• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

আগন্তুক ৰাজ্যসভা নিৰ্বাচনত উত্তৰ প্ৰদেশত বহুজন সমাজ পাৰ্টিয়ে প্ৰতিনিধিত্ব হেৰুওৱাৰ বিপৰীতে পশ্চিমবংগৰ উপ-নিৰ্বাচনত বিজেপিয়ে তৃণমূল কংগ্ৰেছৰ পৰা আসন কাঢ়ি অনাৰ সম্ভাৱনা

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 22, 2026 2:39 pm
68
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ নিৰ্বাচন আয়োগে মঙলবাৰে দেশৰ তিনিখন ৰাজ্যৰ মুঠ ১২খন ৰাজ্যসভা আসনৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। অহা ১৬ অক্টোবৰত উত্তৰ প্ৰদেশৰ ১০খন আৰু উত্তৰাখণ্ডৰ এখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ লগতে পশ্চিমবংগৰ এখন আসনৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা অনুসৰি, এই নিৰ্বাচনৰ অধিসূচনা ২৯ ছেপ্টেম্বৰত জাৰি কৰা হ’ব আৰু প্ৰাৰ্থীসকলে ৬ অক্টোবৰলৈকে মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। ১৬ অক্টোবৰত ভোটগ্ৰহণৰ লগতে একেদিনাই ভোটগণনা সম্পন্ন কৰা হ’ব।

 

Apply Now

উত্তৰ প্ৰদেশত খালী হ’বলগীয়া ১০খন আসনৰ ভিতৰত আঠখন আসন বৰ্তমান ভাৰতীয় জনতা পাৰ্টিৰ দখলত আছে। ৰাজ্যখনৰ পৰা অৱসৰ গ্ৰহণ কৰিবলগীয়া সাংসদসকলৰ ভিতৰত আছে বিজেপিৰ অৰুণ সিং, গীতা শক্য, নীৰজ শেখৰ, ব্ৰীজলাল, বি এল বাৰ্মা, সীমা দ্বিবেদী আৰু হৰদীপ সিং পুৰী। ইয়াৰ লগতে সমাজবাদী পাৰ্টিৰ ৰামগোপাল যাদৱ আৰু বহুজন সমাজ পাৰ্টিৰ ৰামজী গৌতমেও অৱসৰ গ্ৰহণ কৰিব। আনহাতে, উত্তৰ প্ৰদেশৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী দীনেশ শৰ্মাই আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ লেফটেনেণ্ট গভৰ্ণৰ হিচাপে নিযুক্তি পোৱাৰ পাছত যোৱা ১১ ছেপ্টেম্বৰত পদত্যাগ কৰাৰ ফলত এখন আসন খালী হৈ আছে। আনপিনে, উত্তৰাখণ্ডত বিজেপিৰ সাংসদ নৰেশ বনছালৰ কাৰ্যকাল অন্ত পৰিব আৰু ৰাজ্যখনত বিজেপিয়ে নিজৰ আসনখন অনায়াসে অক্ষুণ্ণ ৰখাৰ সম্ভাৱনা আছে।

 

উত্তৰ প্ৰদেশৰ বৰ্তমানৰ বিধানসভাৰ অংক অনুসৰি, খালী হোৱা ১০খন আসনৰ ভিতৰত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে আঠখন আৰু সমাজবাদী পাৰ্টিয়ে দুখন আসন লাভ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত ৰাজ্যসভাত মায়াৱতী নেতৃত্বাধীন বিএছপিয়ে নিজৰ প্ৰতিনিধিত্ব হেৰুওৱাৰ উপক্ৰম হৈছে, কিয়নো গৌতমে খালী কৰা আসনখন নিজৰ শক্তিৰে দখল কৰিবলৈ দলটোৰ হাতত পৰ্যাপ্ত বিধায়ক নাই। যোৱা আগষ্ট মাহত বিএছপিৰ একমাত্ৰ বিধায়ক উমা শংকৰ সিঙৰ মৃত্যুৰ পাছত বৰ্তমান উত্তৰ প্ৰদেশ বিধানসভাত দলটোৰ কোনো বিধায়ক নাই। ২০২০ চনতো বিএছপিৰ নিজাববীয়াকৈ সাংসদ নিৰ্বাচিত কৰাৰ সংখ্যা নাছিল যদিও বিজেপিয়ে ১০খন আসনৰ বিপৰীতে কেৱল আঠগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰাত বিএছপিৰ ৰামজী গৌতমে জয়লাভ কৰিবলৈ সক্ষম হৈছিল।

 

পশ্চিমবংগৰ ৰাজ্যসভাৰ আসনখনৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব, যিখন আসন যোৱা ১৬ জুলাইত অভিনেত্ৰী কোয়েল মল্লিক নামেৰে জনপ্ৰিয় ৰুক্মিণী মল্লিকৰ পদত্যাগৰ পাছত খালী হৈছিল। এই উপ-নিৰ্বাচনত জয়লাভ কৰা প্ৰাৰ্থীগৰাকীয়ে ২০৩২ চনৰ ২ এপ্ৰিললৈকে অৱশিষ্ট কাৰ্যকালৰ বাবে কাৰ্যনিৰ্বাহ কৰিব। পশ্চিমবংগ বিধানসভাত থকা স্পষ্ট সংখ্যাগুৰিষ্ঠতাৰ ভিত্তিত শাসকীয় বিজেপিয়ে তৃণমূল কংগ্ৰেছৰ পৰা এই আসনখন কাঢ়ি আনিবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে। বৰ্তমান সকলোৰে দৃষ্টি নিৰ্বাচন আয়োগৰ পৰৱৰ্তী অধিসূচনা আৰু ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থী তালিকাৰ ওপৰত নিবদ্ধ হৈ আছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm
পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd