• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতাৰণাঃ বঙাইগাঁৱত ৰাজপথত প্ৰধানমন্ত্ৰী,জনজাতি পৰিক্ৰমা মন্ত্ৰী তথা মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
September 16, 2022 5:11 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বুধবাৰে অনুষ্ঠিত কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট বৈঠকত পাঁচখন ৰাজ্যৰ ১৫ টাকৈ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদানৰ বাবে অনুমোদন জনোৱাৰ পিচতে ক্ষুদ্ধ হৈ পৰিছে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা ৷ দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ মৰ্যাদা বিচাৰি আন্দোলন কৰি অহা অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত এইদৰে বাৰে বাৰে চৰকাৰে প্ৰতাৰণা কৰি অহাত পুনৰ তীব্ৰ আন্দোলন গঢ়ি তোলাৰ লগতে নিৰ্বাচনত বিজেপি চৰকাৰক এসেকা দিয়াৰ হুংকাৰ দিছে সংগঠনটোৱে ৷

লগতে কোচ ৰাজবংশীকে ধৰি অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰাত ক্ষুদ্ধ আক্ৰাছুই বঙাইগাঁৱৰ ৰাজপথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা আৰু টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত আক্ৰাছুৰ মুখ্য কাৰ্যালয়ৰ সন্মুখৰ মূল ৰাজপথত বঙাইগাঁও জিলা আক্ৰাছুৰ উদ্যোগত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত আক্ৰাছুৰ আন এটা গোটৰ সভাপতি বলোৰাম ৰায় আদিয়েও অংশগ্ৰহণ কৰে ৷

Apply Now

আক্ৰাছু নেতা- কৰ্মীসকলে পুত্তলিকা আৰু টায়াৰ জ্বলাই নৰেন্দ্ৰ মোদী হায় হায়, বিজেপি চৰকাৰ গ’ বেক, নৰেন্দ্ৰ মোদী গ’ বেক, ন এছ টি ন ৰেষ্ট, হিমন্ত বিশ্ব শৰ্মা গ’ বেক, ইউ ৱান এছ টি , এছ টি আমাক লাগিবই আদি বিভিন্ন শ্লোগান দি ৰাজপথ উত্তাল কৰি তোলে ৷ ইপিনে প্ৰতিবাদী কাৰ্যসূচীত৷অংশগ্ৰহণ কৰি আক্ৰাছুৰ সভাপতি ক্ষীতিশ বৰ্মনে সংবাদ মাধ্যমৰ আগত কয় যে কেন্দ্ৰীয় চৰকাৰে পাঁচখন ৰাজ্যৰ যিকেইটা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ বাবে যি প্ৰস্তাৱ গ্ৰহণ কৰিছে তাক আমি ধন্যবাদ জনাইছো ৷ কিন্তু কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাই জনা স্বত্বেও তেওঁলোকে এইদৰে ওলোমাই কিয় ৰাখিছে? তেওঁলোকে বাৰম্বাৰ কৈ আহিছে যে কোচ ৰাজবংশী জনগোষ্ঠীক আমি জনজাতিকৰণ কৰিম ৷

আনকি বঙাইগাঁৱৰ কাকৈজানাত অনুষ্ঠিত নিৰ্বাচনী সভাত নৰেন্দ্ৰ মোদীয়ে নিজেই বিজেপি চৰকাৰ শাসনলৈ আহিলে ছয় মাহৰ ভিতৰত কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰিব বুলি কৈছিল ৷ কিন্তু এইবোৰ সকলো ফুটুকাৰ ফেন হ’ল ৷ গোটাত মিছা কথা কলে প্ৰধানমন্ত্ৰীয়ে ৷ তাৰ পিচক ২০১৯ চনত বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী গোটৰ অধ্যক্ষ হৈ জনজাতিকৰণৰ প্ৰতিবেদন প্ৰস্তুত কৰাৰ বাবে যি দায়িত্ব লৈছিল সেই প্ৰতিবেদন আজিলৈকে প্ৰস্তুত কৰিব নোৱাৰিলে ৷ বুধবাৰে কেন্দ্ৰীয় চৰকাৰে অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ বিষয়টো জনা স্বত্বেও পুনৰ বাৰ কেন্দ্ৰীয় চৰকাৰে জনগোষ্ঠীটোক জনজাতিকৰণৰ ক্ষেত্ৰত বঞ্চিত কৰিলে ৷ কেৱল তেওঁলোকে আমাক মিছা কথাৰে ইমান দিনে আভাৱাভাৰি থাকি পুনৰ ঠগিলে আৰু সেয়া স্পষ্ট হৈ পৰিছে ৷

সেয়া বিজেপি চৰকাৰক আমি সকিয়াই দিব বিচাৰিছো যে অনাগত দিনত তীব্ৰ আন্দোলন গঢ়ি তুলিম ৷ লগতে চৰকাৰক কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ২৪ ঘণ্টাৰ ভিতৰত স্থিতি স্পষ্ট কৰিবলৈকো দাবী জনায় ৷ অন্যথা ‌‌২৪ ঘণ্টীয়া বন্ধৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও কয় ৷ আনহাতে আক্ৰাছুৰ আন এটা গোটৰ সভাপতি বলোৰাম ৰায়ে কেন্দ্ৰীয় চৰকাৰে নতুনকৈ যিকেইটা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে তাক আদৰণি জনায় যদিও তাৰ সমান্তৰালভাৱে অসমৰ ছয় জনগোষ্ঠীৰ যি দীৰ্ঘদিনীয়া দাবী তাক নস্যাৎ কৰাত চৰকাৰক ধিক্কাৰ আৰু গৰিহণা দিয়ে ৷ সভাপতিগৰাকীয়ে কয় যে এই কেবিনেটৰ জৰিয়তে অসমৰ ছয় জনগোষ্ঠীকো জনজাতিকৰণৰ বিধেয়কখন অনুমোদন জনাব লাগে ৷

কাৰণ ২০১৯ চনত যেতিয়া অসমত ‘কা’ আন্দোলন চলি আছিল তেতিয়া কিন্তু ‘কা ‘ আন্দোলন ৰোধ কৰাৰ ক্ষেত্ৰত অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ বাবে ৰাজ্য সভাত বিধেয়ক উত্থাপন কৰিছিল ৷ কিন্তু তাৰ বাস্তৱ পদক্ষেপ চৰকাৰে গ্ৰহণ কৰা আমি দেখা নাই ৷ আমি চৰকাৰক সকিয়াই দিছো যাতে কোচ ৰাজবংশীকে ধৰি অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিতৰণকলৈ ভেকোভাওনা নকৰে আৰু ৰাজনৈতিক বৈতৰণী পাৰ হোৱাৰ বাবে ব্যৱহাৰ নকৰে ৷ জাতি – জনগোষ্ঠীৰ মান- মৰ্যাদা ৰক্ষা কৰি চৰকাৰ চলাওক ৷ আপোনালে খিলঞ্জীয়াৰ কথা কোৱা চৰকাৰ, হিন্দুত্বৰ কথা কোৱা চৰকাৰ ৷ কিন্তু খিলঞ্জীয়াৰ সপক্ষে কি কাম কৰিছে আমি দেখিবলৈ পাইছো ৷ সেয়ে আমি চৰকাৰক আহ্বান জনাইছো তথা আশা ৰাখিছো যে কোচ ৰাজবংশী জনগোষ্ঠীৰ যিখিনি সমস্যা আছে সেইখিনি সমাধান কৰি দিব ৷ আনহাতে বঙাইগাঁও জিলা আক্ৰাছুৰ সভাপতি সঞ্জীৱ কুমাৰ ৰায় আৰু সাধাৰণ সম্পাদক শিৱেন নাৰায়ণ দেৱে এক প্ৰেছ বিবৃতিত কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিতৰণ নকৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দি কয় যে জনজাতিকৰণৰ বৈশিষ্টসমূহ থকাৰ পিচতো একমাত্ৰ ৰাজ্য চৰকাৰৰ হেমাহী আৰু সদিচ্ছাৰ অভাৱৰ লগতে কেন্দ্ৰীয় চৰকাৰে জনজাতিকৰণৰ বিষয়টোকলৈ নিৰ্বাচনী ইছ্যু কৰি ভোট বেংকৰ স্বাৰ্থত কোচ ৰাজবংশী জনসাধাৰণক প্ৰতাৰণা কৰি আহিছে ৷

বিবৃতিটোত জিলা সমিতিৰ নেতৃত্বই কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটত পাঁচখন ৰাজ্যৰ যিকেইটা জনগোষ্ঠীক অনুসূচীত জনজাতিৰ শ্ৰেণীভূক্ত কৰিবলৈ অনুমোদন জনাইছে তাক আদৰণি জনায় ৷ অৱশ্যে তাৰ সমান্তৰালভাৱে কয় যে এয়া অতি পৰিতাপৰ কথা যে কোচ ৰাজবংশীকে ধৰি অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ তালিকাভুক্ত কৰাত কেন্দ্ৰীয় কেবিনেটে অগ্ৰাহ্য কৰিলে ৷ এয়া কোনো কাৰণতে সহ্য কৰা নহ’ব বুলিও চৰকাৰক সকিয়াই দিয়ে ৷ উল্লেখ্য যে এই প্ৰতিবাদী কাৰ্যসূচীৰ পূৰ্বে পুৱাৰ ভাগত আক্ৰাছু, আছা আৰু চাওতাল ছাত্ৰ সন্থাৰ তৰফৰ পৰা বৰপাৰা ৰাজহুৱা খেল পথাৰত কেইবাজনো নেতা- কৰ্মী উপস্থিত হৈ কেন্দ্ৰীয় চৰকাৰে ছয় জনগোষ্ঠীক কৰা প্ৰতাৰণাৰ প্ৰতিবাদ জনায় ৷ আছাৰ বঙাইগাঁও জিলা সমিতিৰ সভাপত অমৃত জ’জোই সংবাদ মাধ্যমৰ আগত কয় যে আমি আদিবাসীসকলক জনজাতিকৰণৰ বাবে দীৰ্ঘদিন ধৰি চৰকাৰৰ ওচৰত দাবী জনাই অহাৰ লগতে স্মাৰক পত্ৰ প্ৰদান কৰিছো, আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছো ৷ কিন্তু চৰকাৰে কেৱল আমাক দীৰ্ঘদিন ধৰি প্ৰতিশ্ৰুতিয়ে দি আহিছে ৷ ফলাফল একো পোৱা নাই ৷ ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ অহাৰ সময়ত কৈছিল চৰকাৰ গঠন হলে জনজাতিকৰণ কৰিব বুলি ৷ সেইদৰে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিল যে জনজাতিকৰণৰ হেনো ৯০ শতাংশ কাম হৈ গৈছে ৷ কেৱল ১০ শতাংশ কাম বাকী আছে ৷ কিন্তু এই ১০ শতাংশ কাম ক’ত ৰৈ আছে আমি নাজানো ৷ আমি কোনো নতুন বস্তু বিচৰা নাই ৷ সংবিধানৰ আধাৰত আমি দনজাতিকৰণ বিচাৰিছো ৷ কাৰো পৈতৃক সম্পত্তি বিচৰা নাই ৷ জনজাতিকৰণৰ নোহোৱাৰ বাবে আমি ৰাজনৈতিক তথা সকলো ক্ষেত্ৰতে বঞ্চিত হৈ আছো ৷ সেয়ে আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক ৷

অন্যথা আমি আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ম আৰু তাৰ বাবে অসম চৰকাৰ জগৰিয়া হ’ব বুলিও কয় ৷ সেইদৰে চিৰাং জিলা চাওতাল ছাত্ৰ সন্থাৰ সভাপতি ছলমান মুৰ্মুই অসমৰ চাওতাল, উৰাও,মুণ্ডা তথা ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো যে কেন্দ্ৰৰ মজিয়ালৈ গৈ নাপালে তাৰ বাবে ধিক্কাৰ দিয়ে ৷ 

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd