দুধনৈত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিং ভাঙি পানীত পৰিল আৰক্ষীৰ বাহন ৷ পশ্চিম গাৰোপাহাৰ ফুলবাৰীৰ পৰা আচামী লৈ আহি থকাৰ সময়তে এই দুৰ্ঘটনা ঘটে ৷
দুৰ্ঘটনাগ্ৰস্ত বাহন খনত আছিল পলাশবাৰী আৰক্ষী থানাৰ মহিলা সহ ৬ জনীয়া দল ৷ দুৰ্ঘটনাত আহত হৈছে পলাশবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে বিজয়নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীও।
দুৰ্ঘটনাটোত আহত সকল হৈছে জিৱেন্দ্ৰ ব্ৰহ্ম ( ইঞ্চপেক্টৰ/অচি) পলাশবাৰী থানা,
লাবণ্য বড়ো ( ভাৰপ্ৰাপ্ত বিষয়া) বিজয়নগৰ আৰক্ষী চকী, হীৰকজ্যোতি বণিয়া( পলাশবাৰী থানা), মাইনুল হক,দিপালী বৰা ৷ দুৰ্ঘটনাত আহত হৈছে আচামী ইদ্ৰিছ আলীও।