• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিলকিছ বানো গোচৰৰ সম্পূৰ্ণ ৰেকৰ্ড দাখিল কৰিবলৈ গুজৰাট চৰকাৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 9, 2022 8:32 pm
Bilkis Bano case
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ইতিহাসৰ এক কলংকিত অধ্যায় গুজৰাটৰ নৃশংস গোধৰা কাণ্ডৰ সময়ত সংঘটিত হোৱা বিলকিছ বানো দলবদ্ধ ধৰ্ষণকাণ্ডৰ দোষীৰ মুক্তিক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ আজি শুনানি গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ে।

শীৰ্ষ আদালতে আজি বিলকিছ বানোৰ গোচৰৰ সম্পূৰ্ণ ৰেকৰ্ড দাখিল কৰিবলৈ গুজৰাট চৰকাৰক নিৰ্দেশ দিয়ে। ন্যায়াধীশ অজয় ৰাস্তোগী আৰু বিভি নাগাৰাথনাৰ বিচাৰপীঠে গুজৰাট চৰকাৰক গোচৰটোৰ সৈতে জড়িত সকলো প্ৰাসংগিক ৰেকৰ্ড দাখিল কৰিবলৈ দুসপ্তাহৰ সময় দিছে।

Apply Now

আজি বিচাৰপীঠে বিলকিছ বানো গোচৰত দোষী সাব্যস্ত হোৱা দোষীৰ মুক্তিৰ বিৰুদ্ধাচাৰণ কৰি গুজৰাট চৰকাৰৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুয়া মৈত্ৰই দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰে।

ইয়াৰ পূৰ্বে শীৰ্ষ আদালতে ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ পলিটব্যুৰো সদস্য সুভাষিনী আলী, সাংবাদিক ৰেৱতী লাউল আৰু সমাজকৰ্মী আৰু অধ্যাপক ৰূপ ৰেখা বাৰ্মাই দাখিল কৰা আবেদনৰ আধাৰত গুজৰাট চৰকাৰলৈ জাননী জাৰি কৰিছিল।

আদালতে তিনি সপ্তাহৰ পিছত গোচৰটোৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ’ব বুলি আজি ঘোষণা কৰিছে।

উল্লেখ্য যে ২০০২ চনৰ গুজৰাটৰ নৃশংস গোধৰা সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত সেই সময়ৰ ২১ বৰ্ষীয় বিলকিছ বানোক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। সেই সময়ত বানো আছিল ৫ মহীয়া গৰ্ভৱতী।

বিলকিছ বানো ধৰ্ষণ গোচৰত ২০০৮ চনত দোষী সাব্যস্ত হোৱা ১১ গৰাকী অভিযুক্তক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছিল যদিও যোৱা মাহত গুজৰাটৰ ৰেহাই নীতিৰ অধীনত আটাইকেইগৰাকী ধৰ্ষণকাৰীকে মুক্তি দিয়া হৈছিল।

গুজৰাট চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। তাৰ পিছতেই শীৰ্ষ আদালতৰ দ্বাৰস্থ হৈছিল কেইবাগৰাকীও মহিলা কৰ্মী।

মানৱ অধিকাৰ কৰ্মী আৰু ইতিহাসবিদসহ ৬,০০০ ৰো অধিক লোকে উচ্চতম ন্যায়ালয়ক গোচৰটোৰ দোষীসকলৰ তাৎক্ষণিকভাৱে মুক্তি প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাই পত্ৰ প্ৰেৰণ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

June 8, 2026 3:14 pm
১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

June 8, 2026 1:43 pm
আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

June 8, 2026 12:46 pm
ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

June 8, 2026 3:14 pm
১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

June 8, 2026 1:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd