• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

সুন্দৰ পিচাইৰ পইতাচোঁৰা আৰু আমাৰ সমস্যা

ড॰ সত্যজিৎ ভূঞা by ড॰ সত্যজিৎ ভূঞা
September 16, 2022 4:53 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমস্যাৰে ভাৰাক্ৰান্ত জীৱন৷ জীৱন মানেই সমস্যাৰ সমাহাৰ৷ গতিকে সমস্যাৰ সৈতে সহাৱস্থানৰ কৌশল আয়ত্বত নাথাকিলে জীৱন দুৰ্বিসহ হোৱাৰেই পূৰ্ণ সম্ভাৱনা৷ জীৱনৰ সকলো সমস্যাৰ সমাধান যিহেতু অসম্ভৱ, সেয়ে সমস্যাৰ সৈতে সহাৱস্থানেই হ’ব পাৰে মধ্যম পথ৷ সমস্যাৰ স্বৰূপ বিভিন্ন৷ ব্যক্তিগত, পাৰিবাৰিক, কাৰ্যালয়কেন্দ্ৰিক, সামাজিক, প্ৰাদেশিক, ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় ইত্যাদি ইত্যাদি৷ গুগলৰ উচ্চ পদবীত অধিষ্ঠিত ভাৰতীয় অভিযন্তা সুন্দৰ পিচাইৰ এই সম্পৰ্কীয় বক্তব্য বিশেষ প্ৰণিধানযোগ্য৷

আই আই টি, এম আই টিৰ ডিগ্ৰীধাৰী সুন্দৰ পিচাই তীক্ষ্ণধী বক্তাৰূপে বিশ্বত পৰিচিত৷ সমস্যা সম্পৰ্কত বক্তৃতা দিবলৈ গৈ তেওঁ কৈছিল–ৰেস্তোৰাঁ এখনত খাবলৈ বহি থকা মহিলা এগৰাকীৰ গাত হঠাতে পৰিলহি এটা পইতাচোৰা৷ ভয়ত তেওঁ চিঞৰিবৈ ধৰিলে৷ পইতাচোৰাটো এৰুৱাই পেলাবলৈ যত্ন কৰি তেওঁ হাত-ভৰি আচাৰিবলৈ ধৰিলে৷ লগতে চিঞৰ৷ মহিলাগৰাকীৰ প্ৰতিক্ৰিয়া মুহূৰ্ততে তেওঁৰ লগৰ মহিলাসকললৈ সংক্ৰমিত হ’ল৷ সকলোৱে ইচ্‌ আচ্‌ কৰা, মুখ বিকটোৱা, হাত-ভৰি আচাৰিবলৈ আৰম্ভ কৰি দিলে৷ অৱশেষত মহিলাগৰাকীয়ে পইতাচোঁৰাটো এৰুৱাবলৈ সক্ষম হ’ল৷

Apply Now

কিন্তু সেইটো গৈ পৰিল আন এগৰাকী মহিলাৰ ওপৰত৷ নাটকখন আকৌ চলিল৷ ৰেস্তোৰাঁৰ পৰিচাৰিকা গৰাকী তেওঁলোকৰ সহায়ৰ বাবে আগুৱাই আহিল৷ পইতাচোঁৰা দলিওৱাৰ ৰিলে ৰেচত পইতাচোঁৰাটো এইবাৰ গৈ পৰিলগৈ পৰিচাৰিকাজনৰ ওপৰত৷ তেওঁ কিন্তু লৰচৰ নকৰাকৈ নিৰ্ভয়ে তাৰ চোলাটোৰ ওপৰত থকা পইতাচোঁৰাটোৰ গতিবিধি লক্ষ্য কৰিলে৷ তাৰ পিছত প্ৰবল আত্মবিশ্বাসেৰে তেওঁ পইতাচোঁৰাটো দুই আঙুলিৰে ধৰি ৰেস্তোৰাঁৰ বাহিৰলৈ দলিয়াই দিলে৷

কফিত চুমুক দি নাটক চাই থকা পিচাইৰ প্ৰশ্ন– মহিলাসকলৰ তেনে ব্যৱহাৰৰ বাবে পইতাচোঁৰাটো সঁচাকৈ দায়ীনে? যদি পইতাচোঁৰাই দায়ী, পৰিচাৰিকাজনৰ তেনে অশান্তি নহ’ল কিয়? কোনো নতুন সমস্যাৰ সৃষ্টি নকৰি পৰিচাৰিকাজনে সেই অবাঞ্ছিত পৰিস্থিতি দক্ষতাৰে নিয়ন্ত্ৰণ কৰা নাছিলনে? পিচায়ে ক’ব খোজে, পইতাচোঁৰাটো সমস্যা নহয়, অনাহূত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নজনাটোহে আচল সমস্যা৷ মা, দেউতা, পত্নী বা ওপৰৱালাৰৰ গালি মোৰ সমস্যা নে তাক নোহোৱা কৰিবলৈ প্ৰয়োজন হোৱা সামৰ্থ্য মোৰ ক্ষেত্ৰত নথকাটোহে মোৰ সমস্যা?

পিচায়ে ক’ব খোজা প্ৰকৃত সত্যটো হৈছে– সমস্যাতকৈ অধিক অশান্তিৰ কাৰক হৈছে সমস্যাৰ প্ৰতি ব্যক্তিৰ প্ৰতিক্ৰিয়া৷ প্ৰতিক্ৰিয়াই জীৱন কৰি তুলিব পাৰে অধিক দুৰ্বিসহ৷ প্ৰয়োজনীয় বস্তুটো হৈছে সমস্যাৰ প্ৰতি উচিত সঁহাৰি৷ উচিত সঁহাৰিয়ে অসুবিধাৰ কাৰক প্ৰতিহত কৰিব পাৰে৷ পৰিচাৰকজনে ‘পইতাচোঁৰা’ৰ অসুবিধাটোৰ প্ৰতি উচিত সঁহাৰি প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নাছিলনে?

আমাৰ সমগ্ৰ জীৱনটোৱেই এনেকুৱা৷ সময়ে সময়ে নানা অসুবিধাই আমাক ভাৰাক্ৰান্ত কৰে৷সেইবোৰৰ প্ৰতি প্ৰতিক্ৰিয়া নহয়, আমি প্ৰদৰ্শন কৰিব লাগে উচিত সঁহাৰি৷ ইলেক্টিক শ্বক্‌ খোৱা মানুহজনৰ প্ৰতি আমাৰ সঁহাৰি কি হ’ব? সমুখতে হোৱা দুৰ্ঘটনা এটাত, ফেইল কৰি আত্মহত্যাৰ পথ লোৱা শিক্ষাৰ্থী এজনৰ ক্ষেত্ৰত, জীৱন যুদ্ধত কোঙা হৈ হতাশাগ্ৰস্ত লোক এজনৰ ক্ষেত্ৰত, উগ্ৰমূৰ্তি ধাৰণ কৰা অফিচৰ ওপৰৱালাৰ সন্মুখত আমাৰ সঁহাৰি কেনে হ’ব? প্ৰতিক্ৰিয়াই সেইবোৰত একো সুফল নিদিয়ে৷ কিন্তু শুদ্ধ সঁহাৰিৰ বাবে ভিতৰৰপৰা ব্যক্তি আগ্ৰহী, পটু, সাহসী, তীক্ষ্ণধী হ’ব লাগিব৷ উপস্থিত বুদ্ধিৰ প্ৰয়োজন হ’ব৷ তাৰ বাবে উচিত শাৰীৰিক-মানসিক চৰ্চা লাগিব৷ বহু ক্ষেত্ৰত সময়ৰ নাটনি হয়৷ সঁহাৰি অতি কম সময়ত দিব পাৰিব লাগিব৷ অবিলম্ব প্ৰতিক্ৰিয়া অতি জৰুৰী৷

চৰায়ে খুন্দিওৱা বিমান এখন দুজন পাইলটে উপযুক্ত সঁহাৰিৰে হাডচন নৈৰ জলপৃষ্ঠত নমাইছিল৷ বহু লোকৰ জীৱন তেনেদৰেই বাচিছিল৷ যুদ্ধ ক্ষেত্ৰত বহু সৈনিকে তেনে উচিত সঁহাৰিৰে বহু জটিল সমস্যাৰ সহজ সমাধান সম্ভৱ কৰি তুলিছিল৷ শুদ্ধ প্ৰতিক্ৰিয়াৰে কামটো সমাপণ কৰিবলৈ গৈ বহু ক্ষেত্ৰত চিন্তা-চৰ্চা কৰি থাকোঁতেই বহু সময় পাৰ হৈ যায়৷ জীৱনত অনেক ক্ষেত্ৰত শুদ্ধ সমাধানতকৈও অধিক প্ৰয়োজন খৰতকীয়া সমাধান বা প্ৰতিক্ৰিয়া৷ লাগিলে তেওঁ সমাধানত ভুল থাকিলে পৰৱৰ্তী এটা পৰ্যায়ত শুদ্ধিকৰণৰ কাম কৰিব পৰা যাব৷ অৱশ্যে এই দুয়োটা সমস্যা সমাধান পদ্ধতিক কেন্দ্ৰ কৰি বিতৰ্কৰ অৱকাশ সদায়েই থাকিব৷

[ড॰ ভূঞা অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ বৈদ্যুতিক বিভাগৰ অধ্যাপক আৰু ‘ট্ৰেইনিং এণ্ড প্লেচমেণ্ট বিষয়া৷ Email : satyajitbhuyan১৯৬২@gmail.com]

ড॰ সত্যজিৎ ভূঞা

ড॰ সত্যজিৎ ভূঞা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd