাঠাইতো চিনেমাখনে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰিৰ বাবে ‘হাউচ ফুল’ হৈ পৰিছে বুলি দাসে লগতে উল্লেখ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

August 4, 2026 12:39 pm
‘মই আগেয়ে ভাবিছিলো…’, বাঁকিপুৰত প্ৰশান্ত কিশোৰৰ জয়ৰ পিছত কি ক’লে অসমীয়া পত্নী জাহ্নৱীয়ে?

‘মই আগেয়ে ভাবিছিলো…’, বাঁকিপুৰত প্ৰশান্ত কিশোৰৰ জয়ৰ পিছত কি ক’লে অসমীয়া পত্নী জাহ্নৱীয়ে?

August 4, 2026 11:31 am
৩ বছৰত দেশত বন্ধ হৈছে শ শ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান! আন্তঃগাঁথনিৰ অভাৱ, কেন্দ্ৰৰ তথ্যক লৈ উদ্বেগ

৩ বছৰত দেশত বন্ধ হৈছে শ শ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান! আন্তঃগাঁথনিৰ অভাৱ, কেন্দ্ৰৰ তথ্যক লৈ উদ্বেগ

August 4, 2026 10:19 am
পাকিস্তানৰ ৩০ সন্ত্ৰাসবাদীক হত্যা’! ভাৰতীয় এজেণ্টৰ নিখুঁত অভিযান, লস্কৰ কমাণ্ডাৰৰ চাঞ্চল্যকৰ দাবী!

পাকিস্তানৰ ৩০ সন্ত্ৰাসবাদীক হত্যা’! ভাৰতীয় এজেণ্টৰ নিখুঁত অভিযান, লস্কৰ কমাণ্ডাৰৰ চাঞ্চল্যকৰ দাবী!

August 4, 2026 9:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

August 4, 2026 12:39 pm
‘মই আগেয়ে ভাবিছিলো…’, বাঁকিপুৰত প্ৰশান্ত কিশোৰৰ জয়ৰ পিছত কি ক’লে অসমীয়া পত্নী জাহ্নৱীয়ে?

‘মই আগেয়ে ভাবিছিলো…’, বাঁকিপুৰত প্ৰশান্ত কিশোৰৰ জয়ৰ পিছত কি ক’লে অসমীয়া পত্নী জাহ্নৱীয়ে?

August 4, 2026 11:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd