কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে এতিয়া এক নতুন নিয়ম প্ৰৱৰ্তন কৰিছে। এতিয়াৰ পৰা চাবোন, শ্বেম্পু, টুথপেষ্টকে ধৰি অন্যান্য প্ৰসাধন সামগ্ৰী আৰু টয়লেট সামগ্ৰী আমিষ নে নিৰামিষ সেই কথা উল্লেখ কৰাটো বাধ্যতামূলক কৰা হৈছে।
এতিয়াৰ পৰা পেকেটত এটা বাধ্যতামূলক চিহ্ন বা চিম্বল দিয়া হ’ব যাতে সামগ্ৰীটো আমিষ নে নিৰামিষ জানিব পৰা হয়। ইয়াৰ জৰিয়তে ক্ৰেতাই নিজৰ পছন্দৰ সামগ্ৰী ক্ৰয় কৰিব পাৰিব।
কি নিয়ম আনিছে চৰকাৰে?
কেন্দ্ৰীয় চৰকাৰে এনেধৰণৰ সামগ্ৰীৰ লেবেল লগোৱাৰ সন্দৰ্ভত নিৰ্দিষ্ট নিয়ম আনিছে। একেদৰে লিগেল মেট্ৰ’লজি (পেকেজড ক’ম’ডিটিজ) নিয়ম, ২০১১ত সংশোধন কৰা হৈছে। এই নতুন নিয়ম সোমবাৰৰ পৰা কাৰ্যকৰী কৰা হৈছে। গতিকে, এতিয়াৰ পৰা কোনো সামগ্ৰী কিনাৰ সময়ত ই আমিষ নে নিৰামিষ সেইটো সহজেই বুজিব পৰা যাব।
আমিষ আৰু নিৰামিষৰ বাবে কোনটো চিহ্ন?
নতুন নিয়ম অনুসৰি নিৰামিষ সামগ্ৰীৰে তৈয়াৰী সামগ্ৰীৰ পেকেটত সেউজীয়া বিন্দু দিব লাগিব। ইয়াৰ দ্বাৰা স্পষ্ট হ’ব যে সামগ্ৰীটো নিৰামিষ। আনহাতে আমিষজাতীয় উপাদানৰে তৈয়াৰী সামগ্ৰীৰ পেকেটত ৰঙা বা বাদামী ৰঙৰ বিন্দু এটা দিব লাগিব। এইদৰেই কেন্দ্ৰীয় চৰকাৰে আমিষ আৰু নিৰামিষজাত সামগ্ৰী চিনাক্ত কৰিব বিচাৰিছে।
চিহ্নটো ক’ত থাকিব?
চৰকাৰে কৈছে যে এই চিহ্ন বা চিম্বলটো পেকেটটোৰ মূল ডিছপ্লে পেনেলৰ একেবাৰে ওপৰত দিব লাগিব। ফলত কোনো সামগ্ৰী ক্ৰয় কৰাৰ সময়ত ক্ৰেতাই সহজেই বুজিব পাৰিব যে সামগ্ৰীটো আমিষ নে নিৰামিষ। ইয়াৰ ফলত সামগ্ৰী ক্ৰয় কৰাৰ সময়ত তেওঁলোকৰ সুবিধা হ’ব।
কোনবোৰ সামগ্ৰীৰ ওপৰত অধিক গুৰুত্ব?
আমিষ আৰু নিৰামিষ বিতৰ্ক এতিয়া তুংগত উপনীত হৈছে। এনে পৰিস্থিতিত নতুন গাইডলাইনত বিশেষভাৱে চাবোন, চেম্পু, টুথপেষ্ট, প্ৰসাধন সামগ্ৰী আৰু টয়লেট সামগ্ৰীৰ কথা উল্লেখ কৰা হৈছে।





